--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল এগৰাকী জ্যেষ্ঠ নেতা৷ তেওঁ কৰা এটি মন্তব্যই সৰ্বত্ৰে লাভ কৰিছিল চৰ্চা৷ মন্তব্যটো আছিল এনেধৰণৰ- ‘ধৰ্ষণত নম্বৰ একত আছে ৰাজস্থান’৷ এই বিতৰ্কিত মন্তব্যটো কৰি ৰাজস্থানৰ মন্ত্ৰী শান্তি ধাৰিৱাল সোমাই পৰিছিল বিতৰ্কত৷ পিছে মন্তব্যটোত জিভা পিছল খোৱা বুলি ক্ষমা খুজিবলৈ সক্ষম হৈছে তেওঁ৷ তেওঁ কয়, ‘মই সদায় মহিলাসকলক সন্মান জনাই আহিছো আৰু তেওঁলোকক সকলো কামত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছো। মই কোৱা কথাষাৰৰ বাবে মই দুঃখিত৷ এয়া জিভাৰ পিছলৰ বাবে ওলাই গৈছিল। মই ক’ব বিচাৰিছিলো ইছ প্ৰদেশ ম্যে য়ে মাৰ্জ কঁহা চে আ গয়া কিন্তু শেষত ইয়ে মাৰ্ডো কা প্ৰদেশ হ্যে বুলি কৈ তেওঁ কয় যে, 'মই সদনত ক্ষমা বিচাৰিম।' 'ধৰ্ষণত আমি এক নম্বৰত আছো। কোনো সন্দেহ নাই। ধৰ্ষণ কাণ্ড কিয় সংঘটিত হৈ আছে আমাৰ ৰাজ্যখন?... কাৰণ এটাই ৰাজস্থান পুৰুষৰ সংখ্যা মহিলাতকৈ অধিক,' ৰাজস্থান বিধানসভাত ভাষণ দি শান্তি ধাৰিৱালে কৈছিল। বিধানসভাত বহি থকা কিছুমান বিধায়কক বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কিছু অস্বস্তি অনুভৱ কৰা দেখা গৈছিল। শান্তি ধাৰিৱালৰ ধৰ্ষণৰ মন্তব্যই ৰাজস্থান বিজেপিৰ মুৰব্বী সতীশ পুনিয়া, মুখপাত্ৰ শ্বেহজাদ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) অধ্যক্ষ ৰেখা শৰ্মাই মন্ত্ৰীগৰাকীক গৰিহণা দিয়ে৷ ৰেখা শৰ্মাই টুইটযোগে এনেদৰে লিখে, ‘ৰাজস্থান চৰকাৰত এনেধৰণৰ মন্ত্ৰী আছে সেয়েহে ৰাজ্যখনৰ মহিলাসকল কেনেদৰে সুৰক্ষিত হ’ব৷ ভয়ংকৰ অপৰাধৰ সন্মুখীন হৈছে মহিলা সমাজ আৰু আৰক্ষীৰ ভূমিকাও নীৰৱ৷ ৰাজ্যখনৰ মহিলাসকলে কেনেকৈ সুৰক্ষিত অনুভৱ কৰিব যদি ইয়াত এনেধৰণৰ মন্ত্ৰী থাকে? এনচিডব্লিউ ইণ্ডিয়াই ধাৰিৱালৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰি আছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য