--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত পাকঘৰৰ অতি গুৰুত্ব আছে। পাকঘৰত যদি বাস্তুৰ বিসংগতি থাকে, তেন্তে গোটেই পৰিয়ালটোৰ ওপৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে, পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেওঁলোকৰ মাজত মৰমৰ অভাৱ হয়, ৰন্ধা-বঢ়া কৰাজনৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে , এই কাৰণেই পাকঘৰৰ বাস্তু সুন্দৰ আৰু শুদ্ধ হব লাগে। আজি আমি আপোনালোকক বাস্তুৰ এনে কিছুমান নিয়মৰ বিষয়ে ক’ম, যিবোৰ মানি চলিলে আপোনাৰ ঘৰটো সুখ-শান্তিৰে আৰু আৰ্থিক সমৃদ্ধিৰে ভৰি পৰিব। 

পাকঘৰৰ বাবে অত্যাৱশ্যকীয় বাস্তু টিপছ

১)বাস্তু শাস্ত্ৰৰ মতে পাকঘৰটো জুইৰ কোণত দক্ষিণ বা পূব দিশত হ’ব লাগে, নহ’লে ইয়াৰ বেয়া প্ৰভাৱ পৰে।

২)পাকঘৰটো যদি উত্তৰ-পূব দিশত থাকে তেন্তে ঘৰৰ মানুহখিনিৰ টকাৰ অভাৱ আৰু সম্পৰ্ক বেয়া হয়। সন্তানৰো ক্ষতিগ্ৰস্ত হ’ব পাৰে।

৩)পাকঘৰটো উত্তৰ-পশ্চিম দিশত থাকিলে ইয়াৰ ফলত বাস্তুৰ বিসংগতি নহয়, কিন্তু শাহুৱেক আৰু বোৱাৰীৰ মাজৰ সম্পৰ্ক নষ্ট হ’ব পাৰে।

৪)যদি দক্ষিণ-পশ্চিম দিশত পাকঘৰ আছে, তেন্তে ঘৰৰ মুৰব্বীজনৰ ক্ষতি হয়। সন্মান আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে।

বাস্তুৰ এই নিয়মবোৰ পাকঘৰৰ বাবে মানি চলক

১)পাকঘৰত যত বাচন ৰখাৰ ষ্টেণ্ড থাকে তাত এখন ধুনীয়া ফল বা ফুলৰ ছবি ৰাখক, ই ইতিবাচক শক্তি আনে। পৰিয়ালৰ লোকৰ স্বাস্থ্যও ভালে ৰাখে।

২)মাতৃ অন্নপূৰ্ণাৰ এখন সুন্দৰ ছবি পাকঘৰত পূব দিশত ৰাখিব লাগে, পাৰিলে চন্দনৰ মালা আঁৰি দিব লাগে। এনে কৰিলে সেই ঘৰত টকা আৰু খাদ্যৰ অভাৱ নহয়।

৩)প্লাষ্টিকৰ বাচন-বৰ্তন কেতিয়াও ৰাখিব নালাগে। আনকি প্লাষ্টিকৰ বাচনত থকা খাদ্যও খাব নালাগে, ই ৰোগ বৃদ্ধি কৰে আৰু শনি গ্ৰহ দূষিত হয়।

৪)চিংকটো সদায় পাকঘৰৰ উত্তৰ-পূব দিশত থাকিব লাগে আৰু পাকঘৰৰ পানীৰ ঢালটোও একে দিশতে থাকিলে ভাল।

৫)পাকঘৰত ক’লা শিল বা ক’লা ৰং ব্যৱহাৰ কৰিব নালাগে, ই স্বাস্থ্যৰ বাবে বেয়া।

৬)পাকঘৰটো সদায় পৰিষ্কাৰ আৰু চিকচিকিয়া হ’ব লাগে। ইয়াত কোনো ধৰণৰ পোক-পৰুৱা বা মলি থাকিব নালাগে।

৭)পাকঘৰত পইতাচোৰা থাকিব নালাগে, ইয়াৰ ফলত আৰ্থিক লোকচানৰ লগতে ব্যৱসায়তো লোকচান হ’ব পাৰে।

৮)ৰন্ধা বাচন-বৰ্তন পাকঘৰত নুধুৱাকৈ থ’ব নালাগে, ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া হয় আৰু পাৰস্পৰিক ঐক্য কম হয়।

৯)পাকঘৰত গেছৰ চৌকাটো জুইৰ দিশত অৰ্থাৎ দক্ষিণ-পূব দিশত ৰাখিব লাগে, ইয়াৰ ফলত সেই ঘৰত বাস কৰা লোকসকলৰ সন্মান বৃদ্ধি পায়।

১০)পাকঘৰত ৰখা নিমখ কেতিয়াও খোলা ৰাখিব নালাগে, সদায় ইয়াৰ ঢাকনি বন্ধ কৰি ৰাখিব নহ’লে আপোনাৰ ধাৰ বাঢ়িব পাৰে।

১১)যিয়েই খাদ্য ৰান্ধে, তেওঁৰ মুখখন দক্ষিণ দিশৰ ফালে হ’ব নালাগে, এনে কৰিলে তেওঁৰ সৌন্দৰ্য্য সোনকালে কমি যায় আৰু মুখৰ সৌন্দৰ্য্য আঁতৰি যায়। তেওঁৰ স্বভাৱটোও খিংখিঙীয়া হ’ব পাৰে।

১২)যদি পাকঘৰত বহি খাদ্য খোৱা হয়, তেন্তে ৰাহু গ্ৰহটো অতি সোনকালে ঠিক হয়। সম্পৰ্ক বিনষ্ট কৰাৰ কাৰণে ৰাহু গ্ৰহক কাৰণ গ্ৰহ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ