--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ ‘NIA’ ৰ এজন বিষয়াই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছে। অভিযোগ অনুসৰি বিষয়াজনে সন্ত্ৰাসবাদী সংগঠনক গোপন নথি-পত্ৰ যোগান ধৰিছিল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই শুকুৰবাৰে তেওঁলোকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আৰু আইপিএছ বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা গোটৰ এজন অভাৰ গ্ৰাউণ্ড কৰ্মীক গোপন নথি-পত্ৰ যোগান ধৰিছিল। এই কথা সদৰি কৰিছে এজন চৰকাৰী বিষয়াই। ২০১১ চনৰ আইপিএছ বেচলৈ পদোন্নতি লাভ কৰা এজন আৰক্ষী বিষয়া নেগীক যোৱা বছৰ ৬ নৱেম্বৰত NIA-ৰ ফালৰ পৰা পঞ্জীয়ন কৰা এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰটো ভাৰতত সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত সমৰ্থন আগবঢ়োৱাৰ বাবে নিষিদ্ধ লস্কৰ-ই-তৈবাৰ অভাৰ গ্ৰাউণ্ড সন্ত্ৰাসবাদী নেটৱৰ্ক বিস্তাৰৰ সৈতে সহযোগিতা আগবঢ়াইছিল। একেটা গোচৰতে এনআইএ-য়ে পূৰ্বে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এনে ঘটনাই দেশৰ প্ৰতিৰক্ষা বিভাগলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। দেশৰ প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ তথ্য সন্ত্ৰাসবাদী বা শত্ৰুপক্ষৰ হাতত পৰিলে ই সমগ্ৰ দেশৰ প্ৰতি শংকা কঢ়িয়াই আনিব। জনসাধাৰণৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয়ত ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা হেৰাই যাব। এনে গুৰুতৰ বিষয়ত স্বয়ং NIAৰ বিষয়া জড়িত থকাটো বৰ্তমান সময়ত চৰম উদ্বেগজনৰ হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
এছিয়া কাপৰ পূৰ্বে শুভমন গিল অসুস্থ ! দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ'ল শুভমন গিল
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ