--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ লগতে সমগ্ৰ বিশ্বত উদযাপন কৰা হ’ব আজি মেৰী খ্ৰীষ্টমাছ। এই উৎসৱ উদযাপনৰ বাবে মানুহে প্ৰস্তুতি অব্যাহত থকাৰ মাজতে এখন ধেমেলীয়া ফটো ভাইৰেল হৈ পৰিছে। দেখা যায় যে এখন ক্ৰিছমাছ কাৰ্ডত দাঁতৰ এক্স-ৰে ছপা হৈ আছে।

 দৰাচলতে এই ঘটনা আমেৰিকাৰ এজন ব্যক্তিৰ লগত সংঘটিত হৈছে। তেওঁৰ ওচৰ-চুবুৰীয়াই মোবাইল ফোনৰ জৰিয়তে তেওঁৰ দাঁতৰ এক্স-ৰে পঠিয়াই ডাক্তৰৰ কাষলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল। ভুলতে এই এক্স-ৰে ৰিপ’ৰ্ট ডাক্তৰলৈ পঠোৱাৰ সলনি তেওঁ খ্ৰীষ্টমাছ কাৰ্ডখন প্ৰিণ্টাৰলৈ পঠিয়াই দিলে আৰু সেইখনকে খ্ৰীষ্টমাছ কাৰ্ডত ছপা কৰিছিল।

 আচৰিত কথাটো হ’ল এই ছবিখন এখন নহয়, সমগ্ৰ ৯০খন খ্ৰীষ্টমাছ কাৰ্ডত ছপা হৈছিল। যেতিয়া সকলো কাৰ্ড সেই ব্যক্তিজনৰ ওচৰ পালে, তেওঁ আচৰিত হ’ল। লগে লগে প্ৰিণ্টাৰলৈ ফোন কৰিলে প্ৰিণ্টাৰজনে ক’লে যে তেওঁৰ কোনো দোষ নাই কাৰণ তেওঁ যিখন ছবি পাইছিল, সেইখন ছবি ছপা কৰা হৈছিল।

 ইয়াৰ পাছত যেতিয়া ব্যক্তিজনে পুনৰ মোবাইলটো চেক কৰিলে, তেতিয়া তেওঁ বুজিলে যে সেয়া তেওঁৰ নিজৰ দোষ। তেওঁ কেৱল এই এক্সৰেখনেই পঠিয়াইছিল। বৰ্তমান সময়ত ব্যক্তিজনে এই কাৰ্ডখন সেইজন ব্যক্তিলৈ পঠিয়াইছিল যিজনে এক্স-ৰে ৰিপ’ৰ্ট ডাক্তৰক দেখুৱাবলৈ কৈছিল আৰু বৰ্তমান ইয়াৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ