--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ বিদায়ী সভাপতি তথা বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে উত্থাপন কৰা যৌন শোষণৰ অভিযোগ সন্দর্ভত শেহতীয়া কিছু তথ্য আহি পৰিছে৷ এই গোচৰত দিল্লী আৰক্ষীয়ে দুগৰাকী মহিলা মল্লযুঁজাৰুক ফটো, অডিঅ’ আৰু ভিডিঅ’ প্ৰমাণ দিবলৈ কোৱা বুলি জানিব পৰা গৈছে। যাতে তেওঁলোকৰ অভিযোগ প্ৰমাণ হিচাপে দাখিল কৰিব পৰা যায়।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি আৰক্ষীয়ে তেওঁলোকক সাৱটি ধৰা ফটোও প্ৰমাণ হিচাপে দাঙি ধৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে ২১ এপ্ৰিলত দুগৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৱে নতুন দিল্লীৰ কন’ট প্লেচ থানাত ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু অসৎ আচৰণৰ কেইবাটাও কাণ্ডৰ অভিযোগ উত্থাপন কৰি আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে৷৷

প্ৰাপ্ত আন খৱৰ অনুসৰি এজন আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৫ জুনত মহিলা মল্লযুঁজাৰুসকলক চি আৰ পি চিৰ ৯১ ধাৰাত পৃথকে পৃথকে জাননী জাৰি কৰা হৈছিল আৰু তেওঁলোকক উত্তৰ দিবলৈ এদিনৰ সময় দিয়া হৈছিল। ইয়াৰ লগতে এই প্ৰতিবেদনত এজন মল্লযুঁজাৰুৰ উদ্ধৃতি দি এইটোও দাবী কৰা হৈছে যে তেওঁলোকৰ হাতত ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে যি প্রমাণ আছিল সেয়া উপলব্ধ কৰা হৈছে৷

ইয়াৰ উপৰিও আৰক্ষীয়ে এজন মল্লযুঁজাৰু আৰু তেওঁৰ আত্মীয়লৈও সুকীয়াকৈ জাননী জাৰি কৰি ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে কৰা কথিত ভাবুকিমূলক ফোন কলৰ সবিশেষ তথ্য আৰক্ষীয়ে বিচাৰিছে৷ বিশেষভাৱে ভাবুকিজনক কলৰ সৈতে জড়িত যিকোনো ভিডিঅ’, ফটোগ্ৰাফ, কল ৰেকৰ্ডিং বা হোৱাটছএপ কথা-বতৰা দিবলৈ অনুৰোধ জনোৱা হৈছিল।

একে সময়তে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে শনিবাৰে অভিযোগ কৰে যে ব্রীজ ভূষণে নিজৰ প্রভাৱ ব্যৱহাৰ কৰি যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলৰ ওপৰত হেঁচা আনি বক্তব্য সলনি কৰিবলৈ বাধ্য কৰাইছে৷তদুপৰি ১৫ জুনৰ ভিতৰত ব্ৰীজভূষণৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মল্লযুঁজাৰুসকলে পুনৰ আন্দোলন আৰম্ভ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস