--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিন উদ্‌যাপন কৰি দুই অধিবক্তাৰ ৰোষত ৰণবীৰ কাপুৰ৷ বৰদিন উদযাপনৰ ভিডিঅ'ৰ উদ্ধৃতি দি মুম্বাইৰ দুই অধিবক্তাই বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত কৰা আৰু "সনাতন ধৰ্ম"ক অপমান কৰাৰ অভিযোগত ঘাটকোপৰ থানাত এজাহাৰ দাখিল কৰিছে।

অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰই দাখিল কৰা এজাহাৰত ৰণবীৰ কাপুৰৰ ভাইৰেল ভিডিঅ'ৰ কথা উল্লেখ কৰা হৈছে য'ত কোনোবাই ৱাইন ঢালি দিয়াৰ সময়ত কেক জ্বলাই "জয় মাতা দি" বুলি কোৱা দেখা গৈছে।




উক্ত ভিডিঅ’টোত কুনাল কাপুৰক বৰদিনৰ কেকৰ সন্মুখত বহি থকা দেখা গৈ আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ‘ফৰাজ’ৰ সৈতে চলচ্চিত্ৰ জগতত অভিষেক ঘটোৱা জাহান কাপুৰে কেকটোৰ ওপৰত ৱাইন ঢালিছে।সেই সময়তে ভিডিঅ’টোত ৰণবীৰে 'জয় মাতা দি' ধ্বনি দিয়ে৷

হিন্দু ধৰ্মত আন দেৱতাক আমন্ত্ৰণ কৰাৰ পূৰ্বে অগ্নিদেৱতাক আমন্ত্ৰণ কৰা হয় যদিও কাপুৰ পৰিয়ালৰ লোকে ইচ্ছাকৃতভাৱে আন ধৰ্মৰ উৎসৱ পালন কৰাৰ সময়ত হিন্দু ধৰ্মত নিষিদ্ধ মাদক দ্ৰব্য ব্যৱহাৰ কৰি "জয় মাতা দি" ধ্বনি দিয়ে বুলি অভিযোগত উল্লেখ কৰিছে।

ইয়াৰ ফলত অভিযোগকাৰীৰ ধৰ্মীয় আৱেগত আঘাত পোৱা বুলিও কোৱা হৈছে।অভিযোগত এই ধৰণৰ অপৰাধমূলক কাণ্ডই অভিযোগকাৰী আৰু সনাতন ধৰ্ম্মীসকলৰ ধৰ্মীয় আৱেগক আঘাত হানিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে।অৱশ্যে এই অভিযোগৰ ভিত্তিত ৰণবীৰ কাপুৰৰ বিৰুদ্ধে এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক