--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ 'ভাৰত জোড়ো  যাত্ৰা'ত ভাগ ল’ব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাটৰ পৰা মেঘালয়লৈ 'ভাৰত জোড়ো  যাত্ৰা' কৰিবলৈ সাজু হৈছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'ভাৰত জোড়ো  যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে  এই সময়ছোৱাত ৰাহুলে  গুজৰাটৰ পৰা মেঘালয়লৈ পদযাত্ৰা কৰিব। 


একে সময়তে যেতিয়া ৰাহুল গান্ধীয়ে যাত্ৰা আৰম্ভ কৰিব, মহাৰাষ্ট্ৰ কংগ্ৰেছেও ৰাজ্যজুৰি পদযাত্ৰা আৰম্ভ কৰিব। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে অৱশ্যে যাত্ৰাৰ পথ আৰু ইয়াৰ তাৰিখৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

তেওঁ কৈছে  যে তেওঁ পূব বিদৰ্ভত পদযাত্ৰাৰ নেতৃত্ব দিব। তেওঁ কয় ’’মই নিজেই এই যাত্ৰাৰ নেতৃত্ব দিম। পশ্চিম বিদৰ্ভৰ বিজয় ৱাদেট্টিৱাৰ, উত্তৰ মহাৰাষ্ট্ৰৰ বালাচাহেব থোৰাট, মাৰাঠৱাড়াত অশোক চৱন , পশ্চিম মহাৰাষ্ট্ৰৰ পৃথ্বীৰাজ চৱন আৰু মুম্বাইৰ বৰ্ষা গায়কৱাডে পদযাত্ৰাৰ নেতৃত্ব দিব । সকলো নেতাই কোঙ্কণত তেওঁলোকৰ পদযাত্ৰা সমাপ্ত্ ঘটাব’’। 

পাটোলে লগতে কয় "পদযাত্ৰাৰ পিছত আমি সমগ্ৰ মহাৰাষ্ট্ৰত বাছ যাত্ৰা আৰম্ভ কৰিম। বাছ যাত্ৰাৰ লগতে  মহাৰাষ্ট্ৰত কংগ্ৰেছে  সভা অনুষ্ঠিত কৰিব আৰু মানুহৰ সৈতে কথা পাতিব। এই সময়ছোৱাত, সকলো নেতাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ত্ৰুটিবোৰ জনসাধাৰণক জনাব। 

ইয়াৰ পূৰ্বে যোৱা বছৰ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে 'ভাৰত জোড়ো  যাত্ৰা' আৰম্ভ কৰিছিল আৰু ১২ খন ৰাজ্য তথা  দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লৈছিল। সেই যাত্ৰা  কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু কাশ্মীৰত সমাপ্ত হৈছিল। সেই সময়ত 'ভাৰত জোড়ো  যাত্ৰা' ১৩০ দিনতকৈও অধিক সময় ধৰি চলিছিল।


উল্লেখ্য সোমবাৰে গুজৰাট বিধানসভাৰ বিৰোধী দলপতি অমিত চাৱদাই ৰাহুল গান্ধীক গুজৰাটৰ পৰা 'ভাৰত জোড়ো  যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বতত চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো  যাত্ৰাই সমগ্ৰ দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। ভাৰত জোড়ো  যাত্ৰাৰ পিছতে ৰাহুল গান্ধীৰ বাবে আহিছিল এটা বেয়া খবৰ। ২০১৯ চনৰে মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। 

ইয়াৰ পিছতে কৰ্তন হয় তেওঁৰ সাংসদ পদ। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতে কংগ্ৰেছে যেন পুনৰ আন এক শক্তি লাভ কৰিছে।


এক কথাত ভাৰত জোড়ো  যাত্ৰা কেৱল কংগ্ৰেছৰ যাত্ৰা হৈ থকা নাছিল। এইবাৰো তাৰ হয়তো ব্যতিক্ৰম নঘটিব বুলি বহুতে মন্তব্য কৰিছে।  চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশকে ধৰি দেশৰ কেইবাখনো ৰাজ্য এই   যাত্ৰাই অতিক্ৰম কৰিছিল।  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা সঁহাৰি আৰু প্ৰতিক্ৰিয়াই দেশত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে বহুতকে সংগঠিত কৰাত সহায় কৰা বুলিও অনেকে মন্তব্য কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন