--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশ বিধান সভাই এক নতুন নিয়ম গৃহীত কৰিবলৈ   কৰিবলৈ সাজু হৈছে।  তেনে নিয়মৰ ভিতৰত বিধানসভাৰ  সদস্যসকলে তেওঁলোকৰ মোবাইল ফোন সদনৰ ভিতৰত লৈ যাব নোৱাৰিব, নথিপত্ৰ ফালিব নোৱাৰিব বা অধ্যক্ষৰ ফালে পিঠি দি থিয় বা বহিব নোৱাৰিব। এই বিধেয়ক  গৃহীত হোৱাৰ পিছত উত্তৰ প্ৰদেশ বিধান সভাৰ  ২০২৩ -ৰ প্ৰক্ৰিয়া আৰু ব্যৱসায় পৰিচালনাৰ নিয়মাৱলীয়ে  উত্তৰ প্ৰদেশ বিধান সভা, ১৯৫৮ -ৰ প্ৰক্ৰিয়া আৰু ব্যৱসায় পৰিচালনাৰ নিয়মাৱলীৰ ঠাই ল’ব।  

"নতুন নিয়মটোকলৈ বিধেয়ক এখন  সোমবাৰে উত্থাপন কৰা হৈছিল। এই সন্দৰ্ভত আলোচনা বুধবাৰে অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত, ইয়াক গৃহীত কৰা হ'ব," উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই কয়। ।

নতুন নিয়মৰ অধীনত বিধায়কসকলে সদনত কোনো নথি পত্ৰ ছিঙিব নোৱাৰিব। তেওঁলোকে ভাষণ দিয়াৰ সময়ত গেলেৰীত থকা কাৰো ফালে আঙুলি টোৱাব নোৱাৰিব । বিধায়কসকলে অধ্যক্ষৰ ফালে পিঠি দি থিয় হ'ব বা বহিব নোৱাৰিব। তেওঁলোকে সদনত অস্ত্ৰ আনিব বা প্ৰদৰ্শন কৰিব নোৱাৰিব।সদস্যসকলে ধূমপান কৰিব নোৱাৰিব বা লবীত জোৰেৰে কথা পাতিব অথবা  হাঁহিব নোৱাৰিব।

নতুন নিয়ম অনুসৰি, ৰাজ্যিক বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ ম্যাদ বৰ্তমানৰ ১৪ দিনৰ পৰা আধাৰ পৰা সাত দিনলৈ হ্ৰাস কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন