--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিন উদ্‌যাপন কৰি দুই অধিবক্তাৰ ৰোষত ৰণবীৰ কাপুৰ৷ বৰদিন উদযাপনৰ ভিডিঅ'ৰ উদ্ধৃতি দি মুম্বাইৰ দুই অধিবক্তাই বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত কৰা আৰু "সনাতন ধৰ্ম"ক অপমান কৰাৰ অভিযোগত ঘাটকোপৰ থানাত এজাহাৰ দাখিল কৰিছে।

অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰই দাখিল কৰা এজাহাৰত ৰণবীৰ কাপুৰৰ ভাইৰেল ভিডিঅ'ৰ কথা উল্লেখ কৰা হৈছে য'ত কোনোবাই ৱাইন ঢালি দিয়াৰ সময়ত কেক জ্বলাই "জয় মাতা দি" বুলি কোৱা দেখা গৈছে।




উক্ত ভিডিঅ’টোত কুনাল কাপুৰক বৰদিনৰ কেকৰ সন্মুখত বহি থকা দেখা গৈ আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ‘ফৰাজ’ৰ সৈতে চলচ্চিত্ৰ জগতত অভিষেক ঘটোৱা জাহান কাপুৰে কেকটোৰ ওপৰত ৱাইন ঢালিছে।সেই সময়তে ভিডিঅ’টোত ৰণবীৰে 'জয় মাতা দি' ধ্বনি দিয়ে৷

হিন্দু ধৰ্মত আন দেৱতাক আমন্ত্ৰণ কৰাৰ পূৰ্বে অগ্নিদেৱতাক আমন্ত্ৰণ কৰা হয় যদিও কাপুৰ পৰিয়ালৰ লোকে ইচ্ছাকৃতভাৱে আন ধৰ্মৰ উৎসৱ পালন কৰাৰ সময়ত হিন্দু ধৰ্মত নিষিদ্ধ মাদক দ্ৰব্য ব্যৱহাৰ কৰি "জয় মাতা দি" ধ্বনি দিয়ে বুলি অভিযোগত উল্লেখ কৰিছে।

ইয়াৰ ফলত অভিযোগকাৰীৰ ধৰ্মীয় আৱেগত আঘাত পোৱা বুলিও কোৱা হৈছে।অভিযোগত এই ধৰণৰ অপৰাধমূলক কাণ্ডই অভিযোগকাৰী আৰু সনাতন ধৰ্ম্মীসকলৰ ধৰ্মীয় আৱেগক আঘাত হানিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে।অৱশ্যে এই অভিযোগৰ ভিত্তিত ৰণবীৰ কাপুৰৰ বিৰুদ্ধে এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক