--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিম জং আন৷ উত্তৰ কোৰিয়াৰ এইগৰাকী শাসকৰ কৰ্ম-কাণ্ডই প্ৰায়ে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ কিছুদিন পূৰ্বে কিমে এই বুলি নিৰ্দেশ জাৰি কৰিছিল যে কিমৰ কন্যাৰ নামেৰে কোনো ছোৱালীয়ে নিজৰ নাম ৰাখিব নোৱাৰিব৷ কিন্তু কেৱল সাধাৰণ নাগৰিকেই নহয়, কিমৰ পত্নী তথা দেশ খনৰ  প্ৰথম মহিলাগৰাকীয়েও  উত্তৰ কোৰিয়াত কিমৰ কঠোৰ অনুশাসনৰ পৰা ৰক্ষা পোৱা   নাই। কিমে তেওঁৰ পত্নীৰ বাবে কেইবাটাও কঠোৰ নিয়ম নিৰ্ধাৰণ কৰি দিছে। 

এই নিয়মৰ বাহিৰলৈ গৈ তেওঁ কোনো কাম কৰিব নোৱাৰে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷ সংবাদমাধ্যমৰ বাতৰি অনুসৰি স্বৈৰাচাৰী কিমে উত্তৰ কোৰিয়াৰ  সীমান্তত এখন দেৱাল নিৰ্মাণ কৰিছে।সেয়ে  দেশৰ ভিতৰত ঘটি আছে  সেই বিষয়ে খুব কম তথ্যহে  বাহিৰৰ মানুহে জানিব পাৰে। কিমৰ প্ৰশাসনে সতৰ্কতাৰে উত্তৰ কোৰিয়াত এক 'অচলাৱস্থা' সৃষ্টি কৰিছে।কিমৰ পত্নী ৰী চোল জু। কিমৰ সৈতে তেওঁ  ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল।

 ২০১২  চনত তেওঁক প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমত কিমৰ কাষত দেখা গৈছিল। ইয়াৰ পূৰ্বে তেওঁক কোনেও ৰাজহুৱাকৈ দেখা নাছিল৷  উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমৰ সূত্ৰঅনুসৰি, বিয়াৰ আগতে ৰি এগৰাকী  সংগীতজ্ঞ আছিল। এগৰাকী  চিয়াৰলিডাৰ হিচাপেও তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। কিন্তু বিয়াৰ পিছত এই সকলোবোৰ বন্ধ হৈ পৰিছে। কিমৰ বাধাৰ বাবেই তেওঁৰ দৈনন্দিন জীৱনৰ বিষয়ে বেছি তথ্য পোৱা নাযায় বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷


অসমৰ্থিত সূত্ৰ অনুসৰি কিম আৰু ৰীৰ মুঠ তিনিটা সন্তান আছে। কিন্তু তেওঁলোকৰ কেৱল এজন পুত্ৰৰ কথাহে  জনা যায়। তেওঁৰ নাম কিম জু-ই। তেওঁৰ জন্ম ২০১৩ চনত হৈছিল। কিমৰ আন সন্তানৰ বিষয়ে আৰু কোনো তথ্য নাই।এই কথাও বহুলভাবে চৰ্চিত হৈ আছে যে  কিমে ৰিক বলপূৰ্বক বিয়া কৰাইছিল। কিমৰ দেউতাক কিম জং ইল তেওঁলোকৰ বিবাহৰ সময়ত উত্তৰ কোৰিয়াৰ শাসক আছিল। বিয়াৰ আগতে কিমৰ পত্নীৰ আন এটা নাম আছিল। সেই নামটো কি? কোনেও সেয়া নাজানে। আনকি ৰীৰ জন্ম বৰ্ষও অজ্ঞাত। ফলস্বৰূপে, তেওঁৰ বয়স অনুমান কৰিব নোৱাৰি।ৰী সাধাৰণ পৰিয়ালৰ জীয়ৰী নহয়। তেওঁৰ দেউতাক পেছাত এজন অধ্যাপক। মাতৃ দেশৰ এখন বিখ্যাত চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিভাগৰ মুখ্য চিকিৎসক। তেওঁলোকৰ সম্পদো কম নহয়। কিন্তু  অভিযোগ কৰা হৈছে যে ৰিক তেওঁৰ নিজৰ পৰিয়ালৰ লোকক লগ কৰিবলৈ অনুমতি দিয়া নহয়। ৰীয়ে বিয়াৰ পিছৰে পৰা মাক আৰু দেউতাকক লগ কৰাটো নিষিদ্ধ কৰা হৈছে।

আৰম্ভণিতে ৰীয়ে  পশ্চিমৰ অনুকৰণত জিন্স, টপ আৰু আধুনিক পোছাক পিন্ধা দেখা গৈছিল। কিন্তু কিমে পিছত তেওঁক জিন্স পিন্ধা  নিষিদ্ধ কৰিছিল। অভিযোগ অনুসৰি ৰীয়ে নিজৰ পচন্দ অনুসৰি পোছাকো পিন্ধিব নোৱাৰে। তেওঁৰ বাবে ৰক্ষণশীল শৰীৰ আবৃত পোছাক নিৰ্ধাৰণ কৰা হৈছে।দেশৰ প্ৰথম মহিলা  হোৱাৰ পিছতো  দেশৰ সংবাদ মাধ্যমত ৰীৰ  জনপ্ৰিয়তা সাধাৰণতে দেখা নাযায়। সংবাদ মাধ্যমৰ কোনেওকিমৰ অনুমতি অবিহনে  ৰীৰ   ফটো তুলিবলৈ সাহস নকৰে। ৰি আৰু কিমৰ পৰিয়ালৰ আন সদস্যসকলৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য।

কিমৰ 'নিজৰ দেশ'ত, যেন ৰী চিৰন্তন নিৰ্বাসন আছে। অৱশ্যে, কঠোৰ অনুশাসন স্বত্বে  প্ৰতিবাৰেই তেওঁক ৰাজহুৱা দৰ্শনৰ  মুহূৰ্তত  ৰীৰ মুখতদেখা গৈছিল মিঠা হাঁহি ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট