--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে সুস্থ আৰু স্বাস্থ্যবান ৰাখিবলৈ এটা সুন্দৰ জীৱনশৈলী আমি গঢ়ি তুলিব লাগিব৷ তাৰ বাবে আমি প্ৰথমে নিজক পৰিস্কাৰ আৰু ধুনীয়া কৈ ৰাখিব লাগিব৷ নিজক ধুনীয়া কৰি ৰাখিবলৈ প্ৰথমে আমি নিজৰ মনটোক ভাল পাবলৈ শিকিব লাগিব। মনটোক ভাল পালেহে নিজৰ প্ৰতি ন্যায় কৰা হ'ব। নিজক ভাল পাব নাজানিলে বা নিজৰ মনটোক ভাল পাব নাজানিলে আপুনি এগৰাকী সু-স্বাস্থ্যৰ গৰাকী হ'বই নোৱাৰে। মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰিব পাৰে, নিজ ইচ্ছাৰে কাম কৰিব পাৰে। এই মনেই হঠাতে বিষাদৰ চাদৰ মেলিয়াই মানুহৰ দৈনন্দিন জীৱনযাত্ৰাত যেন আউল লগাবও পাৰে৷ কোনো কোনো সময়ত মনটো বেয়া লাগিবও পাৰে৷ সেয়েহে এই মনটোক সুস্থিৰ কৰি ৰাখিবলৈ কি কি কৰিব লাগে জানো আহক...

১. যেতিয়াই আপোনাৰ মন বেয়া লাগে, তেতিয়াই আপুনি নিজৰ পচন্দৰ গান শুনাৰ চেষ্টা কৰক। প্ৰথমতে বিৰক্তি লাগিলেও কিন্তু এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰিব। আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই ।

২. বহুতৰে মন বেয়া লাগিলে মাকৰ ওচৰ চাপিলে ভাল হৈ যোৱা দেখা যায়। আপোনাৰো যদি এই অভ্যাস আছে, তেন্তে মন বেয়া লাগিলে মাতৃৰ লগত কিছু সময় পাৰ কৰক। নতুবা গল্প কৰক, কথা পাতক , দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে। যিসকলৰ মাতৃ নাই, তেওঁলোকে বন্ধু-বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায়, সেইসকলৰ ওচৰলৈ যাব। নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগতো সময় পাৰ কৰিব পাৰে। এনে কৰিলেও আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিব ।

৩. মগজু ঠাণ্ডা কৰাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা। যেতিয়াই কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত মন বেয়া লাগে, তেতিয়াই আপুনি এটুকুৰা চকলেট খাওঁক। দেখিব খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিছে।

৪. মন বেয়া লাগিলেই ভাল লগা পুৰণা কিতাপ পঢ়ক। যিখন পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল। যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণা স্মৃতি মনত পৰে, তেনে লাইন বিচাৰি পঢ়িবলৈ চেষ্টা কৰক। এই পুৰণা স্মৃতিয়ে আপোনাৰ মন-মগজু ঠাণ্ডা কৰাত প্ৰচুৰ সহায় কৰিব।

৫.কাৰোবাৰ কাৰণে ভাল কাম কৰক। দেখিব আপোনাৰ সকলো খং, ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে। অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগিছে, আপুনি যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক। এনে কৰিলে আপোনাৰ মন-মগজু একেবাৰে ঠাণ্ডা হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন