--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ সৈতে চিৰি নিৰ্মাণ কৰা হয়। আজিকালি বহুতেই কেইবামহলীয়া ঘৰ নিৰ্মাণ কৰে। এনে ঘৰসমূহত উঠি যাবলৈ চিৰিৰ ব্যৱস্থা থাকিবই লাগিব। তদুপৰি সাধাৰণ ঘৰতো চিৰি থাকে। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ বাস্তুশাস্ত্ৰ অনুসৰি মানি চলিলে শুভ ফল পোৱা যায়। 

সাধাৰণতে ঘৰ এটাত চিৰি সদায় পূবপিনে নিৰ্মাণ কৰিব লাগে। পূবপিনৰ পৰা পশ্চিম পিনলৈ চিৰি ওপৰলৈ উঠি গ'লে ভাল। যদি ঘৰৰ অৱস্থানৰ বাবে পূব পিনৰ পৰা পশ্চিম পিনলৈ চিৰি নিৰ্মাণ কৰিব নোৱাৰি তেন্তে উত্তৰ পিনৰ পৰা দক্ষিণ পিনলৈ চিৰি নিৰ্মাণ কৰিব লাগে। চিৰিৰ অৱস্থান সদায় ঘড়ীৰ কাঁটাৰ দিশে নিৰ্মাণ কৰিব লাগে। সাধাৰণতে মাটিৰ দক্ষিণ অথবা পশ্চিম দিশত চিৰি নিৰ্মাণ কৰিলে অধিক সুফল পাব পাৰি।

 চিৰি নিৰ্মাণ কৰাৰ বাবেই মাটিৰ উত্তৰ-পূব দিশটো বৰ এটা সুবিধাজনক দিশ নহয়। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ কথালৈ মন কৰা উচিত। বিশেষকৈ দুৱাৰৰ একেবাৰে লগালগিকৈ চিৰি নিৰ্মাণ কৰিব নালাগে । দুৱাৰৰ লগালগিকৈ চিৰি নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। 

 চিৰিৰ ঢাপৰ সংখ্যাবোৰ হ'ব পাৰে ক্ৰমে ১১, ১৭, ২৩, ৩৫, ৩১ আদি। কিছুমান লোকে ঘূৰণীয়া চিৰি নিৰ্মাণ কৰে। ঘূৰণীয়া চিৰি দেখিবলৈ ভাল যদিও বৰ এটা শুভ ফলদায়ক নহয়। ঘূৰণীয়া চিৰি  নির্মাণ কৰিলেও  ঘৰৰ সন্মুখত নিৰ্মাণ নকৰি পিছপিনে নির্মাণ কৰিলে ভাল হয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু