--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰত। এতিয়াও ভাৰতৰ অধিকাংশ লোক দৰিদ্ৰসীমাৰেখাৰ তলত বাস কৰে। আজিও এইখন দেশৰ নাগৰিকে দুবেলা দুমুঠি খাবৰ বাবে হাহাকাৰ কৰিব লগা হয়। অৱশ্যে, সমাজৰ ধনী লোকসকলে অন্তত দুখীয়াসকলৰ দুখ বুজি পোৱাটো খুবেই জৰুৰী। বিশেষকৈ, এই দেশৰ ধনী পৰিয়ালসমূহে যিধৰণে তেওঁলোকৰ ৰাজকীয় বিবাহকাৰ্য সম্পাদন কৰে, সেইসমূহ দৰিদ্ৰ লোকসকলৰ বাবে একপ্ৰকাৰৰ সামৰ্থৰ বাহিৰত। কিন্তু এই ৰাজকীয় বিবাহ অনুষ্ঠানৰসমূহৰ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল খাদ্যৰ অপচয়। এফালে, দৰিদ্ৰসকলে পেটত গামোচা মাৰি দিন অতিবাহিত কৰাৰ সময়তে বিবাহ গৃহবোৰত কিলো কিলো খাদ্য কেৱল ডাষ্টবিনত পেলাই দিয়া হয়! শেহতীয়াকৈ এজন আইএএছ বিষয়াই সামাজিক মাধ্যমত খাদ্যৰ অপচয় কৰাৰ এখন ফটো পোষ্ট কৰিছিল। সেই ফটোখন এতিয়া ভাইৰেল হৈ পৰিছে। চৰকাৰী বিষয়া অৱনীশ তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা আলোকচিত্ৰখনত এজন অনাময় কৰ্মীক অপচয় হোৱা খাদ্যৰ ডাষ্টবিনৰ সন্মুখত বহি থকা দেখা গৈছে। লোকজনৰ সন্মুখত মাটিত পৰি আছিল অপচয় হোৱা খাদ্যৰ এটা স্তূপ। চাৰিওফালে শাৰীপাতি বগা প্লেট পৰি আছিল। যুৱকজন সেইসমূহ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ আছে। তেতিয়াই এই ফটোখন তোলা হৈছিল। অৱনীশৰ এই বিশেষ ছবিখনে নেটিজেনসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এতিয়ালৈকে, ১০,০০০ ৰো অধিক লোকে এই টুইটত লাইক কৰিছে। বহুতো অনুসৰণকাৰীয়েও তেওঁৰ এই টুইটৰ মন্তব্য কৰিছে। তেওঁলোকৰ কিছুমানে অনুভৱ কৰে যে খাদ্য অপচয় কৰাটো এচাম লোকৰ অভ্যস্তত পৰিণত হৈছে। সেয়েহে, এই সন্দৰ্ভত তৎক্ষণাৎ কঠোৰ আইন অনাটো প্ৰয়োজন। বাকীসকলে অনুভৱ কৰে যে অতিৰিক্ত খাদ্য এনেদৰে অপচয় নকৰাকৈ দৰিদ্ৰ লোকসকলৰ মাজত এইসমূহ খাদ্য বিতৰণ কৰিব পাৰি। ই অন্ততঃ এচাম মানুহৰ পেট ভৰাই তুলিব। যিসকল লোকক সঁচাকৈয়ে খাদ্যৰ প্ৰয়োজন আছে। কিন্তু মতামত যিয়েই নহওক, অৱনীশে পোষ্ট কৰা ছবিখনে সকলোকে হতবাক কৰি তুলিছে। এই টুইটটোৱে মানুহক আকৌ এবাৰ খাদ্যৰ অপচয়ৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ