--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত গোদী মিডিয়াৰ প্ৰসংগ৷এইবাৰ উগ্ৰ সাম্প্ৰদায়িক ভিডিঅ’ প্ৰকাশ কৰি বিপদত পৰিছে দেশৰ আগশাৰীৰ সংবাদ মাধ্যম টাইমছ নাও নৱভাৰত৷নিউজ ব্ৰডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ডছ অথৰিটিয়ে হিন্দী নিউজ চেনেল ‘টাইমছ নাও নৱভাৰত’ক ইউটিউব আৰু ইয়াৰ ৱেবছাইটৰ পৰা উত্তৰাখণ্ডৰ হালদ্বাণীত অবৈধ বেদখলৰ বিষয়টোক ‘সাম্প্ৰদায়িক ৰূপ’ দিয়া সম্প্ৰচাৰ ৰোধ কৰিবলৈ আহ্বান জনায়।ইয়াৰ উপৰিও আন এটা হিন্দী নিউজ চেনেল ‘আজ টক’ক কোনো ‘এটা বিষয়’ক ‘সম্পূৰ্ণ বেলেগ’ ৰূপ দিয়া শব্দ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে ছিক্ৰিৰ নেতৃত্বত এনবিডিএছএৰ এই আদেশ মুম্বাইস্থিত নাগৰিক অধিকাৰ সংস্থা চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পিছৰ অভিযোগৰ ভিত্তিত আহিছে।২ নৱেম্বৰৰ নিৰ্দেশত এনবিডিএছএই প্ৰকাশ কৰিছে যে ২ জানুৱাৰীত প্ৰচাৰিত হোৱাটাইমছ নাও নৱভাৰত শ্ব’টোত ‘ক’ড অৱ কণ্ডাক্ট আৰু বৰ্ণ আৰু ধৰ্মীয় সমন্বয়ৰ সৈতে জড়িত প্ৰতিবেদন নিৰ্দেশনা উলংঘা কৰা হৈছিল।

তদুপৰি উত্তৰাখণ্ডত অবৈধ বেদখল সন্দৰ্ভত আজ টকৰ ৬ এপ্ৰিলত সম্প্ৰচাৰিত এক বাতৰিৰ এক সুকীয়া আদেশত এনবিডিএছএই কয় যে যদিও ‘বিষয়টো আপত্তিজনক বুলি বিবেচনা কৰা হোৱা নাই তথাপিও মাজাৰ জেহাদ শব্দটো আঁতৰাবলৈ নিউজ চেনেলটোক পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু