--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত গোদী মিডিয়াৰ প্ৰসংগ৷এইবাৰ উগ্ৰ সাম্প্ৰদায়িক ভিডিঅ’ প্ৰকাশ কৰি বিপদত পৰিছে দেশৰ আগশাৰীৰ সংবাদ মাধ্যম টাইমছ নাও নৱভাৰত৷নিউজ ব্ৰডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ডছ অথৰিটিয়ে হিন্দী নিউজ চেনেল ‘টাইমছ নাও নৱভাৰত’ক ইউটিউব আৰু ইয়াৰ ৱেবছাইটৰ পৰা উত্তৰাখণ্ডৰ হালদ্বাণীত অবৈধ বেদখলৰ বিষয়টোক ‘সাম্প্ৰদায়িক ৰূপ’ দিয়া সম্প্ৰচাৰ ৰোধ কৰিবলৈ আহ্বান জনায়।ইয়াৰ উপৰিও আন এটা হিন্দী নিউজ চেনেল ‘আজ টক’ক কোনো ‘এটা বিষয়’ক ‘সম্পূৰ্ণ বেলেগ’ ৰূপ দিয়া শব্দ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে ছিক্ৰিৰ নেতৃত্বত এনবিডিএছএৰ এই আদেশ মুম্বাইস্থিত নাগৰিক অধিকাৰ সংস্থা চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পিছৰ অভিযোগৰ ভিত্তিত আহিছে।২ নৱেম্বৰৰ নিৰ্দেশত এনবিডিএছএই প্ৰকাশ কৰিছে যে ২ জানুৱাৰীত প্ৰচাৰিত হোৱাটাইমছ নাও নৱভাৰত শ্ব’টোত ‘ক’ড অৱ কণ্ডাক্ট আৰু বৰ্ণ আৰু ধৰ্মীয় সমন্বয়ৰ সৈতে জড়িত প্ৰতিবেদন নিৰ্দেশনা উলংঘা কৰা হৈছিল।

তদুপৰি উত্তৰাখণ্ডত অবৈধ বেদখল সন্দৰ্ভত আজ টকৰ ৬ এপ্ৰিলত সম্প্ৰচাৰিত এক বাতৰিৰ এক সুকীয়া আদেশত এনবিডিএছএই কয় যে যদিও ‘বিষয়টো আপত্তিজনক বুলি বিবেচনা কৰা হোৱা নাই তথাপিও মাজাৰ জেহাদ শব্দটো আঁতৰাবলৈ নিউজ চেনেলটোক পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement