--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজম্মু-কাশ্মীৰৰ  প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সহায়কৰ ঘৰৰ চৌহদত তালাচী চলালে চিবিআইয়ে।  চিবিআইয়ে বীমা কেলেংকাৰীৰ গোচৰত এই চালাচী চলোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দিল্লী আৰু জম্মু আৰু কাশ্মীৰত চিবিআইয়ে এই অভিযান চলাইছে।

তদন্তকাৰী  সংস্থাটোৱে দিল্লী আৰু জম্মু আৰু কাশ্মীৰৰ আঠটা স্থানত তালাচী চলাইছে বুলি জানিব পৰা গৈছে।চিবিআইৰ বিষয়াসকলে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে ।চিবিআৰই বিষয়াসকলে কৈছে  যে তেওঁলোকৰ দলটোৱে সত্য পাল মালিকৰ এজন প্ৰাক্তন সহায়কৰ বাসগৃহ আৰু অন্যান্য স্থানত তালাচী আৰম্ভ কৰিছে।

সত্য পাল মালিকক ২৮ এপ্ৰিলত বীমা কেলেংকাৰীৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে  সোধা-পোছা কৰিছিল। বিহাৰ, জম্মু-কাশ্মীৰ, গোৱা আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পিছত যোৱা বছৰ অক্টোবৰত চিবিআইয়ে তেওঁৰ বক্তব্য প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰিছিল।
মালিকে অভিযোগ কৰিছিল যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে  চিকিৎসা বীমা আঁচনিৰ নামত আৰু   জম্মু আৰু কাশ্মীৰত জলবিদ্যুৎ প্ৰকল্পৰ বাবে তেওঁক ঠিকা প্ৰদান কৰাৰ বাবে উৎকোচ প্ৰদান কৰা হৈছিল। মালিকৰ অভিযোগৰ পিছত চিবিআইয়ে দুখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে  দাবী কৰিছিল যে ২৩ আগষ্ট, ২০১৮ ৰ পৰা ৩০ অক্টোবৰ ২০১৯ৰ ভিতৰত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত দুটা ফাইলত চহী  কৰাৰ বাবে তেওঁক ৩০০ কোটি টকাৰ উৎকোচ প্ৰদান কৰিব বিচৰা হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ