--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱটৰ মন ভৰি পৰিছে। কোলাত  'বেবী ৰাণাৱট'ক  লৈ চিকিৎসালয়ৰ পৰাই সেয়ে ভাল খবৰটো দিছে  কংগনাই। জুলাই মাহতে কংগনাই   'বেবী ৰাণাৱট'ৰ আগতীয়া জাননী দিছিল। অৱশে।ত কংগনা ৰাণাৱটে নৱৰাত্ৰিৰ  সময়তে ভাল খবৰটো দিছে। অভিনেত্ৰীগৰাকীৰ পৰিয়াললৈ এগৰাকী  নতুন সদস্যৰ আগমন ঘটিছে। 

সেয়ে ৰাণাৱত পৰিয়ালত এতিয়া সুখৰ বতাহ বলিছে। অনুপম খেৰ, মহিমা চৌধুৰী আৰু যে কিমানে  কংগনাক অভিনন্দন জনাইছে তাৰ লেখ-জোখ নাই। কংগনা ৰাণাৱত পেঙীয়েক হৈছে। বৰ্তমান  হিমাচল প্ৰদেশতথকা কংগনাই তেওঁৰ অনুৰাগীসকলক   ভাল খবৰটো দিছে। 

 কংগনাৰ পৰিয়াললৈ  এজন যুৱ সদস্য আহি উপস্থিত হৈছে। কংগনা ৰাণাৱত শুক্ৰবাৰে পেহীয়েক হৈছে । দৰাচলতে কংগনাৰ ভাতৃ অক্ষত ৰাণাৱতৰ পত্নী ৰিতুৱে  জন্ম দিছে এটি  পুত্ৰৰ সন্তান।  নৱজাতকক কোলাতলৈ কংগনাই  সকলোকে এই ভাল খবৰটো দিছে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ছবিখনত, 'বেবী ৰাণাৱত'ক তেওঁৰ পেহীয়েকৰ বাহুত আলফুলকৈ থকা  দেখা গৈছে।
২০২০  চনত কংগনাৰ ভাতৃ অক্ষত ৰাণাৱটে ৰিতুৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কংগনাৰ সৈতে এই শুভ মুহূৰ্তত তেওঁৰ ভগ্নী ৰংগোলী ৰাণাৱতকো দেখা গৈছে। তেওঁলোক সকলোৱে একেলগে নাচিছে, আনন্দ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক