--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহস্থলীতে দৰা-কইনাৰ কাজিয়া। এই কাজিয়াৰ ফলতে দৰাই বিহপান কৰি আত্মহত্যা কৰে। কইনাৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। 

ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়া ৰমজান খানৰ ভাষ্য অনুসৰি, ইন্দোৰ চহৰৰ কানাডিয়া অঞ্চনৰ আৰ্য সমাজ মন্দিৰত বিবাহপাশত আৱদ্ধ হ'বলৈ উপস্থিত হৈছিল দুয়োগৰাকী যুৱক-যুৱতী। দৰাৰ বয়স ২১ বছৰ আৰু কইনাৰ বয়স ২০ বছৰ।

বিয়া চলি থকাৰ মাজতে দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ ফলতে দৰাই বিহপান কৰি মৃত্যুক সাবটি লয়। । কইনাগৰাকীয়ে এই কথা গম পাই নিজেও অৱশিষ্ট বিহপান কৰি অসুস্থ হৈ পৰে। লৰালৰিকৈ আত্মীয়ই দুয়োকে নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে দৰাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। কমকৈ বিহপান কৰিলেও বিহৰ তীব্ৰতা অধিক হোৱাৰ বাবে কইনাগৰাকীৰো অৱস্থা সংকটজনক বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। কইনাক বৰ্তমান লাইফ চাপৰ্ট চিষ্টেমত ৰখা হৈছে।

এই সন্দৰ্ভত দৰাৰ পৰিয়ালে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, কেইবাদিনৰে পৰাই হেনো দৰাক বিয়াৰ বাবে তাগিদা দি আছিল কইনাগৰাকীয়ে। দৰাই কেৰিয়াৰৰ ভিত্তিত বিয়াৰ বাবে দুবছৰৰ সময়সীমা বিচৰাত যুৱতীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিহপানৰ সেইয়াও এক কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।















FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ