--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে সুস্থ আৰু স্বাস্থ্যবান ৰাখিবলৈ এটা সুন্দৰ জীৱনশৈলী আমি গঢ়ি তুলিব লাগিব৷ তাৰ বাবে আমি প্ৰথমে নিজক পৰিস্কাৰ আৰু ধুনীয়া কৈ ৰাখিব লাগিব৷ নিজক ধুনীয়া কৰি ৰাখিবলৈ প্ৰথমে আমি নিজৰ মনটোক ভাল পাবলৈ শিকিব লাগিব। মনটোক ভাল পালেহে নিজৰ প্ৰতি ন্যায় কৰা হ'ব। নিজক ভাল পাব নাজানিলে বা নিজৰ মনটোক ভাল পাব নাজানিলে আপুনি এগৰাকী সু-স্বাস্থ্যৰ গৰাকী হ'বই নোৱাৰে। মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰিব পাৰে, নিজ ইচ্ছাৰে কাম কৰিব পাৰে। এই মনেই হঠাতে বিষাদৰ চাদৰ মেলিয়াই মানুহৰ দৈনন্দিন জীৱনযাত্ৰাত যেন আউল লগাবও পাৰে৷ কোনো কোনো সময়ত মনটো বেয়া লাগিবও পাৰে৷ সেয়েহে এই মনটোক সুস্থিৰ কৰি ৰাখিবলৈ কি কি কৰিব লাগে জানো আহক...

১. যেতিয়াই আপোনাৰ মন বেয়া লাগে, তেতিয়াই আপুনি নিজৰ পচন্দৰ গান শুনাৰ চেষ্টা কৰক। প্ৰথমতে বিৰক্তি লাগিলেও কিন্তু এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰিব। আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই ।

২. বহুতৰে মন বেয়া লাগিলে মাকৰ ওচৰ চাপিলে ভাল হৈ যোৱা দেখা যায়। আপোনাৰো যদি এই অভ্যাস আছে, তেন্তে মন বেয়া লাগিলে মাতৃৰ লগত কিছু সময় পাৰ কৰক। নতুবা গল্প কৰক, কথা পাতক , দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে। যিসকলৰ মাতৃ নাই, তেওঁলোকে বন্ধু-বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায়, সেইসকলৰ ওচৰলৈ যাব। নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগতো সময় পাৰ কৰিব পাৰে। এনে কৰিলেও আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিব ।

৩. মগজু ঠাণ্ডা কৰাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা। যেতিয়াই কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত মন বেয়া লাগে, তেতিয়াই আপুনি এটুকুৰা চকলেট খাওঁক। দেখিব খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিছে।

৪. মন বেয়া লাগিলেই ভাল লগা পুৰণা কিতাপ পঢ়ক। যিখন পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল। যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণা স্মৃতি মনত পৰে, তেনে লাইন বিচাৰি পঢ়িবলৈ চেষ্টা কৰক। এই পুৰণা স্মৃতিয়ে আপোনাৰ মন-মগজু ঠাণ্ডা কৰাত প্ৰচুৰ সহায় কৰিব।

৫.কাৰোবাৰ কাৰণে ভাল কাম কৰক। দেখিব আপোনাৰ সকলো খং, ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে। অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগিছে, আপুনি যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক। এনে কৰিলে আপোনাৰ মন-মগজু একেবাৰে ঠাণ্ডা হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ