--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত দিশ নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ। বাস্তুসন্মতভাৱে নিৰ্মাণ কৰা ঘৰত সদায় ধনাত্মক শক্তি উৎপন্ন হোৱাৰ বিপৰীতে যদি বাস্তুদোষৰ ফলত ঘৰলৈ ঋণাত্মক শক্তি আগমন হয়। ঘৰৰ সুখ-সমৃদ্ধি নোহোৱা হোৱাৰ লগতে এজন ব্যক্তিয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে বাস্তুশাস্ত্ৰত ঘৰৰ পূব দিশটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিশ সন্দৰ্ভত বাস্তুশাস্ত্ৰত বহু নিয়মৰ কথা উল্লেখ কৰা হৈছে। এই নিয়মবোৰক আওকাণ কৰিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়।

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ-পূব দিশৰ গুৰুত্ব-

১. বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰ সদায় পূব দিশত থাকিব লাগে। পূব দিশে সূৰ্য্য উদয় হয়। সেয়েহে মূল দুৱাৰখন পূব দিশত থকাৰ বাবে সূৰ্যৰ পোহৰ আৰু বতাহ পোনে পোনে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। যাৰ বাবে ঘৰত ধনাত্মক শক্তি বাস কৰে।

২. ঘৰৰ ​​পূব অংশত যদি অধিক মুক্ত ঠাই থাকে তেন্তে ধন আগমনৰাস্তা সৃষ্টি হয়। গধুৰ বস্তু ঘৰৰ পূব দিশত ৰাখিব নালাগে বুলি কোৱা হয়। এনে কৰিলে বাস্তুদোষ সৃষ্টি হয়।

৩. শাস্ত্ৰত উত্তৰ-পূব দিশক দেৱ-দেৱীৰ দিশ বুলি কোৱা হয়। সেইবাবেই জোতা-চেণ্ডেভুলতো এই দিশত ৰাখিব নালাগে। এনে কৰিলে দেৱ-দেৱীৰ অসন্তুষ্ট হয় আৰু ঘৰলৈ দৰিদ্ৰতা আগমন ঘটে।

৪. বাস্তুশাস্ত্ৰৰ মতে কেতিয়াও উত্তৰ-পূব দিশত শৌচাগাৰ নিৰ্মাণ কৰিব নালাগে। এই দিশত শৌচাগাৰ থাকিলে ঘৰৰ অগ্ৰগতিৰ পথ বন্ধ হৈ যায়।

 ৫. বাস্তুৰ মতে কোনো বৈদ্যুতিক সামগ্ৰী উত্তৰ-পূব দিশত ৰাখিব নালাগে। কোৱা হয় যে ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত বিবাদৰ সৃষ্টি হয়।

৬. বাস্তুৰ মতে উত্তৰ-পূব দিশত চিৰি বনাব নালাগে। কোৱা হয় যে বাস্তুদোষ ইয়াৰ পৰাই উদ্ভৱ হয়। যাৰ বাবে তাত বাস কৰা লোকসকলে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা