--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(আইআইটি)ত শিক্ষা গ্ৰহন কৰাটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সপোন৷ প্ৰতি বছৰে আইআইটি পৰীক্ষাত লাখ লাখ ছাত্ৰ-ছাত্ৰী হাজিৰ হয়, কিন্তু নিৰ্বাচিত কেইজনমানহে ইয়াত সফল হয়, কিন্তু তাত পঢ়ি থকা একাধিক ছাত্ৰই কিয় প্ৰতিমাহে প্ৰাণ আহুতি দিছে। যোৱা দহ বছৰত এনে ছাত্ৰৰ সংখ্যা ১৫০% তকৈও অধিক বৃদ্ধি পাইছে। এতিয়া এটা স্বতন্ত্ৰ তদন্ত আয়োগ গঠনৰ দাবী উত্থাপন হৈছে, য’ত মনোৰোগ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

ভাৰতৰ সুনামধন্য অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটিত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে এক স্বতন্ত্ৰ তদন্ত আয়োগ গঠনৰ দাবী উত্থাপন হৈছে। পৰিসংখ্যা অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে মাত্ৰ ৯ মাহৰ ভিতৰত আত্মহত্যাৰ ফলত ১০ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে পাঁচজন ল’ৰা আৰু পাঁচগৰাকী ছোৱালী। আৰটিআইৰ তথ্য অনুসৰি যোৱা ২০ বছৰত আইআইটিৰ ১২৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। ২০০৫ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। অৰ্থাৎ যোৱা দহ বছৰত আইআইটিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যাৰ ঘটনা ১৫০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।


মুম্বাইৰ বৃহৎ চিকিৎসালয় আৰু ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ’চাইটিৰ সৈতে জড়িত দেশৰ এজন সুপৰিচিত মনোৰোগ বিশেষজ্ঞ ডাঃ হৰিশ শ্বেট্টীয়ে কয় যে “মনোবৈজ্ঞানিক মৰণোত্তৰ পৰীক্ষা” অতি গুৰুত্বপূৰ্ণ।

ডাঃ হৰিশ শ্বেট্টীয়ে কয়, মানসিক মৰণোত্তৰ পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। মনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী আৰু অধিবক্তাও ইয়াৰ অংশ হ’ব লাগে, মগজুৰ সম্পূৰ্ণ স্কেনিং হ’ব লাগে, ছ’চিয়েল মিডিয়াৰ সম্পূৰ্ণ তথ্য উলিয়াব লাগে, ছমাহৰ আগত কাক লগ পাইছিল, কি কথা পাতিলে, সম্পূৰ্ণ তথ্য আহৰণ কৰিব লাগে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু