--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী চুপাৰ মডেল।তেওঁ  চুপাৰমডেল জিজি  হাদিদ। বিশ্বত খ্যাতি থকা চুপাৰ মডেলগৰাকীকে  বৰুণ ধাৱানে চুমা খাইছিল। ফলত বহুতৰে ৰোষত পৰিছিল বৰুণ ধাৱান। এইবাৰ প্ৰযোজক বনি কাপুৰৰ বিৰুদ্ধে আন্তৰ্জাতিক তাৰকাগৰাকীৰ শৰীৰত অশালীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন  হৈছে।

শেহতীয়াকৈ নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ লগতে হলিউডৰ তাৰকাসকল উপস্থিত আছিল।  টম হ'লেণ্ড, জেণ্ডায়াৰ লগতে জিজি হাদিদেওঅনুষ্ঠানত সকলোৰে   দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ কেইবাগৰাকীও তাৰকাৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিছিল। বনি কাপুৰে আন্তৰ্জাতিক চুপাৰমডেল জিজিৰ  সৈতেও ফটো তুলিছিল। ফটো উঠাৰ সময়তে বনি কাপুৰে চুপাৰ মডেলগৰাকীৰ কঁকালত  হাত ৰাখিছিল।


View this post on Instagram

A post shared by ? (@bollywoodsfilm)



নেটিজেনৰ এটা অংশই এনেদৰে চুপাৰমডেলৰ শৰীৰত বনিয়ে  হাত দিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বলীউডৰ প্ৰযোজকজনক ব্যাপক হাৰত ট্ৰ'ল কৰা হৈছে। বহুতে লিখিছে  "কাষ্টিং কাউচত বহু ছোৱালীৰ জীৱন ধ্বংস কৰিও বনি কাপুৰৰ যেন হুতাশ পলোৱা নাই", আন কিছুমানে লিখিছে "কামুক বৃদ্ধ, ইংৰাজকো  এৰি যোৱা নিদিলে"। 

উল্লেখ্য  বৰুণ ধাৱানে এদিন মঞ্চত নাচি থাকোতে জিজিক  কোলাত তুলি লৈছিল। হঠাতে তেওঁ জিজিৰ  গালত চুমা খাইছিল। ঘটনাটোৰ ভিডিঅ' বিয়পি পৰাৰ লগে লগে সমালোচনা আৰম্ভ হৈছিল। পিছত দাবী কৰা হৈছিল যে বিষয়টো পূৰ্ব পৰিকল্পিত আছিল। ইফালে, জিজিয়ে কয় যে বৰুণে তেওঁৰ বলীউডৰ সপোন পূৰণ কৰিছে।  এইবাৰ বনিৰ আচৰণকলৈ  লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল