--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী চুপাৰ মডেল।তেওঁ  চুপাৰমডেল জিজি  হাদিদ। বিশ্বত খ্যাতি থকা চুপাৰ মডেলগৰাকীকে  বৰুণ ধাৱানে চুমা খাইছিল। ফলত বহুতৰে ৰোষত পৰিছিল বৰুণ ধাৱান। এইবাৰ প্ৰযোজক বনি কাপুৰৰ বিৰুদ্ধে আন্তৰ্জাতিক তাৰকাগৰাকীৰ শৰীৰত অশালীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন  হৈছে।

শেহতীয়াকৈ নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ লগতে হলিউডৰ তাৰকাসকল উপস্থিত আছিল।  টম হ'লেণ্ড, জেণ্ডায়াৰ লগতে জিজি হাদিদেওঅনুষ্ঠানত সকলোৰে   দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ কেইবাগৰাকীও তাৰকাৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিছিল। বনি কাপুৰে আন্তৰ্জাতিক চুপাৰমডেল জিজিৰ  সৈতেও ফটো তুলিছিল। ফটো উঠাৰ সময়তে বনি কাপুৰে চুপাৰ মডেলগৰাকীৰ কঁকালত  হাত ৰাখিছিল।


View this post on Instagram

A post shared by ? (@bollywoodsfilm)



নেটিজেনৰ এটা অংশই এনেদৰে চুপাৰমডেলৰ শৰীৰত বনিয়ে  হাত দিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বলীউডৰ প্ৰযোজকজনক ব্যাপক হাৰত ট্ৰ'ল কৰা হৈছে। বহুতে লিখিছে  "কাষ্টিং কাউচত বহু ছোৱালীৰ জীৱন ধ্বংস কৰিও বনি কাপুৰৰ যেন হুতাশ পলোৱা নাই", আন কিছুমানে লিখিছে "কামুক বৃদ্ধ, ইংৰাজকো  এৰি যোৱা নিদিলে"। 

উল্লেখ্য  বৰুণ ধাৱানে এদিন মঞ্চত নাচি থাকোতে জিজিক  কোলাত তুলি লৈছিল। হঠাতে তেওঁ জিজিৰ  গালত চুমা খাইছিল। ঘটনাটোৰ ভিডিঅ' বিয়পি পৰাৰ লগে লগে সমালোচনা আৰম্ভ হৈছিল। পিছত দাবী কৰা হৈছিল যে বিষয়টো পূৰ্ব পৰিকল্পিত আছিল। ইফালে, জিজিয়ে কয় যে বৰুণে তেওঁৰ বলীউডৰ সপোন পূৰণ কৰিছে।  এইবাৰ বনিৰ আচৰণকলৈ  লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস