--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিম জং আন৷ উত্তৰ কোৰিয়াৰ এইগৰাকী শাসকৰ কৰ্ম-কাণ্ডই প্ৰায়ে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ কিছুদিন পূৰ্বে কিমে এই বুলি নিৰ্দেশ জাৰি কৰিছিল যে কিমৰ কন্যাৰ নামেৰে কোনো ছোৱালীয়ে নিজৰ নাম ৰাখিব নোৱাৰিব৷ কিন্তু কেৱল সাধাৰণ নাগৰিকেই নহয়, কিমৰ পত্নী তথা দেশ খনৰ  প্ৰথম মহিলাগৰাকীয়েও  উত্তৰ কোৰিয়াত কিমৰ কঠোৰ অনুশাসনৰ পৰা ৰক্ষা পোৱা   নাই। কিমে তেওঁৰ পত্নীৰ বাবে কেইবাটাও কঠোৰ নিয়ম নিৰ্ধাৰণ কৰি দিছে। 

এই নিয়মৰ বাহিৰলৈ গৈ তেওঁ কোনো কাম কৰিব নোৱাৰে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷ সংবাদমাধ্যমৰ বাতৰি অনুসৰি স্বৈৰাচাৰী কিমে উত্তৰ কোৰিয়াৰ  সীমান্তত এখন দেৱাল নিৰ্মাণ কৰিছে।সেয়ে  দেশৰ ভিতৰত ঘটি আছে  সেই বিষয়ে খুব কম তথ্যহে  বাহিৰৰ মানুহে জানিব পাৰে। কিমৰ প্ৰশাসনে সতৰ্কতাৰে উত্তৰ কোৰিয়াত এক 'অচলাৱস্থা' সৃষ্টি কৰিছে।কিমৰ পত্নী ৰী চোল জু। কিমৰ সৈতে তেওঁ  ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল।

 ২০১২  চনত তেওঁক প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমত কিমৰ কাষত দেখা গৈছিল। ইয়াৰ পূৰ্বে তেওঁক কোনেও ৰাজহুৱাকৈ দেখা নাছিল৷  উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমৰ সূত্ৰঅনুসৰি, বিয়াৰ আগতে ৰি এগৰাকী  সংগীতজ্ঞ আছিল। এগৰাকী  চিয়াৰলিডাৰ হিচাপেও তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। কিন্তু বিয়াৰ পিছত এই সকলোবোৰ বন্ধ হৈ পৰিছে। কিমৰ বাধাৰ বাবেই তেওঁৰ দৈনন্দিন জীৱনৰ বিষয়ে বেছি তথ্য পোৱা নাযায় বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷


অসমৰ্থিত সূত্ৰ অনুসৰি কিম আৰু ৰীৰ মুঠ তিনিটা সন্তান আছে। কিন্তু তেওঁলোকৰ কেৱল এজন পুত্ৰৰ কথাহে  জনা যায়। তেওঁৰ নাম কিম জু-ই। তেওঁৰ জন্ম ২০১৩ চনত হৈছিল। কিমৰ আন সন্তানৰ বিষয়ে আৰু কোনো তথ্য নাই।এই কথাও বহুলভাবে চৰ্চিত হৈ আছে যে  কিমে ৰিক বলপূৰ্বক বিয়া কৰাইছিল। কিমৰ দেউতাক কিম জং ইল তেওঁলোকৰ বিবাহৰ সময়ত উত্তৰ কোৰিয়াৰ শাসক আছিল। বিয়াৰ আগতে কিমৰ পত্নীৰ আন এটা নাম আছিল। সেই নামটো কি? কোনেও সেয়া নাজানে। আনকি ৰীৰ জন্ম বৰ্ষও অজ্ঞাত। ফলস্বৰূপে, তেওঁৰ বয়স অনুমান কৰিব নোৱাৰি।ৰী সাধাৰণ পৰিয়ালৰ জীয়ৰী নহয়। তেওঁৰ দেউতাক পেছাত এজন অধ্যাপক। মাতৃ দেশৰ এখন বিখ্যাত চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিভাগৰ মুখ্য চিকিৎসক। তেওঁলোকৰ সম্পদো কম নহয়। কিন্তু  অভিযোগ কৰা হৈছে যে ৰিক তেওঁৰ নিজৰ পৰিয়ালৰ লোকক লগ কৰিবলৈ অনুমতি দিয়া নহয়। ৰীয়ে বিয়াৰ পিছৰে পৰা মাক আৰু দেউতাকক লগ কৰাটো নিষিদ্ধ কৰা হৈছে।

আৰম্ভণিতে ৰীয়ে  পশ্চিমৰ অনুকৰণত জিন্স, টপ আৰু আধুনিক পোছাক পিন্ধা দেখা গৈছিল। কিন্তু কিমে পিছত তেওঁক জিন্স পিন্ধা  নিষিদ্ধ কৰিছিল। অভিযোগ অনুসৰি ৰীয়ে নিজৰ পচন্দ অনুসৰি পোছাকো পিন্ধিব নোৱাৰে। তেওঁৰ বাবে ৰক্ষণশীল শৰীৰ আবৃত পোছাক নিৰ্ধাৰণ কৰা হৈছে।দেশৰ প্ৰথম মহিলা  হোৱাৰ পিছতো  দেশৰ সংবাদ মাধ্যমত ৰীৰ  জনপ্ৰিয়তা সাধাৰণতে দেখা নাযায়। সংবাদ মাধ্যমৰ কোনেওকিমৰ অনুমতি অবিহনে  ৰীৰ   ফটো তুলিবলৈ সাহস নকৰে। ৰি আৰু কিমৰ পৰিয়ালৰ আন সদস্যসকলৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য।

কিমৰ 'নিজৰ দেশ'ত, যেন ৰী চিৰন্তন নিৰ্বাসন আছে। অৱশ্যে, কঠোৰ অনুশাসন স্বত্বে  প্ৰতিবাৰেই তেওঁক ৰাজহুৱা দৰ্শনৰ  মুহূৰ্তত  ৰীৰ মুখতদেখা গৈছিল মিঠা হাঁহি ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ