--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ বিদায়ী সভাপতি তথা বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে উত্থাপন কৰা যৌন শোষণৰ অভিযোগ সন্দর্ভত শেহতীয়া কিছু তথ্য আহি পৰিছে৷ এই গোচৰত দিল্লী আৰক্ষীয়ে দুগৰাকী মহিলা মল্লযুঁজাৰুক ফটো, অডিঅ’ আৰু ভিডিঅ’ প্ৰমাণ দিবলৈ কোৱা বুলি জানিব পৰা গৈছে। যাতে তেওঁলোকৰ অভিযোগ প্ৰমাণ হিচাপে দাখিল কৰিব পৰা যায়।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি আৰক্ষীয়ে তেওঁলোকক সাৱটি ধৰা ফটোও প্ৰমাণ হিচাপে দাঙি ধৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে ২১ এপ্ৰিলত দুগৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৱে নতুন দিল্লীৰ কন’ট প্লেচ থানাত ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু অসৎ আচৰণৰ কেইবাটাও কাণ্ডৰ অভিযোগ উত্থাপন কৰি আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে৷৷

প্ৰাপ্ত আন খৱৰ অনুসৰি এজন আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৫ জুনত মহিলা মল্লযুঁজাৰুসকলক চি আৰ পি চিৰ ৯১ ধাৰাত পৃথকে পৃথকে জাননী জাৰি কৰা হৈছিল আৰু তেওঁলোকক উত্তৰ দিবলৈ এদিনৰ সময় দিয়া হৈছিল। ইয়াৰ লগতে এই প্ৰতিবেদনত এজন মল্লযুঁজাৰুৰ উদ্ধৃতি দি এইটোও দাবী কৰা হৈছে যে তেওঁলোকৰ হাতত ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে যি প্রমাণ আছিল সেয়া উপলব্ধ কৰা হৈছে৷

ইয়াৰ উপৰিও আৰক্ষীয়ে এজন মল্লযুঁজাৰু আৰু তেওঁৰ আত্মীয়লৈও সুকীয়াকৈ জাননী জাৰি কৰি ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে কৰা কথিত ভাবুকিমূলক ফোন কলৰ সবিশেষ তথ্য আৰক্ষীয়ে বিচাৰিছে৷ বিশেষভাৱে ভাবুকিজনক কলৰ সৈতে জড়িত যিকোনো ভিডিঅ’, ফটোগ্ৰাফ, কল ৰেকৰ্ডিং বা হোৱাটছএপ কথা-বতৰা দিবলৈ অনুৰোধ জনোৱা হৈছিল।

একে সময়তে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে শনিবাৰে অভিযোগ কৰে যে ব্রীজ ভূষণে নিজৰ প্রভাৱ ব্যৱহাৰ কৰি যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলৰ ওপৰত হেঁচা আনি বক্তব্য সলনি কৰিবলৈ বাধ্য কৰাইছে৷তদুপৰি ১৫ জুনৰ ভিতৰত ব্ৰীজভূষণৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মল্লযুঁজাৰুসকলে পুনৰ আন্দোলন আৰম্ভ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক