--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ 'ভাৰত জোড়ো  যাত্ৰা'ত ভাগ ল’ব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাটৰ পৰা মেঘালয়লৈ 'ভাৰত জোড়ো  যাত্ৰা' কৰিবলৈ সাজু হৈছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'ভাৰত জোড়ো  যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে  এই সময়ছোৱাত ৰাহুলে  গুজৰাটৰ পৰা মেঘালয়লৈ পদযাত্ৰা কৰিব। 


একে সময়তে যেতিয়া ৰাহুল গান্ধীয়ে যাত্ৰা আৰম্ভ কৰিব, মহাৰাষ্ট্ৰ কংগ্ৰেছেও ৰাজ্যজুৰি পদযাত্ৰা আৰম্ভ কৰিব। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে অৱশ্যে যাত্ৰাৰ পথ আৰু ইয়াৰ তাৰিখৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

তেওঁ কৈছে  যে তেওঁ পূব বিদৰ্ভত পদযাত্ৰাৰ নেতৃত্ব দিব। তেওঁ কয় ’’মই নিজেই এই যাত্ৰাৰ নেতৃত্ব দিম। পশ্চিম বিদৰ্ভৰ বিজয় ৱাদেট্টিৱাৰ, উত্তৰ মহাৰাষ্ট্ৰৰ বালাচাহেব থোৰাট, মাৰাঠৱাড়াত অশোক চৱন , পশ্চিম মহাৰাষ্ট্ৰৰ পৃথ্বীৰাজ চৱন আৰু মুম্বাইৰ বৰ্ষা গায়কৱাডে পদযাত্ৰাৰ নেতৃত্ব দিব । সকলো নেতাই কোঙ্কণত তেওঁলোকৰ পদযাত্ৰা সমাপ্ত্ ঘটাব’’। 

পাটোলে লগতে কয় "পদযাত্ৰাৰ পিছত আমি সমগ্ৰ মহাৰাষ্ট্ৰত বাছ যাত্ৰা আৰম্ভ কৰিম। বাছ যাত্ৰাৰ লগতে  মহাৰাষ্ট্ৰত কংগ্ৰেছে  সভা অনুষ্ঠিত কৰিব আৰু মানুহৰ সৈতে কথা পাতিব। এই সময়ছোৱাত, সকলো নেতাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ত্ৰুটিবোৰ জনসাধাৰণক জনাব। 

ইয়াৰ পূৰ্বে যোৱা বছৰ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে 'ভাৰত জোড়ো  যাত্ৰা' আৰম্ভ কৰিছিল আৰু ১২ খন ৰাজ্য তথা  দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লৈছিল। সেই যাত্ৰা  কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু কাশ্মীৰত সমাপ্ত হৈছিল। সেই সময়ত 'ভাৰত জোড়ো  যাত্ৰা' ১৩০ দিনতকৈও অধিক সময় ধৰি চলিছিল।


উল্লেখ্য সোমবাৰে গুজৰাট বিধানসভাৰ বিৰোধী দলপতি অমিত চাৱদাই ৰাহুল গান্ধীক গুজৰাটৰ পৰা 'ভাৰত জোড়ো  যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বতত চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো  যাত্ৰাই সমগ্ৰ দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। ভাৰত জোড়ো  যাত্ৰাৰ পিছতে ৰাহুল গান্ধীৰ বাবে আহিছিল এটা বেয়া খবৰ। ২০১৯ চনৰে মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। 

ইয়াৰ পিছতে কৰ্তন হয় তেওঁৰ সাংসদ পদ। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতে কংগ্ৰেছে যেন পুনৰ আন এক শক্তি লাভ কৰিছে।


এক কথাত ভাৰত জোড়ো  যাত্ৰা কেৱল কংগ্ৰেছৰ যাত্ৰা হৈ থকা নাছিল। এইবাৰো তাৰ হয়তো ব্যতিক্ৰম নঘটিব বুলি বহুতে মন্তব্য কৰিছে।  চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশকে ধৰি দেশৰ কেইবাখনো ৰাজ্য এই   যাত্ৰাই অতিক্ৰম কৰিছিল।  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা সঁহাৰি আৰু প্ৰতিক্ৰিয়াই দেশত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে বহুতকে সংগঠিত কৰাত সহায় কৰা বুলিও অনেকে মন্তব্য কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস