--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত দিশ নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ। বাস্তুসন্মতভাৱে নিৰ্মাণ কৰা ঘৰত সদায় ধনাত্মক শক্তি উৎপন্ন হোৱাৰ বিপৰীতে যদি বাস্তুদোষৰ ফলত ঘৰলৈ ঋণাত্মক শক্তি আগমন হয়। ঘৰৰ সুখ-সমৃদ্ধি নোহোৱা হোৱাৰ লগতে এজন ব্যক্তিয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে বাস্তুশাস্ত্ৰত ঘৰৰ পূব দিশটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিশ সন্দৰ্ভত বাস্তুশাস্ত্ৰত বহু নিয়মৰ কথা উল্লেখ কৰা হৈছে। এই নিয়মবোৰক আওকাণ কৰিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়।

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ-পূব দিশৰ গুৰুত্ব-

১. বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰ সদায় পূব দিশত থাকিব লাগে। পূব দিশে সূৰ্য্য উদয় হয়। সেয়েহে মূল দুৱাৰখন পূব দিশত থকাৰ বাবে সূৰ্যৰ পোহৰ আৰু বতাহ পোনে পোনে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। যাৰ বাবে ঘৰত ধনাত্মক শক্তি বাস কৰে।

২. ঘৰৰ ​​পূব অংশত যদি অধিক মুক্ত ঠাই থাকে তেন্তে ধন আগমনৰ ৰাস্তা সৃষ্টি হয়। গধুৰ বস্তু ঘৰৰ পূব দিশত ৰাখিব নালাগে বুলি কোৱা হয়। এনে কৰিলে বাস্তুদোষৰ সৃষ্টি হয়।

৩. শাস্ত্ৰত উত্তৰ-পূব দিশক দেৱ-দেৱীৰ দিশ বুলি কোৱা হয়। সেইবাবেই জোতা-চেণ্ডেল ভুলতো এই দিশত ৰাখিব নালাগে। এনে কৰিলে দেৱ-দেৱীৰ অসন্তুষ্ট হয় আৰু ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটে।

৪. বাস্তুশাস্ত্ৰৰ মতে কেতিয়াও উত্তৰ-পূব দিশত শৌচাগাৰ নিৰ্মাণ কৰিব নালাগে। এই দিশত শৌচাগাৰ থাকিলে ঘৰৰ অগ্ৰগতিৰ পথ বন্ধ হৈ যায়।

 ৫. বাস্তুৰ মতে কোনো বৈদ্যুতিক সামগ্ৰী উত্তৰ-পূব দিশত ৰাখিব নালাগে। কোৱা হয় যে ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত বিবাদৰ সৃষ্টি হয়।

৬. বাস্তুৰ মতে উত্তৰ-পূব দিশত চিৰি বনাব নালাগে। কোৱা হয় যে বাস্তুদোষ ইয়াৰ পৰাই উদ্ভৱ হয়। যাৰ বাবে তাত বাস কৰা লোকসকলে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ