--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত ভগৱান শংকৰৰ লাখ-লাখ ভক্ত আছে। ভগৱান শিৱৰ আছে অনেক নাম আছে আৰু প্ৰতিটো নামৰ আঁৰত কিবা নহয় কিবা কাহিনী সংলগ্ন হৈ থাকে। ভগৱান শিৱৰ বিষয়ে কোৱা হয় যে যেতিয়া তেওঁ মাতৃ পাৰ্বতীক বিয়া কৰাবলৈ ভূত, আত্মা, আদিৰ শোভাযাত্ৰা লৈ ওলাই গৈছিল, তেতিয়া তেওঁৰ সাজ-পোছাক দেখি মানুহে ভয় খাইছিল। ভোলেনাথ একেবাৰে সহজ-সৰল প্ৰকৃতিৰ। বস্ত্ৰ হিচাপে বাঘৰ ছাল পিন্ধিছিল। দেহত ভস্মৰ ছাঁই লগাইছিল। সোণৰ অলংকাৰৰ সলনি ডিঙিত সাপ মেৰিয়াই লৈছিল। শোভাযাত্ৰাত তেওঁ ঘোঁৰা বা হাতী লৈ নহয়, ম’হৰ পিঠিত উঠি আহি উপস্থিত হৈছিল। এই সাজ-পোছাক দেখি পাৰ্বতীজীৰ পিতৃ পৰ্বতৰাজ হিমাচলেও ভয় খাইছিল।

ভক্তসকলৰ বাবে পূজাযোগ্য হোৱাৰ উপৰিও ভগৱান শিৱ এক আশ্চৰ্যকৰ বিষয়। যেনেকৈ তেওঁৰ সাজ-পোছাক, বাহন আদিৰ বিষয়ে বহু কাহিনী আছে, ঠিক সেইদৰে তেওঁৰ তৃতীয় চকুৰো এটা বিশেষ কাহিনী আছে। এই কাৰণেই তেওঁৰ আন নাম ত্ৰিম্বকম, ত্ৰিনয়ন, ত্ৰিলোচন আদি নামো আছে। তেওঁৰ মুঠ তিনিটা চকুত সোঁ চকুটো সূৰ্য্যৰ প্ৰতীক আৰু বাওঁ চকুটো চন্দ্ৰৰ প্ৰতীক। কপালত থকা তৃতীয় চকুটোক অগ্নিৰূপ বুলি ধৰা হয়।

তেওঁৰ দুটা চকুৱে বস্তুগত জগতত তেওঁৰ কাৰ্যকলাপৰ প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুটো আধ্যাত্মিক জ্ঞান আৰু শক্তিৰ প্ৰতীক। অগ্নিৰ দৰে ভগৱান শিৱৰ তৃতীয় চকুৱে যিকোনো ঠাইৰ পৰা পাপীসকলক বিচাৰি উলিয়াই ধ্বংস কৰে। এই কাৰণেই দুষ্ট আত্মাই তেওঁৰ তৃতীয় চকুলৈ ভয় কৰে। তেওঁৰ আধা খোলা চকুৱেও কয় যে সমগ্ৰ পৃথিৱীৰ প্ৰক্ৰিয়া চলি আছে। বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ তৃতীয় চকু মেলিলে নতুন যুগ আৰম্ভ হয়। তৃতীয় চকুটোৱে ইংগিত দিয়ে যে সমগ্ৰ জগতৰ ক্ৰিয়াৰ আদিও নাই, অন্তও নাই...ই অসীম।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক