--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে দিছে বিনামূলীয়া বিটকইন! শনিবাৰে মাজনিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ পৰা বিটকইন সম্পৰ্কীয় কৰা টুইটে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। পিছে এয়া আছিল কোনো হেকাৰৰ কামহে। শনিবাৰে মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট।

প্ৰধানমন্ত্ৰীৰ মোদীৰ টুইটাৰৰ পৰা দিয়া এটা টুইটত লিখা আছিল যে ভাৰত চৰকাৰে বিটকইনত বিনিয়োগ কৰিছে আৰু সকলো ভাৰতীয়কে বিটকইন দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক হোৱাৰ কিছুসময়ত পাছতেই একাউন্টটো পুনৰুদ্ধাৰ কৰাৰ লগতে ভুৱা টুইটসমূহ ডিলিট কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক বিবৃতি দি কোৱা হৈছে যে,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডল খুব কম সময়ৰ বাবে হেক কৰা হৈছিল, প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টটো পুনৰোদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে।’’ প্ৰধানমন্ত্ৰীৰ একাউণ্ট ইয়াৰ পূৰ্বেও হেক হৈছে। যিটো টুইটাৰ একাউন্টত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত ৱেবছাইট তথা মোবাইল এপ আপডেট কৰা হয় সেইটো যোৱাবছৰ ছেপ্টেম্বৰত কোনো অজ্ঞাত গ্ৰুপে হেক কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সমগ্ৰ বিষয়টো টুইটাৰক জনোৱা বুলি টুইটৰ জৰিয়তে জনাইছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্টৰ ৭৩.৪মিলিয়নতকৈয়ো অধিক ফল’ৱাৰ্ছ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি