--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে আয়োজিত ৰাতিৰ আহাৰত উপস্থিত থাকে কেইবাজনো গণ্য মান্য ব্যক্তি। ভাৰতীয় কোটিপতি ব্যৱসায়ী মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাৰ পৰা আৰম্ভ কৰি গুগলৰ চিইঅ’ সুন্দৰ পিচাই, এপলৰ চিইঅ’ টিম কুক — ৰাতিৰ আহাৰত আন বহুকেইজন উপস্থিত আছিল।

সেই অনুষ্ঠানত মুকেশৰ পত্নী নীতা আম্বানীও উপস্থিত আছিল। স্বামী মুকেশৰ হাতত ধৰি হোয়াইট হাউছত প্ৰৱেশ কৰিলে নীতা। সোণালী হাতীদাঁতৰ শাৰী পিন্ধি নীতাই হোয়াইট হাউছত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

নীতাই পিন্ধা সুন্দৰকৈ তৈয়াৰী হাতীদাঁতৰ বেনাৰসী তৈয়াৰ কৰিবলৈ প্ৰায় এমাহ সময় লাগিছিল শিপিনীসকলে। ডিঙিত আৰু হাতত মুকুতাৰ গহনা, চুলিত ফুলৰ মালা পিন্ধি সম্পূৰ্ণ ভাৰতীয় সাজ পিন্ধি নীতাই আমেৰিকাৰ ৰাষ্ট্ৰপতিক লগ পাইছিল। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধীনস্থ সংস্থা স্বদেশে নিৰ্মাণ কৰিছে এই শাৰীখন।

‘নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’ই ভাৰতীয় শিপিনী আৰু শিল্পীৰ কৰ্মৰাজিক বিশ্বলৈ অনাৰ উদ্যোগ লৈছে। শাৰী পিন্ধি হোয়াইট হাউছত প্ৰৱেশ কৰি নীতাই ভাৰতীয় সংস্কৃতিক চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল, আৰু সফলতা লাভ কৰিছিল।

শেহতীয়াকৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত নীতাই পিন্ধিছিল গোলাপী ৰঙৰ পাটোলা ৰেচম। পাৰত জন্তুৰ ডিজাইনৰে সজোৱা এই শাৰীখন বোৱাবলৈ শিল্পীসকলে প্ৰায় ছমাহ সময় লাগিছিল। নীতাৰ সাজ-পোছাকে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন