--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায়ে সকলোৰে বাৰীত নয়নতৰা ফুল দেখিবলৈ পোৱা যায়। কোনো বিশেষ যত্নৰ অবহিনেই এই ফুল খুব সহজেই হোৱা দেখা যায়। এই ফুল সুগন্ধিবিহীন হোৱাৰ বাবেই মানুহ ইয়াৰ প্ৰতি আকৰ্ষিত কমকৈ হয়, কিন্তু আপুনি জানেনে যে এই ফুল সুগন্ধিবিহীন হ’লেও কিন্তু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত ই অতি ফলপ্ৰসূ। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধতকৈ কোনো গুণে কম নহয় নয়নতৰা ফুল। নয়নতৰা ফুলে স্বাস্থ্যৰ বাবে কেনেভাৱে উপকাৰী জানো আহক?

 ১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-

শৰীৰত তেজৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ডায়েবেটিছ ৰোগ হয়। যদি আপুনি ব্লাডছুগাৰ নিয়ন্ত্ৰণত ৰাখে তেন্তে ডায়েবেটিছৰ ফলত হোৱা বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। নয়নতৰা ফুল আৰু পাত দুয়োটাই ডায়েবেটিছ নিয়ন্ত্ৰণত ফলপ্ৰসূ বুলিব পাৰি। চাহ বা গুড়িৰ ৰূপত এই ফুল সেৱন কৰিব পাৰে।

 ২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

নয়নতৰা ফুলৰ ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰে। ই আপোনাক শৰীৰত সংক্ৰমণ আৰু বেক্টেৰিয়াৰ সমস্যা ৰোধ কৰাত সহায় কৰিব পাৰে। যদি আপুনি ভাইৰাছ বা বেক্টেৰিয়াজনিত সমস্যাত ভুগিছে ​​তেন্তে নিয়মিতভাৱে নয়নতৰা ফুলৰ ৰস খালে উপকৃত হ’ব।

 ৩. স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰে-

নয়নতৰা ফুলে স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ। নয়নতৰা ফুলৰ ৰস নিয়মীতভাৱে সেৱনে স্নায়ুতন্ত্ৰক শক্তিশালী কৰে।

৪. ৰক্তচাপ নিয়ন্ত্ৰণ কৰে-

নয়নতৰা ফুল ব্যৱহাৰ কৰি ৰক্তচাপৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰিব পাৰি। ই আমাৰ শৰীৰৰ বাবে এন্টিহাইপাৰটেনচিভ এজেণ্ট হিচাপে কাম কৰে, ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়। ইয়াৰ লগতে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাকো দূৰ কৰাত নয়নতৰা ফুল অতি ফলপ্ৰসূ।

 ৫. সৌন্দৰ্য্য চৰ্চাত এই ফুল অতি উপকাৰী হিচাপে বিবেচিত হৈছে। নয়নতৰা ফুলৰ ৰস সপ্তাহত অত্যন্ত দুদিন মুখত লগালে ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ লগতে বয়সজনিত সকলোবোৰ সমস্যা দূৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু