--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল  ডেস্কঃ ঘৰটো ধুনীয়া কৰিবলৈ মানুহে নিজৰ ঘৰত বিভিন্ন ধৰণৰ শ্ব’পিচ আৰু ছবি আদি ৰাখে। বাস্তু শাস্ত্ৰৰ মতে ঘৰত সজ্জা হিচাপে ব্যৱহাৰ কৰা বস্তুবোৰ ব্যক্তিৰ জীৱনৰ লগত জড়িত। বাস্তুৰ মতে শুভ বস্তুবোৰে আপোনাৰ জীৱনলৈ ইতিবাচকতা আনে। একে সময়তে ঘৰত থোৱা কিছুমান ছবিয়েও আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। 

এনে বহুতো শুভ আৰু অশুভ কথা বস্তুত বিতংভাৱে কোৱা হৈছে। তেনে এটা বস্তু হ’ল কামধেনু গৰুৰ মূৰ্তি। বাস্তুৰ মতে ঘৰত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়। ঘৰত কামধেনু গৰুৰ মূৰ্তি সঠিক দিশত ৰাখিলে ঘৰত সুখ, সমৃদ্ধি আৰু সু ভৱিষ্যৎ জীৱন সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। লগতে পৰিয়ালৰ সদস্যসকলে সদায় সুখী জীৱন যাপন কৰে বুলি বিশ্বাস প্ৰচলিত। কামধেনু গৰু বিশেষত্বৰ বিষয়ে জানো আহক...

বাস্তু শাস্ত্ৰৰ মতে যদি আপুনি কামধেনু গৰুৰ মূৰ্তি ঘৰত ৰাখিব বিচাৰে তেন্তে উত্তৰ-পূব দিশত ৰাখক। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে দেৱতাসকলে এই দিশত বাস কৰে। ইয়াক আটাইতকৈ পবিত্ৰ স্থান হিচাপেও গণ্য কৰা হয়। এনে অৱস্থাত এই দিশত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো আপোনাৰ বাবে শুভ হ’ব।

বাস্তু শাস্ত্ৰৰ মতে পূজাঘৰত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰিব পাৰি। ইয়াৰ বাহিৰেও আপুনি আপোনাৰ ঘৰৰ মূল দুৱাৰত এই মূৰ্তিটো স্থাপন কৰিব পাৰে।

বাস্তু শাস্ত্ৰৰ মতে, যিকোনো ধাতুৰ কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰিব পাৰি। যদি আপুনি ধাতুৰ মূৰ্তি এটা ৰাখিব পৰা নাই, তেন্তে আপুনি এখন স্বাভাৱিক কামধেনুৰ ছবিও ৰাখিব পাৰে।

যিটো ঘৰত কামধেনু গৰুৰ আশীৰ্বাদ থাকে, সেই ঘৰৰ সদস্যসকলে কেতিয়াও কোনো ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন নহয় বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে কামধেনু গৰুত মা দুৰ্গা, মা লক্ষ্মী আৰু দেৱী সৰস্বতী গুণ আছে। এনে অৱস্থাত কামধেনু গৰুৰ ছবি লগালেও বহু উপকাৰ পোৱা যায়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে