--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিটা দীঘলীয়া বছৰৰ পাছত পুনৰ দেশজুৰি এতিয়া শ্বাহৰুখ খানক লৈ উন্মাদনা। ‘পাঠান’ ছবিখনৰ জৰিয়তে তেওঁ ৰাজকীয় প্ৰত্যাৱৰ্তন কৰিছে।

যশ ৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ মূল আকৰ্ষণ হৈছে একচনৰ দৃশ্যসমূহ। শ্বাহৰুখৰ উপৰিও ছবিখনত জন আব্ৰাহাম, দীপিকা পাডুকনেও একচনৰ দৃশ্যসমূহত অভিনয় কৰিছে।

কেতিয়াবা বন্দুকেৰে গুলীচালনা, কেতিয়াবা অপৰাধীক হাত-ভৰিৰে প্ৰহাৰ, কেতিয়াবা হেলিকপ্টাৰত ওলমি থকা অৱস্থাত প্ৰতিপক্ষক আক্ৰমণ- সকলো আছে 'পাঠান’ত।

৫৭ বছৰ বয়সত শ্বাহৰুখে একচন দৃশ্যসমূহত অৱতীৰ্ণ হোৱা দেখি অনুৰাগীসকল আপ্লুত হৈছে। কিন্তু 'পাঠান’ৰ প্ৰায়বোৰ একচন দৃশ্যতে শ্বাহৰুখ নাছিল।

শ্বাহৰুখে অভিনয় কৰা বেছিভাগ ষ্টাণ্টতে বডি ডাবলছৰ সহায় লৈ শ্বুট কৰা হৈছিল। 'পাঠান’ত শ্বাহৰুখৰ বডি ডাবলৰ দায়িত্ব লোৱা ষ্টাণ্টমেনজন হৈছে প্ৰশান্ত ৱাল্ডে। দীৰ্ঘদিন ধৰি তেওঁ এই কাম কৰি আহিছে। 'পাঠান’ৰ শ্বুটিঙৰ সময়ত তেওঁ প্ৰায়বোৰ একচন দৃশ্যত অৱতীৰ্ণ হৈছিল। প্ৰশান্তই নিখুঁত দক্ষতাৰে কেমেৰাৰ সন্মুখত ষ্টাণ্টসমূহ পৰিৱেশন কৰিছিল।

একাংশই দাবী কৰে যে প্ৰশান্তৰ মুখৰ লগত শ্বাহৰুখৰ মুখখনৰ কিছু সাদৃশ্য আছে। এক দশকৰো অধিক সময় ধৰি তেওঁ শ্বাহৰুখৰ ষ্টাণ্টমেন হিচাপে উদ্যোগটোত কাম কৰি আহিছে। উপাৰ্জনো কৰিছে তেনেদৰেই।

ইয়াৰ উপৰিও আন ২৬ জন দক্ষ ষ্টাণ্টমেনে ‘পাঠান’ৰ একচন দৃশ্যসমূহত কাম কৰিছিল। তেওঁলোকৰ অবিহনে ‘পাঠান’ৰ এই দৃশ্যসমূহ সম্ভৱ নহ’লহেঁতেন।

পাঠানৰ ষ্টাণ্টমেন আছিল মেলৰয় ডি ছিলভা। বলীউডৰ কেইবাখনো ছবিত তেওঁ কাম কৰিছে। ‘পাঠান’ৰ উপৰিও তেওঁ ‘চাৰ্কাছ’, ‘লিগাৰ’, ‘জয়েশভাই যোৰদাৰ’, ‘সুৰ্যবংশী’, ‘শ্বেৰশ্বাহ’, ‘বাঘী ৩’ আদি ছবিত কাম কৰি আহিছে। তেওঁ দক্ষিণৰ ছবি ‘আৰ আৰ আৰ’তো কাম কৰিছিল।

'পাঠান’ ছবিখনত পল ফেৰেৰে নামৰ ষ্টাণ্টমেনজনেও কাম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ‘গডছ ক্ৰুকড লাইনছ’, ‘এক্সট্ৰিম’ আদি ছবিত কাম কৰিছিল।

কাটজা হপকিন্স দক্ষিণ আফ্ৰিকাৰ এগৰাকী অভিনেত্ৰী আৰু ষ্টাণ্টমেন। ‘পাঠান’ৰ উপৰিও তেওঁ ‘মেড মেক্স’, ‘এস্কেপ ৰুম’, ‘ড্ৰেড’ত কাম কৰিছে।

পিটাৰ এপষ্টেইন নামৰ ষ্টাণ্টমেনজনেও ‘পাঠান’ত কাম কৰিছিল। 'ষ্টাৰ ট্ৰেক', 'আই এম লিজেণ্ড', 'জোকাৰ' আদি ছবিত তেওঁ ষ্টাণ্টমেন হিচাপে কাম কৰি আহিছে।

‘ব্লেক উইড’, ‘এচেচিনছ ক্ৰিড’, ‘দ্য হিটমেনছ বডিগাৰ্ড’ ছবিত কাম কৰা গেনাডি গানচেভে ‘পাঠান’ ছবিতো ষ্টাণ্টমেন হিচাপে কাম কৰিছিল।

বুলগেৰিয়াৰ শিল্পী ডানকো জৰ্ডানভে পাঠানত ষ্টাণ্টমেন হিচাপে কাম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ‘জুৰাছিক ৱৰ্ল্ড: ফ’লেন কিংডম’, ‘এচেচিনছ ক্ৰিড’, ‘ইউনিভাৰ্চেল চোল্ডাৰ: ৰিজেনেৰেচন’ আদি ছবিত কাম কৰিছিল।

'পাঠান’ত কেইমিনিটমানৰ কেমিঅ’ অভিনয়ত দেখা গৈছিল ছলমান খানক। নাজিম খান আছিল তেওঁৰ একচন দৃশ্যসমূহৰ ষ্টাণ্টমেন। ইয়াৰ পূৰ্বে ‘বজৰংগী ভাইজান’ ছবিখনত তেওঁ একেটা কাম কৰিছিল।

ইয়ান উইলিয়ামছনে 'পাঠান’ত জন আব্ৰাহামৰ ষ্টাণ্টমেন হিচাপে কাম কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ‘দ্য মমি’, ‘ব্লাডশ্বট’, ‘মেজ ৰানাৰ: দ্য ডেথ কিউৰ’ত কাম কৰিছিল।

আনহাতে,  দীপিকা পাডুকনক কোনো ষ্টাণ্টমেনৰ প্ৰয়োজন হোৱা নাছিল। তেওঁ নিজৰ একচন দৃশ্যসমূহ নিজেই অৱতীৰ্ণ হৈছিল।

ইয়াৰ উপৰিও 'পাঠান’ৰ ষ্টাণ্টমেনসকলৰ ভিতৰত আছে শচীন যাদৱ, ডি ভিলে ভানিক, ভাচিল জৰ্ডানভ, ছেম উইলোবি, ৱাছিম ​​হাছান, ষ্টিলিয়ান মাভ্ৰভ আদি। ‘পাথান’ৰ একচন পৰিচালক হিচাপে আছে সুনীল ৰড্ৰিগেছ, ডমিনিক পাৰ্ডানী, কেছি অ’ নীল, ক্ৰেগ মেকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই