--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহাৰ আৰু নিদ্ৰাৰ সৈতে আমাৰ স্বাস্থ্যৰ বিষয়টো নিবিড় ভাবে জড়িত হৈ আছে৷ শয়ন সঠিকভাবে নহ’লে ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰতো পৰে৷  সুস্থ শৰীৰৰ বাবে যিদৰে সুষম আহাৰৰ প্ৰয়োজন হয় ঠিক তেনেদৰে দেহাটোক সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ ভাল টোপনিৰো প্ৰয়োজন হয়। সেইবাবে টোপনি যাতে সদায় ভালদৰে মাৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। পৰিবেশ অনুকূল নহ'লে মানুহে ভালদৰে টোপনি মাৰিব নোৱাৰে। 

সেইবাবে টোপনিৰ বাবে এক সুন্দৰ পৰিবেশ গঢ়ি তোলাটো অতি প্রয়োজনীয় কথা। যদি সুন্দৰভাৱে টোপনি মাৰিব পৰা নাযায় তেন্তে বিভিন্ন ৰোগে অকালতে মানুহক আক্ৰমণ কৰিব পাৰে। বাস্তু শাস্ত্রই সেয়ে টোপনিৰ বিষয়টোত অধিক গুৰুত্ব দিছে। ক'ৰবাত শুলেই টোপনি আহিব যদিও সেই টোপনি মানুহজনৰ বাবে কিমান উপকাৰী সেয়া টোপনি মৰা স্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

 বাস্তুশাস্ত্রই সেয়ে টোপনি মৰাৰ কেতবোৰ বিধি বান্ধি দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ নাইবা পশ্চিম দিশে মূৰ থৈ কেতিয়াও শুব নালাগে। উত্তৰ অথবা পশ্চিম দিশে মূৰ থৈ শুলে আয়ুস ক্ষয় হয়। সদায় দক্ষিণ অথবা পূব দিশে মূৰ থৈ শুব লাগে। 

পূব দিশে মূৰ থৈ শোৱাসকলৰ বিদ্যা বৃদ্ধি পায়। দক্ষিণ দিশে মূৰ থৈ শুলে অর্থ আৰু আয়ুস বৃদ্ধি পায়। উত্তৰ দিশে মূৰ থৈ শুলে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হয়। সেয়ে বাস্তুশাস্ত্ৰই দিয়া বিধান অনুসৰি শুলে সুফল পোৱা যায় বুলি বহুতে কয়৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস