--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজক ফিজিকেলি ফিট ৰাখিবৰ বাবে আজিকালি প্ৰায় মানুহেই জিমলৈ যায়। এনে বহুতো মানুহ নিশ্চয় দেখিছে, যিয়ে মাংসপেশী আৰু বাইচেপছ বৃদ্ধি কৰিবলৈ জিমত যোগদান কৰে। একে সময়তে কিছুমান মানুহ আছে যিয়ে ষ্টেৰইড আৰু বেজী আদি বহুতো বস্তু ব্যৱহাৰ কৰি দ্ৰুত ফলাফল লাভ কৰে। ব্ৰাজিলৰ এজন বডি বিল্ডাৰ তথা টিকটক তাৰকা ভালদিৰ ছেগাটোৱে পেশী বৃদ্ধিৰ এনে এক কাম কৰিছিল, যাৰ ফলত তেওঁ মৃত্যুক সাবটি লয়।


‘হাল্ক’ নামেৰে পৰিচিত এই ব্ৰাজিলৰ লোকজনে ২৩ ইঞ্চিৰ বাইচেপছ বনাবৰ বাবে এক বিপজ্জনক তেলৰ ইনজেকচন লৈছিল যাৰ ফলত নিজৰ জন্মদিনৰ দিনাই তেওঁ মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। ষ্ট্ৰোক আৰু সংক্ৰমণৰ আশংকা থকাৰ পিছতো ভালডিৰ ছেগাটোৱে দীৰ্ঘদিন ধৰি বাইচেপছ আৰু পিঠিৰ পেশী বৃদ্ধিৰ বাবে ছিন্থল বেজী ব্যৱহাৰ কৰি আহিছিল।

ভালডিৰে কৈছিল যে মানুহে মোক সকলো সময়তে শ্ব’ৱাৰ্জেনেগাৰ, হাল্ক আৰু হি-মেন নামেৰে মাতে আৰু মই এই সকলোবোৰ নাম শুনি ভাল পাওঁ। মোৰ বাইচেপছ দুগুণ কৰিলোঁ যদিও আৰু ডাঙৰ বাইচেপছ বিচাৰো।

৬ বছৰ আগতে ভালদিৰক চিকিৎসকে সকীয়াই দিছিল যে যদি তেওঁ এনে শৰীৰ বনাবলৈ বেজী ব্যৱহাৰ কৰি থাকে তেন্তে তেওঁ হয়তো স্নায়ুৰ ক্ষতিকে ধৰি বহু জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু চিকিৎসকৰ কথা আওকাণ কৰি ইয়াৰ পাছতো ভালদিৰে পেশী বৃদ্ধিৰ বাবে বেজী দি থাকিল।

একেৰাহে বেজী দিয়াৰ পিছত ভালদিৰৰ মাংসপেশীবোৰ ২৩ ইঞ্চিলৈ বৃদ্ধি পালে, যাৰ বাবে মানুহে তেওঁক ‘The Monster’ বুলি মাতিবলৈ ধৰিলে, যাৰ বাবে তেওঁ অতি গৌৰৱ অনুভৱ কৰিছিল। কিন্তু ভালদিৰ ছেগাটোৰ এই হাবিয়াসে তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু