--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল এগৰাকী জ্যেষ্ঠ নেতা৷ তেওঁ কৰা এটি মন্তব্যই সৰ্বত্ৰে লাভ কৰিছিল চৰ্চা৷ মন্তব্যটো আছিল এনেধৰণৰ- ‘ধৰ্ষণত নম্বৰ একত আছে ৰাজস্থান’৷ এই বিতৰ্কিত মন্তব্যটো কৰি ৰাজস্থানৰ মন্ত্ৰী শান্তি ধাৰিৱাল সোমাই পৰিছিল বিতৰ্কত৷ পিছে মন্তব্যটোত জিভা পিছল খোৱা বুলি ক্ষমা খুজিবলৈ সক্ষম হৈছে তেওঁ৷ তেওঁ কয়, ‘মই সদায় মহিলাসকলক সন্মান জনাই আহিছো আৰু তেওঁলোকক সকলো কামত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছো। মই কোৱা কথাষাৰৰ বাবে মই দুঃখিত৷ এয়া জিভাৰ পিছলৰ বাবে ওলাই গৈছিল। মই ক’ব বিচাৰিছিলো ইছ প্ৰদেশ ম্যে য়ে মাৰ্জ কঁহা চে আ গয়া কিন্তু শেষত ইয়ে মাৰ্ডো কা প্ৰদেশ হ্যে বুলি কৈ তেওঁ কয় যে, 'মই সদনত ক্ষমা বিচাৰিম।' 'ধৰ্ষণত আমি এক নম্বৰত আছো। কোনো সন্দেহ নাই। ধৰ্ষণ কাণ্ড কিয় সংঘটিত হৈ আছে আমাৰ ৰাজ্যখন?... কাৰণ এটাই ৰাজস্থান পুৰুষৰ সংখ্যা মহিলাতকৈ অধিক,' ৰাজস্থান বিধানসভাত ভাষণ দি শান্তি ধাৰিৱালে কৈছিল। বিধানসভাত বহি থকা কিছুমান বিধায়কক বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কিছু অস্বস্তি অনুভৱ কৰা দেখা গৈছিল। শান্তি ধাৰিৱালৰ ধৰ্ষণৰ মন্তব্যই ৰাজস্থান বিজেপিৰ মুৰব্বী সতীশ পুনিয়া, মুখপাত্ৰ শ্বেহজাদ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) অধ্যক্ষ ৰেখা শৰ্মাই মন্ত্ৰীগৰাকীক গৰিহণা দিয়ে৷ ৰেখা শৰ্মাই টুইটযোগে এনেদৰে লিখে, ‘ৰাজস্থান চৰকাৰত এনেধৰণৰ মন্ত্ৰী আছে সেয়েহে ৰাজ্যখনৰ মহিলাসকল কেনেদৰে সুৰক্ষিত হ’ব৷ ভয়ংকৰ অপৰাধৰ সন্মুখীন হৈছে মহিলা সমাজ আৰু আৰক্ষীৰ ভূমিকাও নীৰৱ৷ ৰাজ্যখনৰ মহিলাসকলে কেনেকৈ সুৰক্ষিত অনুভৱ কৰিব যদি ইয়াত এনেধৰণৰ মন্ত্ৰী থাকে? এনচিডব্লিউ ইণ্ডিয়াই ধাৰিৱালৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰি আছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক