--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বায়ু প্ৰদূষণৰ স্তৰ নিয়ন্ত্ৰণ নকৰিলে এণ্টিবায়টিকৰ  প্ৰতিৰোধ গুণ  হ্ৰাস কৰিব পৰা নাযাব।  ফলত ইয়াৰ সৈতে  সম্পৰ্কিত মৃত্যুও হ্ৰাস কৰাটো সম্ভৱ নহ’ব। দ্য লেঞ্চেট প্লেনেটাৰী হেল্থ জাৰ্নেলত প্ৰকাশিত এত প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনৰ মতে প্ৰদূষণৰ ফলত এণ্টিবায়টিকেও মানৱ দেহত প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰতিবেদন খনৰ মতে  কণিকা পদাৰ্থ (পিএম ২.৫ )ৰ সৈতে এণ্টিবায়টিক প্ৰতিৰোধ গুণৰ সম্পৰ্ক আছে।  বায়ুত মিহলি হৈ থকা এনে কণা  মানুহৰ চুলিৰ প্ৰস্থতকৈ ৩০  গুণ সৰু । এনে কণাই ০.৫ ৰ পৰা ১.৯ শতাংশৰ ভিতৰত এণ্টিবায়টিক প্ৰতিৰোধ বৃদ্ধি কৰিব পাৰে।  প্ৰতিবেদনৰ মতে  পিএম ২.৫  স্তৰৰ পৰিৱৰ্তনৰ ফলত শেহতীয়া বছৰবোৰত এণ্টিবায়টিক প্ৰতিৰোধ অধিক বৃদ্ধি হৈছে। 

এয়া বিশ্ববাসীৰ বাবে চিন্তনীয় বিষয় বুলি  চীনৰ ঝেজিয়াং বিশ্ববিদ্যালয়ৰ মুখ্য লেখক অধ্যাপক হং চেনে কৈছে। 
উল্লেখ্য বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় মানুহৰ আয়ুস ক্ষয় হৈ গৈ আছে। শেহতীয়া অধ্যয়নে সেই কথাই প্ৰমাণ কৰিছে।  ভাৰতীয় লোকৰ স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি স্বৰূপ হৈ পৰিছে প্ৰদূষণ। ঘাতক প্ৰদূষণে  ভাৰতীয় লোকৰ জীৱনকাল  পাঁচ বছৰলৈ হ্ৰাস কৰিব বুলি আশংকা ব্যক্ত কৰি আহিছে  চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচক (একিউএলআই) প্ৰতিষ্ঠানে ।

 দিল্লী হৈ পৰিছে  বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ। য'ত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭  মাইক্ৰ'গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১  গুণতকৈ বেছি।প্ৰদূষণ  মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদাশংকা হিচাবে থিয় দিছে। পৰিসংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি  বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি./এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি  এই প্ৰদূষণৰ মাৰক ক্ষমতা।

 বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত  প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি  সৰ্বাধিক বিদ নমাই আনিছে। প্ৰতিবেদন খনত কোৱা হৈছে যে  ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪  শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে।যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।১৯৯৮  চনৰ পৰা ভাৰতৰ বতাহত  গড় বাৰ্ষিক প্ৰদূষণ  সৃষ্টিকাৰী কণিকা  ৬১.৪  শতাংশ বৃদ্ধি হৈছে।

 অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে।  অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে। একেদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ মানুহে হেৰুৱা লাগিব বুলি আশংকা  কৰা হৈছে ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ