--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু এক বিজ্ঞান। মানুহৰ আহাৰ-বিহাৰৰ সৈতে জড়িত কথাবোৰ বাস্তুই বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি সেইবোৰৰ বিধান দিছে। দৰাচলতে আমি খোৱা খাদ্য আৰু টোপনিৰ  সৈতে আমাৰ স্বাস্থ্যৰ সম্পৰ্ক থাকে।  টোপনি  সঠিকভাবে নহ’লে ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰতো পৰে৷ 

 সুস্থ শৰীৰৰ বাবে যিদৰে সুষম আহাৰৰ প্ৰয়োজন হয় ঠিক তেনেদৰে দেহাটোক সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ ভাল টোপনিৰো প্ৰয়োজন হয়। সেইবাবে টোপনি যাতে সদায় ভালদৰে মাৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। পৰিবেশ অনুকূল নহ'লে মানুহে ভালদৰে টোপনি মাৰিব নোৱাৰে। 

সেইবাবে টোপনিৰ বাবে এক সুন্দৰ পৰিবেশ গঢ়ি তোলাটো অতি প্রয়োজনীয় কথা। যদি সুন্দৰভাৱে টোপনি মাৰিব পৰা নাযায় তেন্তে বিভিন্ন ৰোগে অকালতে মানুহক আক্ৰমণ কৰিব পাৰে। বাস্তু শাস্ত্রই সেয়ে টোপনিৰ বিষয়টোত অধিক গুৰুত্ব দিছে। ক'ৰবাত শুলেই টোপনি আহিব যদিও সেই টোপনি মানুহজনৰ বাবে কিমান উপকাৰী সেয়া টোপনি মৰা স্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

 বাস্তুশাস্ত্রই সেয়ে টোপনি মৰাৰ কেতবোৰ বিধি বান্ধি দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ নাইবা পশ্চিম দিশে মূৰ থৈ কেতিয়াও শুব নালাগে। উত্তৰ অথবা পশ্চিম দিশে মূৰ থৈ শুলে আয়ুস ক্ষয় হয়। সদায় দক্ষিণ অথবা পূব দিশে মূৰ থৈ শুব লাগে। 

পূব দিশে মূৰ থৈ শোৱাসকলৰ বিদ্যা বৃদ্ধি পায়। দক্ষিণ দিশে মূৰ থৈ শুলে অর্থ আৰু আয়ুস বৃদ্ধি পায়। উত্তৰ দিশে মূৰ থৈ শুলে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হয়। সেয়ে বাস্তুশাস্ত্ৰই দিয়া বিধান অনুসৰি শুলে সুফল পোৱা যায় বুলি বহুতে কয়৷ সেয়ে বাস্তুৰ বিধান অনুসৰি শোৱাৰ ব্যৱস্থা কৰিলে সুফল নিশ্চয়কৈ পাব। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক