--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

কিছুমান মানুহৰ কৰ্মৰাজিয়ে আমাৰ চকুত চমক লগায়। মগজুলৈও এৰি দিয়ে প্রশ্নবান। ক্ষন্তেক সময়ৰ বাবে হ'লেও ভাবিবলৈ বাধ্য হওঁ সঁচাকৈয়ে মানুহে কৰিব নােৱাৰা কাম কিবা আছে জানাে এই পৃথিৱীত? জীৱনটোক ভালদৰে উপলব্ধি কৰিবলৈ, জীৱনৰ মহত্ত্ব বুজাবলৈ, সফলতা কি; সেয়া বুজাবলৈ কিছুমান মানুহ আমাৰ বাবে প্ৰেৰণাৰ অমল সুঘ্রাণ অথবা আদর্শ নিমল উৎস হৈ ৰয়। এগৰাকী বনকৰা মহিলা হ'লগৈ প্রসিদ্ধ লেখিকা। শুনিবলৈ সাধু সাধু যেন লগা কথা, কিন্তু সত্য যে এয়াই। আহকচোন আজি পৰিচয় হওঁ বেবী হালদাৰৰ সৈতে। 'কামৱালী বাই' বুলিয়ে সকলোৱে জনা মহিলাগৰাকীয়ে যেতিয়া নিজ প্রতিভা আৰু প্ৰচেষ্টাৰ বলত সফলতাৰ আকাশ চুইছিল, তেতিয়া সর্বত্র চৰ্চিত হৈছিল তেওঁৰ নাম। শুনি আচৰিত হ'ব যে বেবীয়ে পঢ়িছে মাথো যষ্ঠ শ্রেণীলৈকে। কিন্তু নিজৰ গুণৰ বলত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিকৰ দৰেই তেওঁ লাভ কৰিছে সম্মান আৰু মর্যাদা।

দেখাত তেনেই সাধাৰণ অথচ আসাধাৰণ মহিলাগৰাকী দিল্লীৰ সমীপৰ গুড়গাঁৱৰ প্রবােধ কুমাৰ নামৰ এগৰাকী ব্যক্তি ঘৰৰ বনকৰা মহিলা। প্রবােধ কুমাৰ ভাৰতৰ প্রথিতযশা সাহিত্যিক মুন্সী প্রেমচন্দৰ নাতি তথা তেওঁ এনথ্র’পলজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। স্বাভাৱিকতেই এইগৰাকী ব্যক্তিৰ ঘৰত বিৰাজমান এক সুস্থ শৈক্ষিক পৰিৱেশ। সেই পৰিৱেশে হয়তাে বেবীকো আগ্রহী কৰি তুলিছিল কিতাপ লিৰিকি বিদাৰি চাবলৈ। সময় পালেই বেবীয়ে কিতাপৰ পাত শুঙি তাৰ সুবাস লৈছিল। লাহে লাহে ঘৰৰ গৃহস্থ প্রবােধ কুমাৰৰ চকুত পৰিল বেবীৰ এটি অধ্যয়নপিপাসু মন আছে। তেওঁ এদিন কিতাপৰ ৰেকটো দেখুৱাই যি ইচ্ছা সেয়া পঢ়িবৰ বাবে অনুপ্রাণিত কৰিলে বেবীক। বেবী হালদাৰ আহ্লাদিত হৈ উঠিল। তেওঁ প্রথমেই হাতত তুলি ললে তছলিমা নাছৰিনৰ 'আমাৰ মেয়েবেলা' নামৰ কিতাপখন। এইখনে তেওঁৰ অধ্যয়ন স্পৃহা আৰু বঢ়াই তুলিলে।

কামৰ ফাঁকে ফাঁকে অথবা কাম-বন সামৰি-সুতৰি বেবী ডুব যায় আশাপূর্ণা দেৱী, মহাশ্বেতা দেৱী, মুন্সী প্রেমচন্দ, বুদ্ধদেৱ গুহ আদিৰ দৰে বিশ্ববৰেণ্য সাহিত্যিকৰ ৰচনাৰ সাগৰত। হঠাতে এদিন প্রবােধ কুমাৰে বেবীৰ হাতত তুলি দিলে এখন নােটবুক আৰু এটা কলম। তেওঁ বেবীক ক'লে পঢ়া-শুনাৰ সমান্তৰালকৈ এই নােটবুকত যি পাৰে লিখি যাবলৈ। এই আকস্মিক প্রস্তাৱত বেবী হতবাক হৈ পৰিছিল লগতে অপ্রস্তুতাে। বছৰ বছৰ ধৰি কিতাপ-পত্ৰৰ লগত সম্পর্ক নথকা বেবীয়ে যে কাগজত আঁক এটা মাৰিবলৈও পাহৰি গৈছে, কিবা লিখাটোতাে দূৰৰ কথা। বেবীৰ মনৰ থেৰোগেৰো ভাৱ দূৰ কৰি প্রবােধ কুমাৰে তাইৰ জীৱনৰ ঘটনাবহুল কথাবােৰকে নােটবুকত লিপিবদ্ধ কৰিবলৈ ক'লে। বুকুত চেপি ৰখা কান্দোনক বহীৰ পাতত উজাৰি দিবলৈ এক প্রকাৰৰ পৰামৰ্শই দিলে প্রবােধ কুমাৰে। বেবীয় গিৰিহঁতৰ কথা মানি সদায় ঝাড়ু মৰা হাতখনেৰেই তুলি ল'লে এইবাৰ কলম। নিশাৰ সময়ত নির্জন প্ৰহৰত সেই কলমেৰে নিগৰিত হ’ল তেওঁৰ জীৱনৰ বহু অকথিত কথা। বুকুৰ সন্তাপ গলি গলি কলমেৰে বৈ আহি বিয়পি পৰিল কাগজৰ বুকুত। বেবীয়ে স্মৃতি ৰােমন্থনেৰে লিখি গ’ল নিজ জীৱনৰ সংঘাতময় কাহিনী।

১৯৭৩ চনৰ ১৯ জুনত কাশ্মীৰত জন্মগ্ৰহণ কৰিছিল বেবীয়ে।শৈশৱকালত কাশ্মীৰত কটোৱা সময়বােৰ, নিষ্ঠুৰ পিতৃৰ ঘৰৰ সদস্যৰ ওপৰত পাশৱিক অত্যাচাৰ, মাকৰ নিৰুদ্দেশ, পিতৃৰ দ্বিতীয় বিবাহ, ভগ্নীৰ স্বামীৰ হাতত মৃত্যুবৰণ, পিতৃয়ে বেবীৰ মাত্র ১২ বছৰ বয়সতে তাইতকৈ ১৪ বছৰে ডাঙৰ এজন লােকৰ লগত বিয়া দিয়া, ১৩ বছৰ বয়সত মাতৃত্ব অর্জন, ১৫ বছৰ বয়সতে তিনিটাকৈ সন্তান লালন-পালন, পাষাণ হৃদয়ৰ স্বামীৰ নিতৌ অত্যাচাৰ, ২৫ বছৰ বয়সত স্বামীগৃহ ত্যাগ কৰি দিল্লীত আহি থিতাপি লােৱা, এককভাৱে, সৎ পথত থাকি অতি কষ্টৰে তিনিটা সন্তানক মানুহ কৰাৰ দায়িত্ব আদি বিভিন্ন সংগ্রাম-সংঘর্ষৰে জৰ্জৰিত সময়বােৰৰ কথা শাৰী শাৰাকৈ নােটবুকখনত সজ্জিত কৰি গ'ল বেবীয়ে। যাৰ ফলত ২০০২ চনত গ্রন্থ জগতত প্ৰৱেশ কৰিলে ‘আলাে-আঁধাৰি’ নামৰ বাংলা ভাষাত লিখা গ্রন্থখনে। প্রকাশৰ লগে লগেই আলাে-আঁধাৰিয়ে গ্রন্থ জগতত তােলপাৰ লগালে। হৈ-চৈও লাগিল এগৰাকী বনকৰা মহিলাই কেনেকৈ ইমান সুন্দৰকৈ লিখিব পাৰিছে! বাংলাৰ লগতে কিতাপখনৰ হিন্দী সংস্কৰণ এটাও প্রকাশ পালে। যাৰ ফলত ৰাতিটোৰ ভিতৰতে জনপ্রিয় হৈ উঠিল বেবী হালদাৰ।

২০০৬ চনত প্রখ্যাত লেখিকা উর্বশী বুটালিয়াই গ্ৰন্থখন 'A Life less Ordinary' নাম দি ইংৰাজী ভাষালৈ অনুবাদ কৰে। ইয়াৰ লগে লগে সমগ্র পৃথিৱীৰ গ্ৰন্থপ্রেমিক হৃদয়ত হান ল’বলৈ সক্ষম হ'ল এই বিশেষ গ্রন্থখনে। পুথি সমালােচকসকলৰো কৰিলে দৃষ্টি আকর্ষণ। দেশী-বিদেশী মুঠ ২৪টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে আলো-আঁধাৰি। ২০১০ চনত ‘ঈষৎ ৰূপান্তৰ' (প্ৰথমখনৰ ছিকুৱেল) নামেৰে দ্বিতীয়খন গ্রন্থ তেওঁ পঢ়ুৱৈসকলৰ মাজত মুকলি কৰি দিয়ে। ২০১৪ চনত প্রকাশ পায় ‘ঘৰেফেৰাৰ পথ’ নামৰ বেৰী হালদানৰ তৃতীয়খন গ্রন্থ। উল্লেখ্য যে বেবীৰ তিনিওখন গ্রন্থই “বেষ্ট ছেলাৰ'ৰ তালিকাত অন্তর্ভুক্ত হােৱাৰ গৌৰৱ অর্জন কৰিছে। বর্তমান সময়ত দেশ-বিদেশৰ বিভিন্ন সাহিত্য অনুষ্ঠানত বিশেষভাৱে আমন্ত্রিত অতিথি হিচাপে যােগদান কৰে তেওঁ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিকৰ সৈতে একেলগে বহি ভাষণ আগবঢ়ায়।

টেলিভিছনতাে তেওঁৰ সাক্ষাৎকাৰ কেইবাবাৰাে প্রদর্শিত হৈছে। বেষ্ট ছেলিং কিতাপৰ ৰয়েল্টী হিচাপে পােৱা টকা-পইচাৰে এটা বিলাসপূর্ণ জীৱন কটাবলৈ বেবী হালদাৰ সক্ষম যদিও এতিয়াও তেওঁ প্রবােধ কুমাৰৰ ঘৰত বনকৰা মহিলা হিচাপেই কাম কৰি আছে। ঘৰৰ কাম-বনৰ মাজে মাজে অব্যাহত ৰাখিছে সাহিত্যচর্চা। যশ, খ্যাতি, সম্মান, অর্থৰে তেওঁৰ জীৱন আলােকিত হলেও পূর্বৰ শিপাডাল এতিয়াও খামুচি আছে অসাধাৰণ নাৰীগৰাকীয়ে। লেখিকা হিচাপে পৰিচয় দি যিমান ভাল পায়, সিমানেই তেওঁ ভাল পায় বনকৰা মহিলা হিচাপে পৰিচয় দি। সফলতা প্রাপ্তিৰ চুড়ান্ত শিখৰত উপনীত হৈও কোনাে গল্প, ভম, অহংকাৰে চুব নােৱাৰা বেবী হালদাৰে চুবলৈ সক্ষম হৈছে আকাশৰ বিশালতা। বেবী হালদাৰে যাত্ৰা কৰিলে শূন্যৰ পৰা শিখৰলৈ…।

-কস্তুৰী বৰঠাকুৰ

আৰু পঢ়কঃ হোটেলত বাচন ধোৱা,স্কুলত ৰান্ধনিৰ কাম কৰা হলধৰ নাগৰ ‘পদ্মশ্ৰী’ যাত্ৰা


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement