--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত কোনো এবিধ বস্তুৱেই স্থায়ী নহয়। কিন্তু একো একোটা নির্দিষ্ট সময়ৰ বাবে সকলো বস্তুৱেই ইয়াৰ স্থায়িত্ব বজাই ৰাখিব পাৰে। পৰিৱেশ, পৰিস্থিতি, কাল, ক্ষণ আদিৰ ওপৰত নিৰ্ভৰ কৰি এনে স্থায়িত্ব বেলেগ বেলেগ হ'ব পাৰে। গৃহ নিৰ্মাণ সদায় কৰা কাৰ্য নহয়। এবাৰ ঘৰ এটা তৈয়াৰ কৰাৰ পিছত সেই ঘৰটো দীর্ঘস্থায়ী হোৱাটো গৃহস্থই সদায় কামনা কৰে।

বাস্তুশাস্ত্ৰ অনুসৰি গৃহ এটাৰ স্থায়িত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ কেতবোৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইক্ষেত্ৰত গ্ৰহ আদিৰ অৱস্থাৰ বিষয়সমূহো বিশেষভাৱে মন কৰিবলগীয়া কথা।

গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত যদি বৃহস্পতি, ৰবি, শুক্র আৰু শনি গ্রহকেইটা ক্ৰমে লগ্নৰ ষষ্ঠ, সপ্তম, চতুৰ্থ আৰু তৃতীয় স্থানত থাকে তেন্তে সেই গৃহ শতব ছৰ ধৰি স্থায়ী হৈ থাকে যদি লগ্নত শুক্র, বৃহস্পতি সপ্তম স্থানত থাকে তেতিয়াহ'লে সেই গৃহ শতবছৰ স্থায়ী হোৱাৰ লগতে গৃহস্থৰ আয়ুসো বৃদ্ধি পায়। যদি লগ্নত ৰবি তৃতীয়ত, মংগল ষষ্ঠত, বৃহস্পতি পঞ্চমত থাকে, তেন্তে সেই গৃহৰ স্থায়িত্ব বৃদ্ধি পায় ।

যদি লগ্নত বৃহস্পতি সপ্তমত, চন্দ্ৰ দশমত অৱস্থান কৰে, তেন্তে সেই সময়ত নিৰ্মাণ কৰা গৃহই হেজাৰ বছৰ স্থায়িত্ব লাভ কৰে।

যদি লগ্নত সপ্তমত বৃহস্পতি, দশমত বুধ নাইবা শুক্র থাকে তেন্তে সেই লগ্নত নিৰ্মাণ কৰা গৃহ প্রায় ৫০০ বছৰ স্থায়ী হৈ থাকে ।

যদি লগ্নত বৃহস্পতি চতুর্থত, চন্দ্ৰ দশমত, শনি বা মঙলে একাদশত অৱস্থান কৰে তেন্তে সেই সময়ত নিৰ্মাণ কৰা ঘৰ ১০০ বছৰতকৈ কম সময় স্থায়ী হৈ থাকে।

গৃহ প্ৰৱেশৰ সময়ত বা কলহত পূজা কৰা হয়। সেই কলহটো ঘৰৰ উত্তৰ পূব অথবা ঈশাণ দিশত সংৰক্ষণ কৰিব লাগে। বাস্ত পূজাত ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী আদি পূজা শেষ হোৱাৰ পিছত বিসর্জন দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ