--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে ভাৰতত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠন শিখছ ফৰ জাষ্টিছ (এছ এফ জে)৷ ইয়াৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুক লৈ ব্যস্ত আছে ভাৰত চৰকাৰ৷ শিখছ ফৰ জাষ্টিছ-ৰ উদ্দেশ্য হৈছে খালিস্তান স্থাপন আৰু সংগঠনটোৱে মূলতঃ কানাডাৰ পৰা বিচ্ছিন্নতাবাদী আন্দোলন চলাই আহিছে৷

এই মাহতে কানাডাৰ অন্টাৰিঅ’কে ধৰি কেইবাখনো চহৰত ৰেলী আৰু গণভোটৰ আহ্বান জনাইছিল আৰু খালিস্তানৰ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবী জনাইছিল। ভাৰতত নিষিদ্ধ আৰু খালিস্তান সমৰ্থক সংগঠনসমূহে শেহতীয়াকৈ কানাডাত থকা কেইবাটাও ভাৰতীয় দূতাবাসত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ প্ৰতিৰোধ হিচাপে ট্ৰুডো চৰকাৰে কোনো কাম কৰা নাছিল।

বুধবাৰে কানাডাত থকা ভাৰতীয় নাগৰিকসকলক ‘বিপন্ন’ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক অট’ৱাত থকা ভাৰতীয় উচ্চায়ুক্ত, টৰন্টোৰ কনছুলেট জেনেৰেল আৰু ভেংকুৱাৰত তৎকালীনভাৱে পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সকীয়াই দিছে।

কাকতলীয়াকৈ ক’বলৈ গ’লে আমেৰিকা, কানাডা, ব্ৰিটেইনকে ধৰি কিছুমান দেশত বিচ্ছিন্নতাবাদী সংগঠন এছ এফ জে সক্ৰিয়। পঞ্জাৱৰ ভিতৰতে এখন ‘স্বাধীন আৰু সাৰ্বভৌম’ ৰাষ্ট্ৰ গঠনৰ দাবী জনাইছে। ২০১৯ চনৰ ১০ জুলাইত কেন্দ্ৰই ৫ বছৰৰ বাবে এছ এফ জে নিষিদ্ধ কৰিছিল। কয় যে এই সংগঠন ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি এক ডাঙৰ ভাবুকি। ২০২০ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংগঠনটোৰ নেতা পান্নুনক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল।

ইয়াৰ উপৰিও ইণ্টাৰপলক ‘ৰঙা জাননী’ জাৰি কৰিবলৈ অনুৰোধ জনাইছে ভাৰতে। অৱশ্যে ইণ্টাৰপলে এই সন্দৰ্ভত অধিক তথ্য বিচাৰি আবেদনখন ঘূৰাই প্ৰেৰণ কৰে। ইয়াৰ পাছতো পান্নুৰ সংগঠনে কানাডাত ভাৰত বিৰোধী বিচ্ছিন্নতাবাদী অপপ্ৰচাৰ চলাই গৈছিল বুলি এন আই এৰ তথ্যত প্ৰকাশ পাইছে। ভাৰত চৰকাৰেও কানাডা চৰকাৰক পান্নুনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছিল যদিও কোনো ফল নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য