--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ ‘NIA’ ৰ এজন বিষয়াই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছে। অভিযোগ অনুসৰি বিষয়াজনে সন্ত্ৰাসবাদী সংগঠনক গোপন নথি-পত্ৰ যোগান ধৰিছিল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই শুকুৰবাৰে তেওঁলোকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আৰু আইপিএছ বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা গোটৰ এজন অভাৰ গ্ৰাউণ্ড কৰ্মীক গোপন নথি-পত্ৰ যোগান ধৰিছিল। এই কথা সদৰি কৰিছে এজন চৰকাৰী বিষয়াই। ২০১১ চনৰ আইপিএছ বেচলৈ পদোন্নতি লাভ কৰা এজন আৰক্ষী বিষয়া নেগীক যোৱা বছৰ ৬ নৱেম্বৰত NIA-ৰ ফালৰ পৰা পঞ্জীয়ন কৰা এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰটো ভাৰতত সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত সমৰ্থন আগবঢ়োৱাৰ বাবে নিষিদ্ধ লস্কৰ-ই-তৈবাৰ অভাৰ গ্ৰাউণ্ড সন্ত্ৰাসবাদী নেটৱৰ্ক বিস্তাৰৰ সৈতে সহযোগিতা আগবঢ়াইছিল। একেটা গোচৰতে এনআইএ-য়ে পূৰ্বে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এনে ঘটনাই দেশৰ প্ৰতিৰক্ষা বিভাগলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। দেশৰ প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ তথ্য সন্ত্ৰাসবাদী বা শত্ৰুপক্ষৰ হাতত পৰিলে ই সমগ্ৰ দেশৰ প্ৰতি শংকা কঢ়িয়াই আনিব। জনসাধাৰণৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয়ত ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা হেৰাই যাব। এনে গুৰুতৰ বিষয়ত স্বয়ং NIAৰ বিষয়া জড়িত থকাটো বৰ্তমান সময়ত চৰম উদ্বেগজনৰ হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন