--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান অলৌকিক ঘটনা সংঘটিত হয়। তেনে এক অলৌকিক ঘটনা সংঘটিত হৈছে উদয়পুৰ চহৰৰ এটা ডাক্তৰৰ পৰিয়ালত। স্বামী-স্ত্ৰী পেছাত ডাক্তৰ। পত্নীৰ হঠাতে মৃত্যু ঘটিছিল। মনৰ দুখত কাতৰ হৈ পতিয়ে তেওঁলোকৰ আত্মীয় আৰু পৰিয়ালৰ লোকক মেছেজ-ফোন কৰি পত্নীৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছতে এনেকুৱা এটা অলৌলিক ঘটনা ঘটিল যে স্বামীৰ আনন্দৰ সীমা নোহোৱা হ'ল।

ডাঃ অঞ্জু হিংগড়ৰ উশাহ বন্ধ হৈ মৃত্যু ঘটিছিল। পত্নীৰ মৃত্যুৰ কথা স্বামী ডাঃ নীৰৱ হিংগড়ে পৰিয়ালৰ সদস্য আৰু আত্মীয়ক হোৱাটছএপ গ্ৰুপত জনায়। কিন্তু হঠাৎ অঞ্জুৰ উশাহ ঘূৰি আহিছিল। মৃত অঞ্জু উঠি বহিছিল। অঞ্জু জীয়াই উঠা দেখি স্বামী ডাঃ নীৰৱ হিংগড়ে আনন্দতে চিঞৰি দিয়ে। ইয়াৰ পিছত ডাঃ নীৰৱ হিংগড়ে পুনৰ পৰিয়াল আৰু চিনাকি মানুহক এই অলৌলিক ঘটনাৰ বিষয়ে জনায়।

ডাঃ নীৰৱ হিংগড়ে কয় যে ভগৱানৰ ঐশ্বৰিক কৃপা আৰু আশীৰ্বাদত আমাৰ লগত এক অলৌকিক ঘটনা ঘটিছে। মোৰ পত্নী ডাঃ অঞ্জু হিংগড়ৰ উশাহ ঘূৰি আহিছে। তেওঁ মৃত হৈয়ো জীয়াই উঠা কথাটো সঁচাকৈয়ে অলৌলিক। 

উদয়পুৰত সংঘটিত এই অদ্ভুত ঘটনা সমগ্ৰ মহানগৰীতে চৰ্চাৰ বিষয় হৈ পৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস