--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত মূৰ দাঙি উঠিছে ই ভি এম বিতৰ্কই। ভোটগ্ৰহণৰ পিছতে    ভোটিং মেচিন গণনা কেন্দ্ৰৰ পৰা নাইকিয়া হোৱাৰ অভিযোগ উঠিছে। এনে অভিযোগৰ  পিছতে নিৰ্বাচন আয়োগে সংশ্লিষ্ট  নিৰ্বাচনী বিষয়াজনক নিলম্বন কৰিছে।ৰাজস্থানৰ ১৯৯ খন আসনৰ বাবে ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

 পিছদিনা, ২৬ নৱেম্বৰত, এটা ইভিএম নোহোৱা হৈ পৰে।  ইভিএমটো  জিলা নিৰ্বাচন বিষয়া পংকজ জাখৰৰ গাড়ীত থোৱা হৈছিল। ইভিএম নিৰুদ্দেশ হোৱাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰা হৈছিল। আৰক্ষীয়ে অনুসন্ধান কৰিছিল যদিও ইভিএমটো  উদ্ধাৰ কৰিব পৰা নাছিল। নিৰ্বাচন আয়োগে অৱশ্যে স্পষ্ট কৰি দিছে  যে হেৰুওৱা ই ভি এম  নিৰ্বাচনী কামৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। 

ভোটদানৰ বাবে ব্যৱহৃত ই ভি এমবোৰ সুৰক্ষিত হৈ আছে। এই ই ভি এমবোৰৰ নিৰাপত্তাও শক্তিশালী কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ জিম্মাৰ পৰা ই ভি এম হেৰুওৱাৰ কথা প্ৰমাণ হোৱাৰ পিছত  তেওঁকো নিলম্বিত কৰা হৈছে। অৱশ্যে কংগ্ৰেছে সন্দেহ কৰিছে যে ই ভি এম নিৰুদ্দেশ হোৱাৰ আঁৰত ষড়যন্ত্ৰ থাকিব  পাৰে।

লক্ষণীয় যে বিভিন্ন এক্সিট প'লে ২০০ আসনৰ ৰাজস্থান বিধানসভাত এক কঠিন  যুঁজৰ ইংগিত দিছে। কংগ্ৰেছে আশংকা কৰিছে যে বিজেপিয়ে এনে  যুঁজত গণনা কেন্দ্ৰবোৰত চল-চাতুৰি কৰিব  পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক