--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কঠোৰ সমালোচক আলেক্সি নাভালনিৰ ৰাছিয়াৰ কাৰাগাৰৰ ভিতৰতে  মৃত্যু  ঘটা বুলি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে।  খবৰ অনুসৰি মৃত্যুৰ সময়ত নাভালনিৰ বয়স আছিল ৪৭ বছৰ। পুটিনৰ সমালোচক নাভালনিক  ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ৰাছিয়াৰ ফেডাৰেল কাৰাগাৰৰ  এক বিবৃতিৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানে  প্ৰকাশ কৰা বাতৰি অনুসৰি  নাভালনিয়ে  খোজ কাঢ়িবলৈ ওলাইছিল। 

তেতিয়াই পুটিন বিৰোধী নেতাজন অসুস্থ হৈ পৰে। তেওঁ অচেতন হৈ ঢলি পৰে। লগে লগে এম্বুলেন্স দল ঘটনাস্থলীত উপস্থিত হয়  । পৰীক্ষাৰ অন্তত দলটোৱে নাভালনিক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য নাভালনি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ তীব্ৰ সমালোচক হিচাপে জনাজাত। তেওঁ দীৰ্ঘদিন ধৰি ক্ৰেমলিনৰ ভিতৰত সংঘটিত দুৰ্নীতিৰ বিষয়ে সোচ্চাৰ হৈ আহিছিল। কেৱল সেয়াই নহয়, তেওঁ  ইউক্ৰেইনত ৰাছিয়াই আৰম্ভ কৰা  যুদ্ধৰ বিৰুদ্ধে এক শক্তিশালী আন্দোলনৰ আহ্বান জনোৱা দেখা গৈছিল। 

ৰাছিয়াৰ এখন আদালতে নাভালনিক প্ৰৱঞ্চনা আৰু দুৰ্নীতিকে ধৰি একাধিক অভিযোগত দোষী সাব্যস্ত কৰিছিল। তেওঁৰ শাস্তি পিছলৈ ন বছৰলৈ বৃদ্ধি কৰা হৈছিল। তেওঁক ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।  উল্লেখ্য ২০২৪ চনৰ ১৭ মাৰ্চত ৰাছিয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে  নাভালনিৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে।যোৱা বছৰৰ শেষত নাভালনিক চাইবেৰিয়াৰ কাৰাগাৰত ৰখা হৈছিল। তেওঁ মস্কোৰ পৰা ১,৯০০ কিলোমিটাৰ উত্তৰ-পূবত থকা য়ামালো-নেনেটচ অঞ্চলৰ খাৰ্প চহৰৰ এখন  কাৰাগাৰত আছিল। আনহাতে  পুটিনৰ অন্যতম মুখ্য প্ৰতিদ্বন্দী আলেকজেণ্ডাৰ লিটভিনেঙ্কোই ইতিমধ্যে মৃত্যুবৰণ কৰিছে। এতিয়া নাভালনিৰো মৃত্যুৰ খবৰ আহিছে। মস্কোৰ তৰফৰ পৰা অৱশ্যে নাভালনিৰ মৃতু্য সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ