--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ সৈতে চিৰি নিৰ্মাণ কৰা হয়। আজিকালি বহুতেই কেইবামহলীয়া ঘৰ নিৰ্মাণ কৰে। এনে ঘৰসমূহত উঠি যাবলৈ চিৰিৰ ব্যৱস্থা থাকিবই লাগিব। তদুপৰি সাধাৰণ ঘৰতো চিৰি থাকে। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ বাস্তুশাস্ত্ৰ অনুসৰি মানি চলিলে শুভ ফল পোৱা যায়। 

সাধাৰণতে ঘৰ এটাত চিৰি সদায় পূবপিনে নিৰ্মাণ কৰিব লাগে। পূবপিনৰ পৰা পশ্চিম পিনলৈ চিৰি ওপৰলৈ উঠি গ'লে ভাল। যদি ঘৰৰ অৱস্থানৰ বাবে পূব পিনৰ পৰা পশ্চিম পিনলৈ চিৰি নিৰ্মাণ কৰিব নোৱাৰি তেন্তে উত্তৰ পিনৰ পৰা দক্ষিণ পিনলৈ চিৰি নিৰ্মাণ কৰিব লাগে। চিৰিৰ অৱস্থান সদায় ঘড়ীৰ কাঁটাৰ দিশে নিৰ্মাণ কৰিব লাগে। সাধাৰণতে মাটিৰ দক্ষিণ অথবা পশ্চিম দিশত চিৰি নিৰ্মাণ কৰিলে অধিক সুফল পাব পাৰি।

 চিৰি নিৰ্মাণ কৰাৰ বাবেই মাটিৰ উত্তৰ-পূব দিশটো বৰ এটা সুবিধাজনক দিশ নহয়। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ কথালৈ মন কৰা উচিত। বিশেষকৈ দুৱাৰৰ একেবাৰে লগালগিকৈ চিৰি নিৰ্মাণ কৰিব নালাগে । দুৱাৰৰ লগালগিকৈ চিৰি নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। 

 চিৰিৰ ঢাপৰ সংখ্যাবোৰ হ'ব পাৰে ক্ৰমে ১১, ১৭, ২৩, ৩৫, ৩১ আদি। কিছুমান লোকে ঘূৰণীয়া চিৰি নিৰ্মাণ কৰে। ঘূৰণীয়া চিৰি দেখিবলৈ ভাল যদিও বৰ এটা শুভ ফলদায়ক নহয়। ঘূৰণীয়া চিৰি  নির্মাণ কৰিলেও  ঘৰৰ সন্মুখত নিৰ্মাণ নকৰি পিছপিনে নির্মাণ কৰিলে ভাল হয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ