--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজম্মু-কাশ্মীৰৰ  প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সহায়কৰ ঘৰৰ চৌহদত তালাচী চলালে চিবিআইয়ে।  চিবিআইয়ে বীমা কেলেংকাৰীৰ গোচৰত এই চালাচী চলোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দিল্লী আৰু জম্মু আৰু কাশ্মীৰত চিবিআইয়ে এই অভিযান চলাইছে।

তদন্তকাৰী  সংস্থাটোৱে দিল্লী আৰু জম্মু আৰু কাশ্মীৰৰ আঠটা স্থানত তালাচী চলাইছে বুলি জানিব পৰা গৈছে।চিবিআইৰ বিষয়াসকলে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে ।চিবিআৰই বিষয়াসকলে কৈছে  যে তেওঁলোকৰ দলটোৱে সত্য পাল মালিকৰ এজন প্ৰাক্তন সহায়কৰ বাসগৃহ আৰু অন্যান্য স্থানত তালাচী আৰম্ভ কৰিছে।

সত্য পাল মালিকক ২৮ এপ্ৰিলত বীমা কেলেংকাৰীৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে  সোধা-পোছা কৰিছিল। বিহাৰ, জম্মু-কাশ্মীৰ, গোৱা আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পিছত যোৱা বছৰ অক্টোবৰত চিবিআইয়ে তেওঁৰ বক্তব্য প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰিছিল।
মালিকে অভিযোগ কৰিছিল যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে  চিকিৎসা বীমা আঁচনিৰ নামত আৰু   জম্মু আৰু কাশ্মীৰত জলবিদ্যুৎ প্ৰকল্পৰ বাবে তেওঁক ঠিকা প্ৰদান কৰাৰ বাবে উৎকোচ প্ৰদান কৰা হৈছিল। মালিকৰ অভিযোগৰ পিছত চিবিআইয়ে দুখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে  দাবী কৰিছিল যে ২৩ আগষ্ট, ২০১৮ ৰ পৰা ৩০ অক্টোবৰ ২০১৯ৰ ভিতৰত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত দুটা ফাইলত চহী  কৰাৰ বাবে তেওঁক ৩০০ কোটি টকাৰ উৎকোচ প্ৰদান কৰিব বিচৰা হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ