--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে আয়োজিত ৰাতিৰ আহাৰত উপস্থিত থাকে কেইবাজনো গণ্য মান্য ব্যক্তি। ভাৰতীয় কোটিপতি ব্যৱসায়ী মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাৰ পৰা আৰম্ভ কৰি গুগলৰ চিইঅ’ সুন্দৰ পিচাই, এপলৰ চিইঅ’ টিম কুক — ৰাতিৰ আহাৰত আন বহুকেইজন উপস্থিত আছিল।

সেই অনুষ্ঠানত মুকেশৰ পত্নী নীতা আম্বানীও উপস্থিত আছিল। স্বামী মুকেশৰ হাতত ধৰি হোয়াইট হাউছত প্ৰৱেশ কৰিলে নীতা। সোণালী হাতীদাঁতৰ শাৰী পিন্ধি নীতাই হোয়াইট হাউছত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

নীতাই পিন্ধা সুন্দৰকৈ তৈয়াৰী হাতীদাঁতৰ বেনাৰসী তৈয়াৰ কৰিবলৈ প্ৰায় এমাহ সময় লাগিছিল শিপিনীসকলে। ডিঙিত আৰু হাতত মুকুতাৰ গহনা, চুলিত ফুলৰ মালা পিন্ধি সম্পূৰ্ণ ভাৰতীয় সাজ পিন্ধি নীতাই আমেৰিকাৰ ৰাষ্ট্ৰপতিক লগ পাইছিল। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধীনস্থ সংস্থা স্বদেশে নিৰ্মাণ কৰিছে এই শাৰীখন।

‘নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’ই ভাৰতীয় শিপিনী আৰু শিল্পীৰ কৰ্মৰাজিক বিশ্বলৈ অনাৰ উদ্যোগ লৈছে। শাৰী পিন্ধি হোয়াইট হাউছত প্ৰৱেশ কৰি নীতাই ভাৰতীয় সংস্কৃতিক চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল, আৰু সফলতা লাভ কৰিছিল।

শেহতীয়াকৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত নীতাই পিন্ধিছিল গোলাপী ৰঙৰ পাটোলা ৰেচম। পাৰত জন্তুৰ ডিজাইনৰে সজোৱা এই শাৰীখন বোৱাবলৈ শিল্পীসকলে প্ৰায় ছমাহ সময় লাগিছিল। নীতাৰ সাজ-পোছাকে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ