--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৰিজিৎ সিং ভাৰতীয় সংগীত জগতৰ অন্যতম উল্লেখযোগ্য নাম৷অৰিজিৎ সিঙৰ কণ্ঠ প্ৰতিজন সংগীতপ্ৰেমীৰ অতিশয় প্ৰিয়৷শেহতীয়াকৈ পুনৰ প্ৰেক্ষাপটত অৰিজিৎ সিঙৰ প্ৰসংগ৷কিছুদিনৰ পৰা বলীউড জগতত চৰ্চা চলিছে যে অভিনেতা ছলমান খানে গায়ক অৰিজিৎ সিঙৰ সৈতে হোৱা মনোমালিন্য শেষ কৰিছে।দৰাচলতে শেহতীয়াকৈ ছলমানে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘টাইগাৰ-৩’ৰ এটা গীতৰ আভাস সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। যিটো গীতত অৰিজিৎ সিঙে কণ্ঠদান কৰিছে।

এই বিশেষ পোষ্টটো ছলমান খানে নিজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম দুয়োটা একাউণ্টতে শ্বেয়াৰ কৰিছে। য’ত তেওঁক ছবিখনৰ অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে দেখা গৈছে৷ এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত ছলমান খানে লিখিছে - 'লেকে প্ৰভু কা নাম' - এইটো মোৰ বাবে অৰিজিৎ সিঙৰ প্ৰথম গীত।’ উল্লেখ্য যে ইয়াৰ লগতে ছলমানে অনুৰাগীসকলক জনাইছে যে এই গীতটো অহা ২৩ অক্টোবৰত মুক্তি পাব।

স্মৰ্তব্য যে অৰিজিৎ সিং আৰু ছলমান খানৰ বিবাদ প্ৰায় ১০ বছৰ আগতেই আৰম্ভ হৈছিল। যেতিয়া এটা বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত দুয়োৰে মাজত তৰ্ক হৈছিল। খবৰ অনুসৰি এই তৰ্কৰ পাছত ছলমান খানে গায়কগৰাকীৰ ওপৰত ইমানেই খং কৰিছিল যে ছলমানৰ ছবিৰ পৰা অৰিজিতৰ গীতো আঁতৰাই পেলাইছিল। কিন্তু এতিয়া দুয়োৰে মাজত সেই তিক্ত সম্পৰ্ক মধুৰ সম্পৰ্কলৈ পৰিৱৰ্তিত হৈছে৷

‘টাইগাৰ ৩’ ছবিখনৰ কথা ক’বলৈ গ’লে এইবাৰ দীপাৱলী উপলক্ষে অৰ্থাৎ ১২ নৱেম্বৰত মুক্তি পাবলৈ গৈ আছে। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ ট্ৰেইলাৰে। ছবিখনত ছলমান খানৰ উপৰিও কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও শ্বাহৰূখ খানক ছবিখনত কেমিঅ’ কৰাও দেখা যাব। এই কাৰণেও অনুৰাগীসকলে ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক