--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৰিজিৎ সিং ভাৰতীয় সংগীত জগতৰ অন্যতম উল্লেখযোগ্য নাম৷অৰিজিৎ সিঙৰ কণ্ঠ প্ৰতিজন সংগীতপ্ৰেমীৰ অতিশয় প্ৰিয়৷শেহতীয়াকৈ পুনৰ প্ৰেক্ষাপটত অৰিজিৎ সিঙৰ প্ৰসংগ৷কিছুদিনৰ পৰা বলীউড জগতত চৰ্চা চলিছে যে অভিনেতা ছলমান খানে গায়ক অৰিজিৎ সিঙৰ সৈতে হোৱা মনোমালিন্য শেষ কৰিছে।দৰাচলতে শেহতীয়াকৈ ছলমানে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘টাইগাৰ-৩’ৰ এটা গীতৰ আভাস সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। যিটো গীতত অৰিজিৎ সিঙে কণ্ঠদান কৰিছে।

এই বিশেষ পোষ্টটো ছলমান খানে নিজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম দুয়োটা একাউণ্টতে শ্বেয়াৰ কৰিছে। য’ত তেওঁক ছবিখনৰ অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে দেখা গৈছে৷ এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত ছলমান খানে লিখিছে - 'লেকে প্ৰভু কা নাম' - এইটো মোৰ বাবে অৰিজিৎ সিঙৰ প্ৰথম গীত।’ উল্লেখ্য যে ইয়াৰ লগতে ছলমানে অনুৰাগীসকলক জনাইছে যে এই গীতটো অহা ২৩ অক্টোবৰত মুক্তি পাব।

স্মৰ্তব্য যে অৰিজিৎ সিং আৰু ছলমান খানৰ বিবাদ প্ৰায় ১০ বছৰ আগতেই আৰম্ভ হৈছিল। যেতিয়া এটা বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত দুয়োৰে মাজত তৰ্ক হৈছিল। খবৰ অনুসৰি এই তৰ্কৰ পাছত ছলমান খানে গায়কগৰাকীৰ ওপৰত ইমানেই খং কৰিছিল যে ছলমানৰ ছবিৰ পৰা অৰিজিতৰ গীতো আঁতৰাই পেলাইছিল। কিন্তু এতিয়া দুয়োৰে মাজত সেই তিক্ত সম্পৰ্ক মধুৰ সম্পৰ্কলৈ পৰিৱৰ্তিত হৈছে৷

‘টাইগাৰ ৩’ ছবিখনৰ কথা ক’বলৈ গ’লে এইবাৰ দীপাৱলী উপলক্ষে অৰ্থাৎ ১২ নৱেম্বৰত মুক্তি পাবলৈ গৈ আছে। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ ট্ৰেইলাৰে। ছবিখনত ছলমান খানৰ উপৰিও কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও শ্বাহৰূখ খানক ছবিখনত কেমিঅ’ কৰাও দেখা যাব। এই কাৰণেও অনুৰাগীসকলে ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান