--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আন্তৰ্জাতিক সন্ত্ৰাসবাদীক ম’ষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত কৰিছে ইণ্টাৰপলে৷খালিস্তানী সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলৰ সদস্য কৰণবীৰ সিঙৰ বিৰুদ্ধে ইণ্টাৰপ’লে ৰেড কৰ্ণাৰ নোটিচ জাৰি কৰিছে। ৩৮ বছৰীয়া কৰণবীৰ সিঙৰ ঘৰ মূলতঃ পঞ্জাৱৰ কাপুৰথালাৰ। সূত্ৰ অনুসৰি তেওঁ পাকিস্তানত উপস্থিত থাকিব পাৰে।

কৰণবীৰ সিং বব্বৰ খালছাৰ সন্ত্ৰাসবাদী ৱাধৱা সিং আৰু হৰবিন্দৰ সিং ৰিন্দাৰ সোঁহাত বুলি কোৱা হয়। ৱাধৱা আৰু ৰিন্দাও পাকিস্তানত আত্মগোপন কৰি থকাৰ সন্দেহ ইণ্টাৰপলে ব্যক্ত কৰিছে।

অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে ষড়যন্ত্ৰ কৰি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছে। সূত্ৰ অনুসৰি কৰণবীৰ সিঙৰ বিৰুদ্ধে হত্যা, বিস্ফোৰক আইন, সন্ত্ৰাসবাদী পুঁজি, অস্ত্ৰ আইন আৰু সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈছে।

ৰেড কৰ্ণাৰ জাননী হৈছে প্ৰত্যাৰ্পণ, আত্মসমৰ্পণ বা অনুৰূপ আইনী প্ৰক্ৰিয়াৰ বাকী থকা অৱস্থাত কোনো ব্যক্তিক বিচাৰি উলিয়াবলৈ আৰু সাময়িকভাৱে আটক কৰিবলৈ ইন্টাৰপলৰ সদস্য ৰাষ্ট্ৰৰ পৰা আইন প্ৰয়োগকাৰী সংস্থাক কৰা এক অনুৰোধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা