--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড বক্স অফিচৰ ৰাণী কৰীণা কাপুৰ এতিয়াও আগৰ দৰেই আছে। এটা দশক পূৰ্বৰ কৰীণা আৰু এতিয়াৰ কৰীণাৰ মাজত যেন বৰ বেছি পাৰ্থক্য নাই। বয়স ৰৈ নাথাকিলেও চিৰসেউজ কৰীণাৰ সৌন্দৰ্যৰ গোপন ৰহস্যৰ বিষয়ে ইতিমধ্যে সকলোৱে জ্ঞাত। খাদ্য নিয়ন্ত্ৰণ বা ডায়েটেই হৈছে কৰীণাৰ সৌন্দৰ্যৰ মূল কাৰণ। তেওঁ যিদৰে আহাৰ গ্ৰহণ কৰে তেনেদৰে প্ৰিয় অনুৰাগীসকলকো খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন নিয়মাৱলী অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে অভিনেত্ৰীগৰাকীয়ে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত কৰীণা। প্ৰিয় খাদ্য কাষত পাই মুহূৰ্ততে পাহৰি গ’ল ডায়েটৰ কথা। ব্ৰেড-বাটাৰ দেখি টোপাটোপে জিভাৰ পানী পৰিল কৰীণাৰ। উল্লেখ্য যে, কৰীণাই সোমবাৰে নিজৰ ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল।

ছবিখনত মাখন আৰু ময়দাৰে তৈয়াৰী ক্ৰছিয়েণ্ট নামৰ এবিধ ব্যঞ্জন খাই থকা দেখিবলৈ পোৱা গৈছে কৰীণাক। ছবিৰ শিৰোনামত কৰীণাই লিখিছে, ‘বছৰৰ প্ৰথমটো সোমবাৰ স্বাস্থ্যকৰ খাদ্যৰে আৰম্ভ কৰাৰ কথা আছিল। কিন্তু ক্ৰছিয়েণ্ট দেখি ৰ’ব পৰা নাই। ’ ইয়াৰোপৰি নতুন বছৰটো সকলোকে উদযাপন কৰিবলৈও আহ্বান জনায় বলীউড সুন্দৰীয়ে। তেওঁ কয়, ‘আপোনাৰ মনটোৱে যিদৰে বিচাৰে তাকে কৰক। এইটো নতুন বৰ্ষ ২০২২। বছৰটো সম্পূৰ্ণৰূপে উপভোগ কৰক।’ ইফালে, আৰু কিছুদিন পাছতে কৰীণা কাপুৰৰ নতুন ছবি ‘লাল সিং চাড্ডা’ ছবিগৃহ পাবহি। ছবিখন হলীউড চলচ্চিত্ৰ ‘ফ’ৰেষ্ট গাম্প’ৰ কাহিনীৰ ওপৰত আধাৰিত। আমিৰ খানে ছবিখনত মূল নায়কৰ চৰিত্ৰত অভিনয় কৰিছে। কৰীণা-আমিৰ যুটিৰ এইখন তৃতীয় ছবি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ