--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে ভাৰতত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠন শিখছ ফৰ জাষ্টিছ (এছ এফ জে)৷ ইয়াৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুক লৈ ব্যস্ত আছে ভাৰত চৰকাৰ৷ শিখছ ফৰ জাষ্টিছ-ৰ উদ্দেশ্য হৈছে খালিস্তান স্থাপন আৰু সংগঠনটোৱে মূলতঃ কানাডাৰ পৰা বিচ্ছিন্নতাবাদী আন্দোলন চলাই আহিছে৷

এই মাহতে কানাডাৰ অন্টাৰিঅ’কে ধৰি কেইবাখনো চহৰত ৰেলী আৰু গণভোটৰ আহ্বান জনাইছিল আৰু খালিস্তানৰ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবী জনাইছিল। ভাৰতত নিষিদ্ধ আৰু খালিস্তান সমৰ্থক সংগঠনসমূহে শেহতীয়াকৈ কানাডাত থকা কেইবাটাও ভাৰতীয় দূতাবাসত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ প্ৰতিৰোধ হিচাপে ট্ৰুডো চৰকাৰে কোনো কাম কৰা নাছিল।

বুধবাৰে কানাডাত থকা ভাৰতীয় নাগৰিকসকলক ‘বিপন্ন’ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক অট’ৱাত থকা ভাৰতীয় উচ্চায়ুক্ত, টৰন্টোৰ কনছুলেট জেনেৰেল আৰু ভেংকুৱাৰত তৎকালীনভাৱে পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সকীয়াই দিছে।

কাকতলীয়াকৈ ক’বলৈ গ’লে আমেৰিকা, কানাডা, ব্ৰিটেইনকে ধৰি কিছুমান দেশত বিচ্ছিন্নতাবাদী সংগঠন এছ এফ জে সক্ৰিয়। পঞ্জাৱৰ ভিতৰতে এখন ‘স্বাধীন আৰু সাৰ্বভৌম’ ৰাষ্ট্ৰ গঠনৰ দাবী জনাইছে। ২০১৯ চনৰ ১০ জুলাইত কেন্দ্ৰই ৫ বছৰৰ বাবে এছ এফ জে নিষিদ্ধ কৰিছিল। কয় যে এই সংগঠন ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি এক ডাঙৰ ভাবুকি। ২০২০ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংগঠনটোৰ নেতা পান্নুনক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল।

ইয়াৰ উপৰিও ইণ্টাৰপলক ‘ৰঙা জাননী’ জাৰি কৰিবলৈ অনুৰোধ জনাইছে ভাৰতে। অৱশ্যে ইণ্টাৰপলে এই সন্দৰ্ভত অধিক তথ্য বিচাৰি আবেদনখন ঘূৰাই প্ৰেৰণ কৰে। ইয়াৰ পাছতো পান্নুৰ সংগঠনে কানাডাত ভাৰত বিৰোধী বিচ্ছিন্নতাবাদী অপপ্ৰচাৰ চলাই গৈছিল বুলি এন আই এৰ তথ্যত প্ৰকাশ পাইছে। ভাৰত চৰকাৰেও কানাডা চৰকাৰক পান্নুনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছিল যদিও কোনো ফল নাপালে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত