--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা  হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিছতে এই হত্যাত ভাৰত জড়িত থকা বুলি  কানাডাৰ সংসদত থিয় হৈ কৈছিল দেশ খনৰ প্ৰধানমন্ত্ৰীয়ে৷ নিজ্জাৰ হত্যাৰ বাবে ভাৰতক দোষাৰোপ কৰি আনকি কানাডাত থকা ভাৰতীয় দূতাবাসৰ বিষয়াকো দেশ খনৰ চৰকাৰে বহিস্কাৰ কৰিছিল৷  এনে ঘটনাৰ ডেৰ সপ্তাহৰ ভিতৰতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে তেওঁৰ  সুৰ কোমল কৰিছে আৰু নতুন দিল্লীৰ সৈতে সুসম্পৰ্কৰ ৰক্ষা কৰি চলাৰ  পোষকতা কৰে।

ট্ৰুডোৱে কয়  "ভাৰতে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰত এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক উদীয়মান শক্তি। কানাডাই ভাৰতৰ  সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। আমি যোৱা বছৰ ইণ্ডো-পেচিফিক অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভতো এখন বৈঠক কৰিছিলো।’’

 খালিস্তানপন্থী সংগঠন খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কেটিএফ) মুৰব্বী আৰু কানাডাৰ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰা চাহিবৰ মুৰব্বী নিজ্জাৰক গুৰুদ্বাৰাৰ চৌহদতে  গুলীয়াই হত্যা কৰা হৈছিল। ১৮ ছেপ্টেম্বৰত ট্ৰুডোৱে কানাডাৰ সংসদৰ জৰুৰীকালীন অধিৱেশনৰ সময়ত অভিযোগ কৰিছিল যে এই হত্যাত  ভাৰতৰ  ভূমিকা আছে। কানাডিয়ান অনুসন্ধানকাৰীসকলে বিষয়টো অধিক বিতংভাৱে অনুসন্ধান কৰি আছে বুলিও ট্ৰুডোৱে  কয়। তেওঁ এইবুলিও  দাবী কৰে যে তেওঁ এই বিষয়টোত জি-২০ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছে।

ট্ৰুডোৰ বক্তব্যৰ পিছতে কানাডাত থকা  এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছিল।এই পদক্ষেপৰ প্ৰতিক্ৰিয়া স্বৰূপে, মোদী চৰকাৰে মঙলবাৰে এজন শীৰ্ষ কানাডিয়ান কূটনীতিবিদক পাঁচ দিনৰ ভিতৰত দিল্লী ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। ইপিনে  ভাৰতে নিজ্জাৰৰ হত্যাৰ দায়িত্ব অস্বীকাৰ কৰিছে। 

পৰৱৰ্তী পদক্ষেপত, নৰেন্দ্ৰ মোদী চৰকাৰে কানাডাৰ নাগৰিকসকলক ভিছা প্ৰদান কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, ট্ৰুডোৰ চৰকাৰে ভাৰতত বাস কৰা কানাডিয়ানসকলৰ বাবে এক "বিশেষ নিৰাপত্তা সতৰ্কতা" জাৰি কৰে। এনে পৰিবেশৰ মাজতে  নতুন দিল্লীৰ সৈতে "ঘনিষ্ঠ সম্পৰ্ক" বিচৰা ট্ৰুডোৰ বক্তব্যই বিশেষ গুৰুত্ব বহন কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন