--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত কোনো এবিধ বস্তুৱেই স্থায়ী নহয়। কিন্তু একো একোটা নির্দিষ্ট সময়ৰ বাবে সকলো বস্তুৱেই ইয়াৰ স্থায়িত্ব বজাই ৰাখিব পাৰে। পৰিৱেশ, পৰিস্থিতি, কাল, ক্ষণ আদিৰ ওপৰত নিৰ্ভৰ কৰি এনে স্থায়িত্ব বেলেগ বেলেগ হ'ব পাৰে। গৃহ নিৰ্মাণ সদায় কৰা কাৰ্য নহয়। এবাৰ ঘৰ এটা তৈয়াৰ কৰাৰ পিছত সেই ঘৰটো দীর্ঘস্থায়ী হোৱাটো গৃহস্থই সদায় কামনা কৰে।

বাস্তুশাস্ত্ৰ অনুসৰি গৃহ এটাৰ স্থায়িত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ কেতবোৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইক্ষেত্ৰত গ্ৰহ আদিৰ অৱস্থাৰ বিষয়সমূহো বিশেষভাৱে মন কৰিবলগীয়া কথা।

গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত যদি বৃহস্পতি, ৰবি, শুক্র আৰু শনি গ্রহকেইটা ক্ৰমে লগ্নৰ ষষ্ঠ, সপ্তম, চতুৰ্থ আৰু তৃতীয় স্থানত থাকে তেন্তে সেই গৃহ শতব ছৰ ধৰি স্থায়ী হৈ থাকে যদি লগ্নত শুক্র, বৃহস্পতি সপ্তম স্থানত থাকে তেতিয়াহ'লে সেই গৃহ শতবছৰ স্থায়ী হোৱাৰ লগতে গৃহস্থৰ আয়ুসো বৃদ্ধি পায়। যদি লগ্নত ৰবি তৃতীয়ত, মংগল ষষ্ঠত, বৃহস্পতি পঞ্চমত থাকে, তেন্তে সেই গৃহৰ স্থায়িত্ব বৃদ্ধি পায় ।

যদি লগ্নত বৃহস্পতি সপ্তমত, চন্দ্ৰ দশমত অৱস্থান কৰে, তেন্তে সেই সময়ত নিৰ্মাণ কৰা গৃহই হেজাৰ বছৰ স্থায়িত্ব লাভ কৰে।

যদি লগ্নত সপ্তমত বৃহস্পতি, দশমত বুধ নাইবা শুক্র থাকে তেন্তে সেই লগ্নত নিৰ্মাণ কৰা গৃহ প্রায় ৫০০ বছৰ স্থায়ী হৈ থাকে ।

যদি লগ্নত বৃহস্পতি চতুর্থত, চন্দ্ৰ দশমত, শনি বা মঙলে একাদশত অৱস্থান কৰে তেন্তে সেই সময়ত নিৰ্মাণ কৰা ঘৰ ১০০ বছৰতকৈ কম সময় স্থায়ী হৈ থাকে।

গৃহ প্ৰৱেশৰ সময়ত বা কলহত পূজা কৰা হয়। সেই কলহটো ঘৰৰ উত্তৰ পূব অথবা ঈশাণ দিশত সংৰক্ষণ কৰিব লাগে। বাস্ত পূজাত ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী আদি পূজা শেষ হোৱাৰ পিছত বিসর্জন দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু