--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(আইআইটি)ত শিক্ষা গ্ৰহন কৰাটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সপোন৷ প্ৰতি বছৰে আইআইটি পৰীক্ষাত লাখ লাখ ছাত্ৰ-ছাত্ৰী হাজিৰ হয়, কিন্তু নিৰ্বাচিত কেইজনমানহে ইয়াত সফল হয়, কিন্তু তাত পঢ়ি থকা একাধিক ছাত্ৰই কিয় প্ৰতিমাহে প্ৰাণ আহুতি দিছে। যোৱা দহ বছৰত এনে ছাত্ৰৰ সংখ্যা ১৫০% তকৈও অধিক বৃদ্ধি পাইছে। এতিয়া এটা স্বতন্ত্ৰ তদন্ত আয়োগ গঠনৰ দাবী উত্থাপন হৈছে, য’ত মনোৰোগ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

ভাৰতৰ সুনামধন্য অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটিত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে এক স্বতন্ত্ৰ তদন্ত আয়োগ গঠনৰ দাবী উত্থাপন হৈছে। পৰিসংখ্যা অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে মাত্ৰ ৯ মাহৰ ভিতৰত আত্মহত্যাৰ ফলত ১০ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে পাঁচজন ল’ৰা আৰু পাঁচগৰাকী ছোৱালী। আৰটিআইৰ তথ্য অনুসৰি যোৱা ২০ বছৰত আইআইটিৰ ১২৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। ২০০৫ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। অৰ্থাৎ যোৱা দহ বছৰত আইআইটিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যাৰ ঘটনা ১৫০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।


মুম্বাইৰ বৃহৎ চিকিৎসালয় আৰু ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ’চাইটিৰ সৈতে জড়িত দেশৰ এজন সুপৰিচিত মনোৰোগ বিশেষজ্ঞ ডাঃ হৰিশ শ্বেট্টীয়ে কয় যে “মনোবৈজ্ঞানিক মৰণোত্তৰ পৰীক্ষা” অতি গুৰুত্বপূৰ্ণ।

ডাঃ হৰিশ শ্বেট্টীয়ে কয়, মানসিক মৰণোত্তৰ পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। মনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী আৰু অধিবক্তাও ইয়াৰ অংশ হ’ব লাগে, মগজুৰ সম্পূৰ্ণ স্কেনিং হ’ব লাগে, ছ’চিয়েল মিডিয়াৰ সম্পূৰ্ণ তথ্য উলিয়াব লাগে, ছমাহৰ আগত কাক লগ পাইছিল, কি কথা পাতিলে, সম্পূৰ্ণ তথ্য আহৰণ কৰিব লাগে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement