--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শক্তিশালী বোমা বিস্ফোৰণে জোকাৰি গ’ল পাকিস্তানৰ বেলুচিস্তানক৷ এলেকাটোত পাকিস্তান বিৰোধী বিদ্ৰোহৰ জুইত জ্বলি থকাৰ সময়তে এই বিস্ফোৰণে বিভিন্ন দিশৰ উন্মেষ ঘটাইছে। পাকিস্তানী সেনাই বেলুচ স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে নিৰন্তৰ যুঁজ দি আছে। পাক সেনাই বিদ্ৰোহ দমন কৰিবলৈ নিৰ্বিচাৰ হত্যাকাণ্ড চলাই যোৱাৰো অভিযোগ উঠিছে। 

এনে পৰিস্থিতিত ভাৰতৰ  চুবুৰীয়া দেশখনৰ  আটাইতকৈ বিশাল প্ৰদেশখনত হোৱা বিস্ফোৰণে বহুতকে ভবাই তুলিছে৷বোমা বিস্ফোৰণটোত কমেও ৩৫ জন লোক নিহত হোৱাৰ খবৰ আহিছে। মৃতসকলৰ ভিতৰত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াও আছে।শুকুৰবাৰে  বেলুচিস্তান প্ৰদেশৰ মাষ্টুং অঞ্চলৰ এটা মছজিদৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়। পয়গম্বৰ মহম্মদৰ জয়ন্তী উপলক্ষে মছজিদত এক সমাৱেশৰ আয়োজন কৰা  হৈছিল। 

ভিৰৰ মাজতে বিস্ফোৰণটো সংঘটিত হয়৷ বিস্ফোৰণৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে বহু কেইখন  গাড়ী দূৰৈত চিটিকি পৰিছিল। আক্ৰমণটোত কমেও ৩৫ জন লোক নিহত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মৃতসকলৰ ভিতৰত আৰক্ষীৰ এজন ডিএছপিও আছে৷ মাষ্টুঙৰ সহকাৰী আয়ুক্ত আত্তা উল মুনিমৰ মতে, বিস্ফোৰণটোত বহু লোক আহত হৈছে৷  এতিয়ালৈকে কোনেও আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে বহুতে ধাৰণা কৰিছে  যে তেহৰিক-ই-তালিবান পাকিস্তান বা বেলুচ লিবাৰেচন ফ্ৰণ্ট ইয়াৰ আঁৰত জড়িত থাকিব পাৰে।

বেলুচিস্তানে  দীৰ্ঘদিন ধৰি পাকিস্তানৰ শাসনৰ পৰা মুক্ত হ’বলৈ যুঁজ দি আহিছে। ইছলামাবাদে হত্যা, ধৰ্ষণৰ দৰে অমানৱীয় পন্থা গ্ৰহণ কৰি  বিদ্ৰোহৰ জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। বিশেষকৈ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ   হোৱাৰ পাছৰে পৰা বেলুচিস্তান অধিক অস্থিৰ হৈ পৰিছে। অভিযোগ কৰা হৈছে যে পাকিস্তানী কৰ্তৃপক্ষই খনিজ সমৃদ্ধ প্ৰদেশখনত  লুণ্ঠন চলাই আহিছে। ইয়াৰ বিনিময়ত, বেলুচ লোকসকলে কেৱল অত্যাচাৰ আৰু দৰিদ্ৰতাৰহে বলি  হৈছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন