--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা  হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিছতে এই হত্যাত ভাৰত জড়িত থকা বুলি  কানাডাৰ সংসদত থিয় হৈ কৈছিল দেশ খনৰ প্ৰধানমন্ত্ৰীয়ে৷ নিজ্জাৰ হত্যাৰ বাবে ভাৰতক দোষাৰোপ কৰি আনকি কানাডাত থকা ভাৰতীয় দূতাবাসৰ বিষয়াকো দেশ খনৰ চৰকাৰে বহিস্কাৰ কৰিছিল৷  এনে ঘটনাৰ ডেৰ সপ্তাহৰ ভিতৰতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে তেওঁৰ  সুৰ কোমল কৰিছে আৰু নতুন দিল্লীৰ সৈতে সুসম্পৰ্কৰ ৰক্ষা কৰি চলাৰ  পোষকতা কৰে।

ট্ৰুডোৱে কয়  "ভাৰতে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰত এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক উদীয়মান শক্তি। কানাডাই ভাৰতৰ  সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। আমি যোৱা বছৰ ইণ্ডো-পেচিফিক অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভতো এখন বৈঠক কৰিছিলো।’’

 খালিস্তানপন্থী সংগঠন খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কেটিএফ) মুৰব্বী আৰু কানাডাৰ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰা চাহিবৰ মুৰব্বী নিজ্জাৰক গুৰুদ্বাৰাৰ চৌহদতে  গুলীয়াই হত্যা কৰা হৈছিল। ১৮ ছেপ্টেম্বৰত ট্ৰুডোৱে কানাডাৰ সংসদৰ জৰুৰীকালীন অধিৱেশনৰ সময়ত অভিযোগ কৰিছিল যে এই হত্যাত  ভাৰতৰ  ভূমিকা আছে। কানাডিয়ান অনুসন্ধানকাৰীসকলে বিষয়টো অধিক বিতংভাৱে অনুসন্ধান কৰি আছে বুলিও ট্ৰুডোৱে  কয়। তেওঁ এইবুলিও  দাবী কৰে যে তেওঁ এই বিষয়টোত জি-২০ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছে।

ট্ৰুডোৰ বক্তব্যৰ পিছতে কানাডাত থকা  এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছিল।এই পদক্ষেপৰ প্ৰতিক্ৰিয়া স্বৰূপে, মোদী চৰকাৰে মঙলবাৰে এজন শীৰ্ষ কানাডিয়ান কূটনীতিবিদক পাঁচ দিনৰ ভিতৰত দিল্লী ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। ইপিনে  ভাৰতে নিজ্জাৰৰ হত্যাৰ দায়িত্ব অস্বীকাৰ কৰিছে। 

পৰৱৰ্তী পদক্ষেপত, নৰেন্দ্ৰ মোদী চৰকাৰে কানাডাৰ নাগৰিকসকলক ভিছা প্ৰদান কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, ট্ৰুডোৰ চৰকাৰে ভাৰতত বাস কৰা কানাডিয়ানসকলৰ বাবে এক "বিশেষ নিৰাপত্তা সতৰ্কতা" জাৰি কৰে। এনে পৰিবেশৰ মাজতে  নতুন দিল্লীৰ সৈতে "ঘনিষ্ঠ সম্পৰ্ক" বিচৰা ট্ৰুডোৰ বক্তব্যই বিশেষ গুৰুত্ব বহন কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি