--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰম আৰু ভূৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, ৰবীচন্দ্ৰন অশ্বিনৰ দূৰ্দান্ত বলিঙেৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয়সাব্যষ্ট কৰিলে টীম ইণ্ডিয়াই। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত খেলা টি২০ বিশ্বকাপৰ গ্ৰুপ ২ৰ মেচখনত ৫৬ ৰাণত জয়ী হয় ভাৰত।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৯ ৰাণ। নেদাৰলেণ্ডৰ দুৰ্বল বলিঙৰ বিৰুদ্ধে উজ্বলি উঠে ৰোহিত শৰ্মা (৫৩), বিৰাট কোহলী (৬২) আৰু সূৰ্যকুমাৰ যাদৱ (৫১)। সূৰ্যকুমাৰ যাদৱে মাত্ৰ ২৫ টা বলতে ৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

১৮০ ৰাণৰ লক্ষ্য আগত লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা নেদাৰলেণ্ডক আৰম্ভণিৰে পৰা শলঠেকত পেলায় টীম ইণ্ডিয়াৰ বলিং লাইন আপে। আটাইকেওজন বলাৰেই সুন্দৰ প্ৰদৰ্শন কৰে। ফলত ৯ উইকেটত ১২৩ ৰাণতে ইনিংছ সমাপ্ত হয় নেদাৰলেণ্ডৰ।

টীম ইণ্ডিয়াৰ হৈ ভূৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, অৰ্শদীপ সিং, ৰবীচন্দ্ৰন অশ্বিনে দুটাকৈ উইকেট লাভ কৰে। মহম্মদ ছামীয়ে এটা উইকেট লাভ কৰে।

টীম ইণ্ডিয়াৰ হৈ বেটিং বিক্ৰম প্ৰদৰ্শন কৰা সূৰ্যকুমাৰ যাদৱক মেন অৱ দ্যা মেচ প্ৰদান কৰা হয়। এই বিজয়ৰ দ্বাৰা টীম ইণ্ডিয়াই গ্ৰুপ২ৰ শীৰ্ষত উপনিত হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক