--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰত। এতিয়াও ভাৰতৰ অধিকাংশ লোক দৰিদ্ৰসীমাৰেখাৰ তলত বাস কৰে। আজিও এইখন দেশৰ নাগৰিকে দুবেলা দুমুঠি খাবৰ বাবে হাহাকাৰ কৰিব লগা হয়। অৱশ্যে, সমাজৰ ধনী লোকসকলে অন্তত দুখীয়াসকলৰ দুখ বুজি পোৱাটো খুবেই জৰুৰী। বিশেষকৈ, এই দেশৰ ধনী পৰিয়ালসমূহে যিধৰণে তেওঁলোকৰ ৰাজকীয় বিবাহকাৰ্য সম্পাদন কৰে, সেইসমূহ দৰিদ্ৰ লোকসকলৰ বাবে একপ্ৰকাৰৰ সামৰ্থৰ বাহিৰত। কিন্তু এই ৰাজকীয় বিবাহ অনুষ্ঠানৰসমূহৰ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল খাদ্যৰ অপচয়। এফালে, দৰিদ্ৰসকলে পেটত গামোচা মাৰি দিন অতিবাহিত কৰাৰ সময়তে বিবাহ গৃহবোৰত কিলো কিলো খাদ্য কেৱল ডাষ্টবিনত পেলাই দিয়া হয়! শেহতীয়াকৈ এজন আইএএছ বিষয়াই সামাজিক মাধ্যমত খাদ্যৰ অপচয় কৰাৰ এখন ফটো পোষ্ট কৰিছিল। সেই ফটোখন এতিয়া ভাইৰেল হৈ পৰিছে। চৰকাৰী বিষয়া অৱনীশ তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা আলোকচিত্ৰখনত এজন অনাময় কৰ্মীক অপচয় হোৱা খাদ্যৰ ডাষ্টবিনৰ সন্মুখত বহি থকা দেখা গৈছে। লোকজনৰ সন্মুখত মাটিত পৰি আছিল অপচয় হোৱা খাদ্যৰ এটা স্তূপ। চাৰিওফালে শাৰীপাতি বগা প্লেট পৰি আছিল। যুৱকজন সেইসমূহ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ আছে। তেতিয়াই এই ফটোখন তোলা হৈছিল। অৱনীশৰ এই বিশেষ ছবিখনে নেটিজেনসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এতিয়ালৈকে, ১০,০০০ ৰো অধিক লোকে এই টুইটত লাইক কৰিছে। বহুতো অনুসৰণকাৰীয়েও তেওঁৰ এই টুইটৰ মন্তব্য কৰিছে। তেওঁলোকৰ কিছুমানে অনুভৱ কৰে যে খাদ্য অপচয় কৰাটো এচাম লোকৰ অভ্যস্তত পৰিণত হৈছে। সেয়েহে, এই সন্দৰ্ভত তৎক্ষণাৎ কঠোৰ আইন অনাটো প্ৰয়োজন। বাকীসকলে অনুভৱ কৰে যে অতিৰিক্ত খাদ্য এনেদৰে অপচয় নকৰাকৈ দৰিদ্ৰ লোকসকলৰ মাজত এইসমূহ খাদ্য বিতৰণ কৰিব পাৰি। ই অন্ততঃ এচাম মানুহৰ পেট ভৰাই তুলিব। যিসকল লোকক সঁচাকৈয়ে খাদ্যৰ প্ৰয়োজন আছে। কিন্তু মতামত যিয়েই নহওক, অৱনীশে পোষ্ট কৰা ছবিখনে সকলোকে হতবাক কৰি তুলিছে। এই টুইটটোৱে মানুহক আকৌ এবাৰ খাদ্যৰ অপচয়ৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ