--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি তথা কৃষক বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা নৰেশ টিকাইটে এটা ৰাষ্ট্ৰীয় স্বতন্ত্ৰ ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ সৈতে এক বাৰ্তালাপত মন্তব্য কৰিছে যে বিদ্ৰোহত অংশ লোৱা কৃষকসকলে পৰৱৰ্তী নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব৷ তেওঁ লগতে কয় যে কেন্দ্ৰৰ দ্বাৰা কৃষকে পোৱা অপমান পাহৰিব নোৱাৰি৷ কিষাণ ইউনিয়নৰ সভাপতিয়ে উত্তৰ প্ৰদেশৰ ৰাজনীতিত কৃষক আন্দোলনৰ প্ৰভাৱৰ বিষয়ে সংবাদ প্ৰতিষ্ঠানটোৰে বাৰ্তালাপত মিলিত হৈছিল৷ বিদ্ৰোহত অংশ লোৱা কৃষকসকলে উত্তৰ প্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ উপৰি সামগ্ৰিকভাৱে নিৰ্বাচনটোত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও সদৰি কৰে নৰেশ টিকাইটে৷


উল্লেখযোগ্য যে, প্ৰায় দুবছৰধৰি চলা কৃষক আন্দোলনৰ ফলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল৷ কৃষি আইন প্ৰত্যাহাৰৰ পাছত সম্প্ৰতি নিৰ্বাচনমুখী উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে কৃষক সংগঠনসমূহে আন্দোলনটোৱে যি সূত্ৰ উলিয়াইছে, তাৰ ৰাজনৈতিক প্ৰভাৱ নিৰ্বাচনৰ ফলাফলত দেখাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ, পশ্চিম উত্তৰ প্ৰদেশত ২০১৩ চনৰ মুজাফৰনগৰ সংঘৰ্ষৰ পাছত এক তিক্ত সম্পৰ্ক গঢ়ি উঠা জাট আৰু মুছলমানসকলৰ মাজত সৃষ্টি হোৱা একতাই বিজেপিৰ নিৰ্বাচনী সম্ভাৱনাক আঘাত কৰাৰ সম্ভাৱনা আছে৷


যদিও কৃষি আইন বাতিল কৰা হৈছে, তথাপিও কৃষক সংগঠনবোৰে বিধানসভা নিৰ্বাচনত ৰাজনৈতিকভাৱে বিজেপিৰ সৈতে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই পটভূমিত ইয়াৰ উপৰিও সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিকগৰাকীয়ে ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি নৰেশ টিকাইটৰ সৈতে কৃষকৰ সমস্যা, উত্তৰ প্ৰদেশৰ ৰাজনীতিত কৃষক আন্দোলনৰ প্ৰভাৱ আৰু কেইবাটাও বিষয়ত কৃষক আন্দোলনৰ স্থিতি সম্পৰ্কত বুজিবলৈ এক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ