--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি জীৱনত কিমান সফলতা লাভ কৰিম সেয়া আমাৰ কঠোৰ পৰিশ্ৰম আৰু ভাগ্য দুয়োটাৰে ওপৰত বহুখিনি নিৰ্ভৰ কৰে। এনে বহু কথা বাস্তুশাস্ত্ৰত কোৱা হৈছে, যিবোৰ আমি সঠিকভাৱে পালন কৰিলে জীৱনটো অতি সহজ কৰি তুলিব পাৰি। বাস্তুশাস্ত্ৰত পাৰ্চৰ কথাও বৰ্ণনা কৰা হৈছে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমাৰ পাৰ্চৰ পৰা ঋণাত্মক শক্তি থকা বস্তুবোৰ আঁতৰাই পেলাব লাগে, নহ’লে আমি অশুভ ফলাফলৰ সন্মুখীন হ’ব লাগিব। কোনবোৰ অশুভ বস্তু পাৰ্চৰ বাহিৰ কৰিব লাগে আৰু কোনবোৰ বস্তু পাৰ্চত ৰাখিব লাগে জানো আহক।

পাৰ্চৰ পৰা এইবোৰ বস্তু আঁতৰাই পেলাওক 

১) বেয়া কাগজ বা নকল মুদ্ৰা কেতিয়াও পাৰ্চৰ ভিতৰত ৰাখিব নালাগে। এনে কৰিলে ব্যক্তিজনৰ উপাৰ্জনত প্ৰভাৱ পৰে আৰু ঋণৰ ফান্দত আবদ্ধ হ’বলৈ ধৰে।

২) এজন ব্যক্তিয়ে নিজৰ পাৰ্চ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। অপ্ৰয়োজনীয় কাগজ আৰু অন্যান্য বস্তু আঁতৰাই পেলাব লাগে।

৩) বাস্তুশাস্ত্ৰৰ মতে বিকৃত নোট, ফটা নোট ভুলতো পাৰ্চত ৰাখিব নালাগে। এনে কৰিলে মা লক্ষ্মীৰ খং উঠিব পাৰে, যাৰ বাবে আপুনি আৰ্থিক সংকটৰ জালত আবদ্ধ হৈ পৰিব পাৰে।

এইবোৰ বস্তু পাৰ্চত ৰাখিব লাগে

১) শ্ৰীযন্ত্ৰক লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়। এয়া পাৰ্চৰ ভিতৰত ৰাখিব পাৰে। বিশ্বাস কৰা হয় যে শ্ৰীযন্ত্ৰ ৰাখিলে আপোনাৰ পাৰ্চটো সদায় টকাৰে ভৰি থাকে।

২) মা লক্ষ্মীৰ এখন সৰু ছবি বা লকেট পাৰ্চত ৰাখিব লাগে। এনে কৰিলে শুভ উপকাৰ পোৱা যায়।

৩) পাৰ্চৰ ভিতৰত ময়ুৰৰ পাখি ৰাখিব পাৰে। এই বস্তু ধনাত্মক শক্তিৰ প্ৰতীক আৰু ই ধন আকৰ্ষণ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস