--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুদিনৰ আগতে বলীউড তাৰকা বিকি কৌশল আৰু কেটৰিনাৰ কাইফে যুগ্ম জীৱনৰ পাতনি মেলিলে৷ ধুম-ধামেৰে আয়োজন কৰা এই বিয়াখনে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিয়াৰ পাছত দুয়োজনে কটোৱা সুন্দৰ মুহুৰ্তবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষও উদযাপন কৰিলে।

শ ব্যস্ততাৰ পিছতো নতুন বছৰক আদৰণি জনোৱাৰ বাবে কিছু সময় উলিয়াইছে নৱ দম্পতীয়ে। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল বিকি-কেটৰ, কিন্তু সময়ে যেন সেইয়া সম্ভৱ কৰি নুতুলিলে তেওঁলোকক৷ এতিয়া সকলো সামৰি তেওঁলোক পুনৰ কামলৈ ঘুৰি যোৱাৰ সময় আহি পৰিছে৷ ইয়াকে লৈ এতিয়া মন সেমেকি উঠিছে কেটৰিনাৰ ৷ কিয়নো বিকিয়ে এতিয়া শ্বুটিংৰ বাবে মুম্বাইৰ বাহিৰলৈ যাব লগা হৈছে৷ সেয়েহে দুয়োজন তাৰকাক শনিবাৰে মুম্বাই বিমান বন্দৰত দেখা গৈছিল৷

কেটে বিকিক বিদায় জনাবলৈ বিমান বন্দৰলৈ আহিছিল আৰু তেওঁলোক একেখন গাড়ীতে আহিছিল৷ কেটে বিকিক বিদায় জনোৱা সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ'টোত কেটৰিনাই বিদায় পৰত বিকিক আলিংগন কৰিছে আৰু তেওঁলোকে ইজনে সিজনক যেন বান্ধোনৰ পৰা এৰিবই খোজা নাছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে তেওঁলোকৰ অনুৰাগীসকলে নৱ দম্পতীৰ এনে গভীৰ প্ৰেমৰ প্ৰতি তেওঁলোক খুবেই আকৃষ্ট হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু