--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজক ফিজিকেলি ফিট ৰাখিবৰ বাবে আজিকালি প্ৰায় মানুহেই জিমলৈ যায়। এনে বহুতো মানুহ নিশ্চয় দেখিছে, যিয়ে মাংসপেশী আৰু বাইচেপছ বৃদ্ধি কৰিবলৈ জিমত যোগদান কৰে। একে সময়তে কিছুমান মানুহ আছে যিয়ে ষ্টেৰইড আৰু বেজী আদি বহুতো বস্তু ব্যৱহাৰ কৰি দ্ৰুত ফলাফল লাভ কৰে। ব্ৰাজিলৰ এজন বডি বিল্ডাৰ তথা টিকটক তাৰকা ভালদিৰ ছেগাটোৱে পেশী বৃদ্ধিৰ এনে এক কাম কৰিছিল, যাৰ ফলত তেওঁ মৃত্যুক সাবটি লয়।


‘হাল্ক’ নামেৰে পৰিচিত এই ব্ৰাজিলৰ লোকজনে ২৩ ইঞ্চিৰ বাইচেপছ বনাবৰ বাবে এক বিপজ্জনক তেলৰ ইনজেকচন লৈছিল যাৰ ফলত নিজৰ জন্মদিনৰ দিনাই তেওঁ মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। ষ্ট্ৰোক আৰু সংক্ৰমণৰ আশংকা থকাৰ পিছতো ভালডিৰ ছেগাটোৱে দীৰ্ঘদিন ধৰি বাইচেপছ আৰু পিঠিৰ পেশী বৃদ্ধিৰ বাবে ছিন্থল বেজী ব্যৱহাৰ কৰি আহিছিল।

ভালডিৰে কৈছিল যে মানুহে মোক সকলো সময়তে শ্ব’ৱাৰ্জেনেগাৰ, হাল্ক আৰু হি-মেন নামেৰে মাতে আৰু মই এই সকলোবোৰ নাম শুনি ভাল পাওঁ। মোৰ বাইচেপছ দুগুণ কৰিলোঁ যদিও আৰু ডাঙৰ বাইচেপছ বিচাৰো।

৬ বছৰ আগতে ভালদিৰক চিকিৎসকে সকীয়াই দিছিল যে যদি তেওঁ এনে শৰীৰ বনাবলৈ বেজী ব্যৱহাৰ কৰি থাকে তেন্তে তেওঁ হয়তো স্নায়ুৰ ক্ষতিকে ধৰি বহু জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু চিকিৎসকৰ কথা আওকাণ কৰি ইয়াৰ পাছতো ভালদিৰে পেশী বৃদ্ধিৰ বাবে বেজী দি থাকিল।

একেৰাহে বেজী দিয়াৰ পিছত ভালদিৰৰ মাংসপেশীবোৰ ২৩ ইঞ্চিলৈ বৃদ্ধি পালে, যাৰ বাবে মানুহে তেওঁক ‘The Monster’ বুলি মাতিবলৈ ধৰিলে, যাৰ বাবে তেওঁ অতি গৌৰৱ অনুভৱ কৰিছিল। কিন্তু ভালদিৰ ছেগাটোৰ এই হাবিয়াসে তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক