--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাছিয়াৰ কাৰাগাৰত পুটিনৰ কঠোৰ সমালোচক আলেক্সি নাভালনিৰ মৃত্যু হয়। বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । নাভালনিৰ মৃত্যু সন্দৰ্ভত  আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জো বাইডেনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বাইডেনৰ এতিয়া ৰাছিয়াৰ চৰকাৰৰ ওপৰত খং উঠিছে। হোৱাইট হাউচে পুটিন বিৰোধী নেতাজনৰ মৃত্যুৰ খবৰ  নিশ্চিত কৰাৰো দাবী জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে নাভালনিৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে কয়  "মই এই খবৰত একো আচৰিত হোৱা নাই। কিন্তু খং উঠিছে। এই মৃত্যুৰ বাবে পুটিন দায়ী। "  

বাইডেনে লগতে কয় "নাভালনিৰ মৃত্যুৰ বাতৰিটো বিশ্বাস নকৰাৰ মোৰ কোনো কাৰণ নাই । তেওঁ সদায় ৰাছিয়ান চৰকাৰৰ প্ৰৱঞ্চনা, দুৰ্নীতি আৰু অত্যাচাৰৰ বিষয়ে সাহসেৰে মাত মাতি আহিছিল।তেওঁক  মিছা অভিযোগত  জড়িত কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু নাভালনি বিচলিত হোৱা নাছিল। কাৰাগাৰৰ পৰা, তেওঁ সকলো অপৰাধৰ বিৰুদ্ধে মাত মাতিছিল।’’ বাইডেনে লগতে  কয়, "এইবাৰ ৰাছিয়াই নিজৰ কাহিনী প্ৰস্তুত কৰিব। কিন্তু নাভালনিৰ মৃত্যুৰ বাবে পুটিন দায়ী বুলি ক’বলৈ দ্বিধা নকৰো। এই ঘটনাটো পুটিনৰ বৰ্বৰতাৰ আন এক প্ৰমাণ। তেওঁ ইয়াৰ পৰিণাম ভুগিব লাগিব। " 

কালি ৰাছিয়াৰ ফেডাৰেল কাৰাগাৰ কৰ্তৃপক্ষই নাভালনিৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। নাভালনিৰ প্ৰেছ চেক্ৰেটেৰী কিৰা য়াৰ্মিশে কৈছে  যে তেওঁ তেওঁৰ মৃত্যুৰ বিষয়ে একো নাজানে।  এনে  পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ নেতাজনৰ মৃত্যু সম্পৰ্কে সন্দেহ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৱাশ্বিংটনৰ দৰে ফ্ৰান্স আৰু কানাডাকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ বিৰুদ্ধে মাত মাতিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে কৈছে: "আজিৰ ৰাছিয়াত মুক্ত চিন্তা কৰাসকলক কাৰাগাৰলৈ  পঠোৱা হয় আৰু মৃত্যুদণ্ড বিহা হয়।’’ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কৈছে  যে নাভালনিৰ মৃত্যু "গভীৰভাৱে দুখজনক। গোটেই বিশ্বই ভাবে যে পুটিন এজন দৈত্য। " 

উল্লেখ্য নাভালনি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সমালোচক হিচাপে জনাজাত। তেওঁ দীৰ্ঘদিন ধৰি ক্ৰেমলিনৰ ভিতৰত সংঘটিত  দুৰ্নীতিৰ বিষয়ে সোচ্চাৰ হৈ আহিছে। কেৱল সেয়াই নহয়, তেওঁক ইউক্ৰেইনত ৰাছিয়াই আৰম্ভ কৰা  যুদ্ধৰ বিৰুদ্ধে এক শক্তিশালী আন্দোলনৰ আহ্বান জনোৱা দেখা গৈছিল। ৰাছিয়াৰ এখন আদালতে নাভালনিক প্ৰৱঞ্চনা আৰু দুৰ্নীতিকে ধৰি একাধিক অভিযোগত দোষী সাব্যস্ত কৰিছিল। তেওঁৰ শাস্তি ১৯ বছৰলৈ বৃদ্ধি কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ