--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে দিছে বিনামূলীয়া বিটকইন! শনিবাৰে মাজনিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ পৰা বিটকইন সম্পৰ্কীয় কৰা টুইটে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। পিছে এয়া আছিল কোনো হেকাৰৰ কামহে। শনিবাৰে মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট।

প্ৰধানমন্ত্ৰীৰ মোদীৰ টুইটাৰৰ পৰা দিয়া এটা টুইটত লিখা আছিল যে ভাৰত চৰকাৰে বিটকইনত বিনিয়োগ কৰিছে আৰু সকলো ভাৰতীয়কে বিটকইন দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক হোৱাৰ কিছুসময়ত পাছতেই একাউন্টটো পুনৰুদ্ধাৰ কৰাৰ লগতে ভুৱা টুইটসমূহ ডিলিট কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক বিবৃতি দি কোৱা হৈছে যে,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডল খুব কম সময়ৰ বাবে হেক কৰা হৈছিল, প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টটো পুনৰোদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে।’’ প্ৰধানমন্ত্ৰীৰ একাউণ্ট ইয়াৰ পূৰ্বেও হেক হৈছে। যিটো টুইটাৰ একাউন্টত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত ৱেবছাইট তথা মোবাইল এপ আপডেট কৰা হয় সেইটো যোৱাবছৰ ছেপ্টেম্বৰত কোনো অজ্ঞাত গ্ৰুপে হেক কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সমগ্ৰ বিষয়টো টুইটাৰক জনোৱা বুলি টুইটৰ জৰিয়তে জনাইছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্টৰ ৭৩.৪মিলিয়নতকৈয়ো অধিক ফল’ৱাৰ্ছ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক