--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শক্তিশালী বোমা বিস্ফোৰণে জোকাৰি গ’ল পাকিস্তানৰ বেলুচিস্তানক৷ এলেকাটোত পাকিস্তান বিৰোধী বিদ্ৰোহৰ জুইত জ্বলি থকাৰ সময়তে এই বিস্ফোৰণে বিভিন্ন দিশৰ উন্মেষ ঘটাইছে। পাকিস্তানী সেনাই বেলুচ স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে নিৰন্তৰ যুঁজ দি আছে। পাক সেনাই বিদ্ৰোহ দমন কৰিবলৈ নিৰ্বিচাৰ হত্যাকাণ্ড চলাই যোৱাৰো অভিযোগ উঠিছে। 

এনে পৰিস্থিতিত ভাৰতৰ  চুবুৰীয়া দেশখনৰ  আটাইতকৈ বিশাল প্ৰদেশখনত হোৱা বিস্ফোৰণে বহুতকে ভবাই তুলিছে৷বোমা বিস্ফোৰণটোত কমেও ৩৫ জন লোক নিহত হোৱাৰ খবৰ আহিছে। মৃতসকলৰ ভিতৰত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াও আছে।শুকুৰবাৰে  বেলুচিস্তান প্ৰদেশৰ মাষ্টুং অঞ্চলৰ এটা মছজিদৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়। পয়গম্বৰ মহম্মদৰ জয়ন্তী উপলক্ষে মছজিদত এক সমাৱেশৰ আয়োজন কৰা  হৈছিল। 

ভিৰৰ মাজতে বিস্ফোৰণটো সংঘটিত হয়৷ বিস্ফোৰণৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে বহু কেইখন  গাড়ী দূৰৈত চিটিকি পৰিছিল। আক্ৰমণটোত কমেও ৩৫ জন লোক নিহত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মৃতসকলৰ ভিতৰত আৰক্ষীৰ এজন ডিএছপিও আছে৷ মাষ্টুঙৰ সহকাৰী আয়ুক্ত আত্তা উল মুনিমৰ মতে, বিস্ফোৰণটোত বহু লোক আহত হৈছে৷  এতিয়ালৈকে কোনেও আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে বহুতে ধাৰণা কৰিছে  যে তেহৰিক-ই-তালিবান পাকিস্তান বা বেলুচ লিবাৰেচন ফ্ৰণ্ট ইয়াৰ আঁৰত জড়িত থাকিব পাৰে।

বেলুচিস্তানে  দীৰ্ঘদিন ধৰি পাকিস্তানৰ শাসনৰ পৰা মুক্ত হ’বলৈ যুঁজ দি আহিছে। ইছলামাবাদে হত্যা, ধৰ্ষণৰ দৰে অমানৱীয় পন্থা গ্ৰহণ কৰি  বিদ্ৰোহৰ জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। বিশেষকৈ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ   হোৱাৰ পাছৰে পৰা বেলুচিস্তান অধিক অস্থিৰ হৈ পৰিছে। অভিযোগ কৰা হৈছে যে পাকিস্তানী কৰ্তৃপক্ষই খনিজ সমৃদ্ধ প্ৰদেশখনত  লুণ্ঠন চলাই আহিছে। ইয়াৰ বিনিময়ত, বেলুচ লোকসকলে কেৱল অত্যাচাৰ আৰু দৰিদ্ৰতাৰহে বলি  হৈছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি