--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল  ডেস্কঃ ঘৰটো ধুনীয়া কৰিবলৈ মানুহে নিজৰ ঘৰত বিভিন্ন ধৰণৰ শ্ব’পিচ আৰু ছবি আদি ৰাখে। বাস্তু শাস্ত্ৰৰ মতে ঘৰত সজ্জা হিচাপে ব্যৱহাৰ কৰা বস্তুবোৰ ব্যক্তিৰ জীৱনৰ লগত জড়িত। বাস্তুৰ মতে শুভ বস্তুবোৰে আপোনাৰ জীৱনলৈ ইতিবাচকতা আনে। একে সময়তে ঘৰত থোৱা কিছুমান ছবিয়েও আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। 

এনে বহুতো শুভ আৰু অশুভ কথা বস্তুত বিতংভাৱে কোৱা হৈছে। তেনে এটা বস্তু হ’ল কামধেনু গৰুৰ মূৰ্তি। বাস্তুৰ মতে ঘৰত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়। ঘৰত কামধেনু গৰুৰ মূৰ্তি সঠিক দিশত ৰাখিলে ঘৰত সুখ, সমৃদ্ধি আৰু সু ভৱিষ্যৎ জীৱন সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। লগতে পৰিয়ালৰ সদস্যসকলে সদায় সুখী জীৱন যাপন কৰে বুলি বিশ্বাস প্ৰচলিত। কামধেনু গৰু বিশেষত্বৰ বিষয়ে জানো আহক...

বাস্তু শাস্ত্ৰৰ মতে যদি আপুনি কামধেনু গৰুৰ মূৰ্তি ঘৰত ৰাখিব বিচাৰে তেন্তে উত্তৰ-পূব দিশত ৰাখক। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে দেৱতাসকলে এই দিশত বাস কৰে। ইয়াক আটাইতকৈ পবিত্ৰ স্থান হিচাপেও গণ্য কৰা হয়। এনে অৱস্থাত এই দিশত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো আপোনাৰ বাবে শুভ হ’ব।

বাস্তু শাস্ত্ৰৰ মতে পূজাঘৰত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰিব পাৰি। ইয়াৰ বাহিৰেও আপুনি আপোনাৰ ঘৰৰ মূল দুৱাৰত এই মূৰ্তিটো স্থাপন কৰিব পাৰে।

বাস্তু শাস্ত্ৰৰ মতে, যিকোনো ধাতুৰ কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰিব পাৰি। যদি আপুনি ধাতুৰ মূৰ্তি এটা ৰাখিব পৰা নাই, তেন্তে আপুনি এখন স্বাভাৱিক কামধেনুৰ ছবিও ৰাখিব পাৰে।

যিটো ঘৰত কামধেনু গৰুৰ আশীৰ্বাদ থাকে, সেই ঘৰৰ সদস্যসকলে কেতিয়াও কোনো ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন নহয় বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে কামধেনু গৰুত মা দুৰ্গা, মা লক্ষ্মী আৰু দেৱী সৰস্বতী গুণ আছে। এনে অৱস্থাত কামধেনু গৰুৰ ছবি লগালেও বহু উপকাৰ পোৱা যায়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?