--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা উপনিত হৈছে শেষ পৰ্যায়ত৷ ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত নিজৰ ক্ষমতা বজাই ৰাখিবলৈ সাজু হোৱা দেখা গৈছে৷ আনহাতে, আম আদমী পাৰ্টীয়ে পঞ্জাবত এক ঐতিহাসিক জয়ৰ দিশে আগবাঢ়িছে৷ মণিপুৰ আৰু গোৱাত বিজেপি এতিয়ালৈকে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই জয়েৰে ব্ৰেণ্ড মোদী যে এতিয়াও শক্তিশালী সেয়া প্ৰমাণ হৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মহামাৰী ক'ভিডত হাজাৰ হাজাৰ লোকৰ প্ৰাণ হেৰুওৱা তথা প্ৰচুৰ অৰ্থনৈতিক দুৰ্দশাৰ সৃষ্টি কৰি বছৰজোৰা কৃষক আন্দোলনৰ পৰিণতিৰ পাছতো মোদী হৈ পৰিছে একোটা ব্ৰেণ্ড৷ যদিও বিজেপিৰ চাৰিখন ৰাজ্যতে মুখ্যমন্ত্ৰী তথাপি আটাইকেইখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বিধানসভা নিৰ্বাচনত দলটোৰ প্ৰতি ভোটাৰত আকৃষ্ট কৰা দেখা গৈছিল।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথইতিহাস ৰচনা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ইতিহাস ৰচনা কৰি সম্পূৰ্ণ পাঁচ বছৰ কাৰ্যকাল পাৰ কৰাৰ পাছত পুনৰ ক্ষমতা বজাই ৰখা ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিছে স্বীকৃতি। ১৯৮৫ চনৰ পাছত এইটো প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত এটা নিৰ্বাচনত চৰকাৰ পুনৰাবৃত্তি হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ইপিনে পঞ্জাবত আপৰ বিজয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। আপ দেশৰ একমাত্ৰ আঞ্চলিক দল যিয়ে এখনতকৈ অধিক ৰাজ্য দিল্লী আৰু পঞ্জাবত চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব। পঞ্জাবৰ ফলাফলে আপক ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ বাবে এক প্ৰকৃত বিকল্প হিচাপে থিয় দিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, এতিয়া কেজৰিৱালে গুজৰাটৰ ওপৰত চকু ৰাখিব, য'ত ১৯৯৫ চনৰ পৰা কংগ্ৰেছ জয়ী হোৱা নাই। গুজৰাট আৰু হিমাচল প্ৰদেশত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব৷ আপে পঞ্জাব বিজয়ক আগত ৰাখি এই দুখন ৰাজ্যতো নিজৰ স্থিতি সবল কৰাৰ চেষ্টা চলাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য