--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায়ে সকলোৰে বাৰীত নয়নতৰা ফুল দেখিবলৈ পোৱা যায়। কোনো বিশেষ যত্নৰ অবহিনেই এই ফুল খুব সহজেই হোৱা দেখা যায়। এই ফুল সুগন্ধিবিহীন হোৱাৰ বাবেই মানুহ ইয়াৰ প্ৰতি আকৰ্ষিত কমকৈ হয়, কিন্তু আপুনি জানেনে যে এই ফুল সুগন্ধিবিহীন হ’লেও কিন্তু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত ই অতি ফলপ্ৰসূ। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধতকৈ কোনো গুণে কম নহয় নয়নতৰা ফুল। নয়নতৰা ফুলে স্বাস্থ্যৰ বাবে কেনেভাৱে উপকাৰী জানো আহক?

 ১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-

শৰীৰত তেজৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ডায়েবেটিছ ৰোগ হয়। যদি আপুনি ব্লাডছুগাৰ নিয়ন্ত্ৰণত ৰাখে তেন্তে ডায়েবেটিছৰ ফলত হোৱা বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। নয়নতৰা ফুল আৰু পাত দুয়োটাই ডায়েবেটিছ নিয়ন্ত্ৰণত ফলপ্ৰসূ বুলিব পাৰি। চাহ বা গুড়িৰ ৰূপত এই ফুল সেৱন কৰিব পাৰে।

 ২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

নয়নতৰা ফুলৰ ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰে। ই আপোনাক শৰীৰত সংক্ৰমণ আৰু বেক্টেৰিয়াৰ সমস্যা ৰোধ কৰাত সহায় কৰিব পাৰে। যদি আপুনি ভাইৰাছ বা বেক্টেৰিয়াজনিত সমস্যাত ভুগিছে ​​তেন্তে নিয়মিতভাৱে নয়নতৰা ফুলৰ ৰস খালে উপকৃত হ’ব।

 ৩. স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰে-

নয়নতৰা ফুলে স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ। নয়নতৰা ফুলৰ ৰস নিয়মীতভাৱে সেৱনে স্নায়ুতন্ত্ৰক শক্তিশালী কৰে।

৪. ৰক্তচাপ নিয়ন্ত্ৰণ কৰে-

নয়নতৰা ফুল ব্যৱহাৰ কৰি ৰক্তচাপৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰিব পাৰি। ই আমাৰ শৰীৰৰ বাবে এন্টিহাইপাৰটেনচিভ এজেণ্ট হিচাপে কাম কৰে, ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়। ইয়াৰ লগতে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাকো দূৰ কৰাত নয়নতৰা ফুল অতি ফলপ্ৰসূ।

 ৫. সৌন্দৰ্য্য চৰ্চাত এই ফুল অতি উপকাৰী হিচাপে বিবেচিত হৈছে। নয়নতৰা ফুলৰ ৰস সপ্তাহত অত্যন্ত দুদিন মুখত লগালে ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ লগতে বয়সজনিত সকলোবোৰ সমস্যা দূৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ