--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহস্থলীতে দৰা-কইনাৰ কাজিয়া। এই কাজিয়াৰ ফলতে দৰাই বিহপান কৰি আত্মহত্যা কৰে। কইনাৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। 

ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়া ৰমজান খানৰ ভাষ্য অনুসৰি, ইন্দোৰ চহৰৰ কানাডিয়া অঞ্চনৰ আৰ্য সমাজ মন্দিৰত বিবাহপাশত আৱদ্ধ হ'বলৈ উপস্থিত হৈছিল দুয়োগৰাকী যুৱক-যুৱতী। দৰাৰ বয়স ২১ বছৰ আৰু কইনাৰ বয়স ২০ বছৰ।

বিয়া চলি থকাৰ মাজতে দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ ফলতে দৰাই বিহপান কৰি মৃত্যুক সাবটি লয়। । কইনাগৰাকীয়ে এই কথা গম পাই নিজেও অৱশিষ্ট বিহপান কৰি অসুস্থ হৈ পৰে। লৰালৰিকৈ আত্মীয়ই দুয়োকে নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে দৰাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। কমকৈ বিহপান কৰিলেও বিহৰ তীব্ৰতা অধিক হোৱাৰ বাবে কইনাগৰাকীৰো অৱস্থা সংকটজনক বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। কইনাক বৰ্তমান লাইফ চাপৰ্ট চিষ্টেমত ৰখা হৈছে।

এই সন্দৰ্ভত দৰাৰ পৰিয়ালে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, কেইবাদিনৰে পৰাই হেনো দৰাক বিয়াৰ বাবে তাগিদা দি আছিল কইনাগৰাকীয়ে। দৰাই কেৰিয়াৰৰ ভিত্তিত বিয়াৰ বাবে দুবছৰৰ সময়সীমা বিচৰাত যুৱতীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিহপানৰ সেইয়াও এক কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।















FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ