--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পৰ্কৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল বেছি আৱেগিক বুলি কোৱা হয় যদিও গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে ব্ৰেকআপৰ সময়ত মহিলাতকৈ পুৰুষসকলৰ হৃদয় বেছিকৈ ভাঙে। ব্ৰেকআপৰ সময়ত পুৰুষসকলে আৱেগিকভাৱে অধিক প্ৰভাৱিত হয়। 

ব্ৰিটেইন আৰু ছুইজাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে এই কথা সদৰী কৰিছে। কোৱা হয় যে ভালপোৱা আৰু সেই ভালপোৱা বজাই ৰখা দুটা বেলেগ কথা আৰু কেতিয়াবা সকলো প্ৰচেষ্টা সত্ত্বেও সম্পৰ্কত সমস্যাৰ সৃষ্টি হৈয়েই থাকে। যেতিয়া আপুনি আৰু আপোনাৰ সংগীয়ে অনুভৱ কৰে যে আপোনাৰ সম্পৰ্কই ইজনে সিজনক দুখ আৰু দুখ-কষ্টৰ বাহিৰে একো নিদিয়ে, তেতিয়া বিচ্ছেদ হোৱাটোৱেই ভাল। কিন্তু বিজ্ঞানৰ মতে পুৰুষ-মহিলা উভয়ে ব্ৰেকআপক বেলেগ ধৰণেৰে চায় আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বেলেগ সময় লাগে। 

আপুনি জানি আচৰিত হ’ব যে ব্ৰেকআপৰ পিছত মহিলাসকলে আৱেগিক আৰু শাৰীৰিক দুয়োটা দিশতে অধিক কষ্ট পালেও এনে অভিজ্ঞতাৰ পৰাও তেওঁলোকেই সোনকালে আৰু শক্তিশালীভাৱে সুস্থ হৈ উঠে। মহিলাসকলে নিজৰ আৱেগক সঠিকভাৱে নিয়ন্ত্ৰণ কৰি নিজকে আৰু নিজৰ প্ৰয়োজনীয়তাক ভালদৰে বুজি পায়। একে সময়তে পুৰুষে এই ধৰণৰ পৰিস্থিতিক সম্পূৰ্ণ বেলেগ ধৰণেৰে চায়। 

এই গৱেষণাৰ পৰা দেখা গৈছে যে ব্ৰেকআপৰ পৰা ওলাই আহি জীৱনত আগবাঢ়ি যাবলৈ পুৰুষক অধিক সময় লাগে। গৱেষকসকলে এইটোও বিচাৰি উলিয়াইছে বহু পুৰুষে ব্ৰেকআপৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো অলপৰ কাৰণে হলেও পূৰ্বৰ স্মৃতিৰ পৰা ওলাই আহিব নোৱাৰে। ব্ৰেকআপৰ সময়ত পুৰুষসকল মানসিকভাৱে বেছিকৈ ভাগি পৰে আৰু হৃদয় বেছিকৈ ভাঙে। এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁলোকৰ বহু সময় লাগে। অধ্যয়ন অনুসৰি পুৰুষসকলে নিজকে পতিয়ন নিয়াবলৈ মদ্যপান, ড্ৰাগছ বা হিংসাৰ আশ্ৰয় ল’বলৈও আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ