--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পৰ্কৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল বেছি আৱেগিক বুলি কোৱা হয় যদিও গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে ব্ৰেকআপৰ সময়ত মহিলাতকৈ পুৰুষসকলৰ হৃদয় বেছিকৈ ভাঙে। ব্ৰেকআপৰ সময়ত পুৰুষসকলে আৱেগিকভাৱে অধিক প্ৰভাৱিত হয়। 

ব্ৰিটেইন আৰু ছুইজাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে এই কথা সদৰী কৰিছে। কোৱা হয় যে ভালপোৱা আৰু সেই ভালপোৱা বজাই ৰখা দুটা বেলেগ কথা আৰু কেতিয়াবা সকলো প্ৰচেষ্টা সত্ত্বেও সম্পৰ্কত সমস্যাৰ সৃষ্টি হৈয়েই থাকে। যেতিয়া আপুনি আৰু আপোনাৰ সংগীয়ে অনুভৱ কৰে যে আপোনাৰ সম্পৰ্কই ইজনে সিজনক দুখ আৰু দুখ-কষ্টৰ বাহিৰে একো নিদিয়ে, তেতিয়া বিচ্ছেদ হোৱাটোৱেই ভাল। কিন্তু বিজ্ঞানৰ মতে পুৰুষ-মহিলা উভয়ে ব্ৰেকআপক বেলেগ ধৰণেৰে চায় আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বেলেগ সময় লাগে। 

আপুনি জানি আচৰিত হ’ব যে ব্ৰেকআপৰ পিছত মহিলাসকলে আৱেগিক আৰু শাৰীৰিক দুয়োটা দিশতে অধিক কষ্ট পালেও এনে অভিজ্ঞতাৰ পৰাও তেওঁলোকেই সোনকালে আৰু শক্তিশালীভাৱে সুস্থ হৈ উঠে। মহিলাসকলে নিজৰ আৱেগক সঠিকভাৱে নিয়ন্ত্ৰণ কৰি নিজকে আৰু নিজৰ প্ৰয়োজনীয়তাক ভালদৰে বুজি পায়। একে সময়তে পুৰুষে এই ধৰণৰ পৰিস্থিতিক সম্পূৰ্ণ বেলেগ ধৰণেৰে চায়। 

এই গৱেষণাৰ পৰা দেখা গৈছে যে ব্ৰেকআপৰ পৰা ওলাই আহি জীৱনত আগবাঢ়ি যাবলৈ পুৰুষক অধিক সময় লাগে। গৱেষকসকলে এইটোও বিচাৰি উলিয়াইছে বহু পুৰুষে ব্ৰেকআপৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো অলপৰ কাৰণে হলেও পূৰ্বৰ স্মৃতিৰ পৰা ওলাই আহিব নোৱাৰে। ব্ৰেকআপৰ সময়ত পুৰুষসকল মানসিকভাৱে বেছিকৈ ভাগি পৰে আৰু হৃদয় বেছিকৈ ভাঙে। এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁলোকৰ বহু সময় লাগে। অধ্যয়ন অনুসৰি পুৰুষসকলে নিজকে পতিয়ন নিয়াবলৈ মদ্যপান, ড্ৰাগছ বা হিংসাৰ আশ্ৰয় ল’বলৈও আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু