--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘কা’ প্ৰৱৰ্তন কৰাটো এতিয়া বিজেপিৰ বাবে অলীক কল্পনা। দেশৰ জনতাৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদৰ পাছতো শক্তি প্ৰদৰ্শনৰ স্বাৰ্থতেই যেন বিজেপিয়ে আইনলৈ পৰিণত কৰিছিল বিতৰ্কিত বিধেয়কখন। কিন্তু আইনলৈ পৰিণত হোৱা দুটা বছৰ পাৰ হৈ যোৱা পাছতো আজিলৈকে বিধি প্ৰস্তুত কৰিব নোৱাৰিলে বিজেপি চৰকাৰে।


জনসাধাৰণৰ তীব্ৰ বিৰোধিতা সত্ত্বেও ২০১৯ চনৰ ১২ ডিচেম্বৰৰ নিশা নাগৰিকত্ব (সংশোধনী) আইনত শেষৰটো অনুমোদন জনাই স্বাক্ষৰ কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। আইনখনৰ যোগেদি বিশ্বৰ বিভিন্ন দেশ যেনে-বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশত অত্যাচাৰৰ বলি হোৱা হিন্দু লোকক ভাৰতত সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে। ভাৰতত নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিৰ দুৰ্বলতা, জনসংখ্যাৰ বিস্ফোৰণ আদি অনেক সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। কিন্তু দেশৰ সমস্যাৰ প্ৰতি পিঠি দি বহিঃৰাষ্ট্ৰৰ নিৰ্যাতিত হিন্দুক সুৰক্ষা দিয়াৰ বাবে পৰিণত কৰা বিতৰ্কিত আইনখনে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ নীতিক নসাৎ কৰিছে।


আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে ভাৰতৰ চুবুৰীয়া বহুকেইখন ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক সম্পৰ্ক ভাল নহয়। তাৰ সলনি প্ৰতিৱেশী ৰাষ্ট্ৰ চীনে অতি কৌশলেৰে এই ৰাষ্ট্ৰবোৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। ‘কা’ৰ বিৰুদ্ধে বাংলাদেশে আৰম্ভণিৰে পৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ভাৰতৰ এই আইনখনৰ বিৰুদ্ধত থিয় দিছে। আইনখনৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ হিন্দু লোকৰ আগমন ঘটিলে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাংলাদেশৰ বদনাম হোৱাৰ আশংকাতেই দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমৰ্থন নকৰে ‘কা’ৰ। এফালে প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ অৱনমিত কূটনৈতিক সম্পৰ্ক আৰু চীনৰ প্ৰতি সেই ৰাষ্ট্ৰবোৰৰ সমৰ্থিত মনোভাবে বিজেপিক বাৰুকৈয়ে শ’লঠেকত পেলাইছে। এনে সময়ত ‘কা’ৰ বিধি প্ৰস্তুত কৰি আৰু এখন ৰাষ্ট্ৰৰ সমৰ্থন হেৰুৱাৰ শংকাত ভুগিছে ভাৰত চৰকাৰ।


পূৰ্বে ভাৰতৰ ক’ভিড পৰিস্থিতি শাম কাটিলেই ‘কা’ৰ বিধি প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰিছিল গৃহ দপ্তৰৰ মন্ত্ৰীয়ে। কিন্তু দিন বাগৰাৰ লগে লগে বিজেপিৰ মিথ্যাচাৰ স্পষ্ট হৈ পৰিল। প্ৰকৃততে বিজেপিয়ে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন হেৰুৱাৰ ভয়তহে প্ৰস্তুত কৰা নাছিল ‘কা’ৰ বিধি। বিজেপিয়ে আশা কৰিছিল যে ‘কা’ৰ বাবে ভাৰতীয় বঙালী সম্প্ৰদায়ৰ লোকসকলৰ সমৰ্থন লাভ কৰিবলৈ সহজ হ’ব। বিজেপিৰ মূল লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা। কিন্তু বিজেপিৰ এই ৰাজনীতিত ভোল নগ’ল পশ্চিমবংগৰ শিক্ষিত বঙালীসকল। তৎসত্ত্বেও অসমৰ একাংশ বঙালী লোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ল বিজেপি চৰকাৰ।
পশ্চিমবংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ‘কা’ বলৱৎ কৰিবলৈ উবুৰি খাই পৰা বিজেপি চৰকাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিনষ্ট কৰাটো বৰ্তমান সময়ৰ বাবে অলীক কল্পনা। বিধি প্ৰস্তুত কৰিবলৈ তিনিবাৰকৈ সময় বিচৰা অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ৰ বাবে ‘কা’ এতিয়া কেৱল সপোন মাত্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ