--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশত বৰ্ধিত মূল্যবৃদ্ধীয়ে সাধাৰণ জনতাক জীয়াতু ভুগাইছে। কেতিয়াবা যদি শাক-পাচলিৰ মূল্যবৃদ্ধি হৈছে কেতিয়াবা অন্যান্য নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুইছে আকাশলংঘী সীমা৷ সম্প্ৰতি বজাৰত ঘেঁহুৰ বৰ্ধিত দামে সাধাৰণ জনতাক সমস্যাত পেলাইছে৷ ঘেঁহুৰ পৰ্যাপ্ত যোগানত প্ৰভাৱ পৰাৰ বাবেই এই উত্থান পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে। পাইকাৰী বজাৰত আটাৰ নূন্যতম মূল্য ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত ৰখাৰ সীমা সংশোধন কৰি সাধাৰণজনতাক বৰ্ধিত মূল্যৰ পৰা সকাহ প্ৰদান কৰিবৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে।

পাইকাৰী বজাৰত আটাৰ নূন্যতম মূল্য প্ৰতি কুইণ্টলত ২২৫০ টকাৰ পৰা প্ৰায় ২৮০০ টকালৈ বৃদ্ধি পাইছে।এনে পৰিস্থিতিত ঘেঁহু আৰু আটাৰ পৰা তৈয়াৰী সামগ্ৰীসমূহৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ঘেঁহুৰ মূল্য বৃদ্ধিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু উপলব্ধ আছে বুলি সদৰি কৰিছে। খাদ্য সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগতে চিণ্ডিকেট ৰোধ কৰিবলৈ ভাৰত চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব্যৱসায়ী, পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, বৃহৎ বিক্ৰেতাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ঘেঁহু মজুত ৰখাৰ সীমা সংশোধন কৰিছে৷ লগতে চৰকাৰে সকলো ঘেঁহু মজুতকাৰী সংস্থাক ঘেঁহুৰ মজুত সীমা পৰ্টেলত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে। প্ৰতি শুকুৰবাৰে মজুত থকা ঘেঁহুৰ পৰিমাণ সম্পৰ্কে তথ্য প্ৰদান কৰাৰো চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে ঘেঁহুৰ মজুত ৰখা সীমাৰ ওপৰত নজৰ ৰাখিব বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু