--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত মূৰ দাঙি উঠিছে ই ভি এম বিতৰ্কই। ভোটগ্ৰহণৰ পিছতে    ভোটিং মেচিন গণনা কেন্দ্ৰৰ পৰা নাইকিয়া হোৱাৰ অভিযোগ উঠিছে। এনে অভিযোগৰ  পিছতে নিৰ্বাচন আয়োগে সংশ্লিষ্ট  নিৰ্বাচনী বিষয়াজনক নিলম্বন কৰিছে।ৰাজস্থানৰ ১৯৯ খন আসনৰ বাবে ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

 পিছদিনা, ২৬ নৱেম্বৰত, এটা ইভিএম নোহোৱা হৈ পৰে।  ইভিএমটো  জিলা নিৰ্বাচন বিষয়া পংকজ জাখৰৰ গাড়ীত থোৱা হৈছিল। ইভিএম নিৰুদ্দেশ হোৱাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰা হৈছিল। আৰক্ষীয়ে অনুসন্ধান কৰিছিল যদিও ইভিএমটো  উদ্ধাৰ কৰিব পৰা নাছিল। নিৰ্বাচন আয়োগে অৱশ্যে স্পষ্ট কৰি দিছে  যে হেৰুওৱা ই ভি এম  নিৰ্বাচনী কামৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। 

ভোটদানৰ বাবে ব্যৱহৃত ই ভি এমবোৰ সুৰক্ষিত হৈ আছে। এই ই ভি এমবোৰৰ নিৰাপত্তাও শক্তিশালী কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ জিম্মাৰ পৰা ই ভি এম হেৰুওৱাৰ কথা প্ৰমাণ হোৱাৰ পিছত  তেওঁকো নিলম্বিত কৰা হৈছে। অৱশ্যে কংগ্ৰেছে সন্দেহ কৰিছে যে ই ভি এম নিৰুদ্দেশ হোৱাৰ আঁৰত ষড়যন্ত্ৰ থাকিব  পাৰে।

লক্ষণীয় যে বিভিন্ন এক্সিট প'লে ২০০ আসনৰ ৰাজস্থান বিধানসভাত এক কঠিন  যুঁজৰ ইংগিত দিছে। কংগ্ৰেছে আশংকা কৰিছে যে বিজেপিয়ে এনে  যুঁজত গণনা কেন্দ্ৰবোৰত চল-চাতুৰি কৰিব  পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান