--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুদিনৰ আগতে বলীউড তাৰকা বিকি কৌশল আৰু কেটৰিনাৰ কাইফে যুগ্ম জীৱনৰ পাতনি মেলিলে৷ ধুম-ধামেৰে আয়োজন কৰা এই বিয়াখনে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিয়াৰ পাছত দুয়োজনে কটোৱা সুন্দৰ মুহুৰ্তবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষও উদযাপন কৰিলে।

শ ব্যস্ততাৰ পিছতো নতুন বছৰক আদৰণি জনোৱাৰ বাবে কিছু সময় উলিয়াইছে নৱ দম্পতীয়ে। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল বিকি-কেটৰ, কিন্তু সময়ে যেন সেইয়া সম্ভৱ কৰি নুতুলিলে তেওঁলোকক৷ এতিয়া সকলো সামৰি তেওঁলোক পুনৰ কামলৈ ঘুৰি যোৱাৰ সময় আহি পৰিছে৷ ইয়াকে লৈ এতিয়া মন সেমেকি উঠিছে কেটৰিনাৰ ৷ কিয়নো বিকিয়ে এতিয়া শ্বুটিংৰ বাবে মুম্বাইৰ বাহিৰলৈ যাব লগা হৈছে৷ সেয়েহে দুয়োজন তাৰকাক শনিবাৰে মুম্বাই বিমান বন্দৰত দেখা গৈছিল৷

কেটে বিকিক বিদায় জনাবলৈ বিমান বন্দৰলৈ আহিছিল আৰু তেওঁলোক একেখন গাড়ীতে আহিছিল৷ কেটে বিকিক বিদায় জনোৱা সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ'টোত কেটৰিনাই বিদায় পৰত বিকিক আলিংগন কৰিছে আৰু তেওঁলোকে ইজনে সিজনক যেন বান্ধোনৰ পৰা এৰিবই খোজা নাছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে তেওঁলোকৰ অনুৰাগীসকলে নৱ দম্পতীৰ এনে গভীৰ প্ৰেমৰ প্ৰতি তেওঁলোক খুবেই আকৃষ্ট হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ