--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশত বৰ্ধিত মূল্যবৃদ্ধীয়ে সাধাৰণ জনতাক জীয়াতু ভুগাইছে। কেতিয়াবা যদি শাক-পাচলিৰ মূল্যবৃদ্ধি হৈছে কেতিয়াবা অন্যান্য নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুইছে আকাশলংঘী সীমা৷ সম্প্ৰতি বজাৰত ঘেঁহুৰ বৰ্ধিত দামে সাধাৰণ জনতাক সমস্যাত পেলাইছে৷ ঘেঁহুৰ পৰ্যাপ্ত যোগানত প্ৰভাৱ পৰাৰ বাবেই এই উত্থান পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে। পাইকাৰী বজাৰত আটাৰ নূন্যতম মূল্য ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত ৰখাৰ সীমা সংশোধন কৰি সাধাৰণজনতাক বৰ্ধিত মূল্যৰ পৰা সকাহ প্ৰদান কৰিবৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে।

পাইকাৰী বজাৰত আটাৰ নূন্যতম মূল্য প্ৰতি কুইণ্টলত ২২৫০ টকাৰ পৰা প্ৰায় ২৮০০ টকালৈ বৃদ্ধি পাইছে।এনে পৰিস্থিতিত ঘেঁহু আৰু আটাৰ পৰা তৈয়াৰী সামগ্ৰীসমূহৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ঘেঁহুৰ মূল্য বৃদ্ধিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু উপলব্ধ আছে বুলি সদৰি কৰিছে। খাদ্য সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগতে চিণ্ডিকেট ৰোধ কৰিবলৈ ভাৰত চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব্যৱসায়ী, পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, বৃহৎ বিক্ৰেতাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ঘেঁহু মজুত ৰখাৰ সীমা সংশোধন কৰিছে৷ লগতে চৰকাৰে সকলো ঘেঁহু মজুতকাৰী সংস্থাক ঘেঁহুৰ মজুত সীমা পৰ্টেলত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে। প্ৰতি শুকুৰবাৰে মজুত থকা ঘেঁহুৰ পৰিমাণ সম্পৰ্কে তথ্য প্ৰদান কৰাৰো চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে ঘেঁহুৰ মজুত ৰখা সীমাৰ ওপৰত নজৰ ৰাখিব বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু