--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰম আৰু ভূৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, ৰবীচন্দ্ৰন অশ্বিনৰ দূৰ্দান্ত বলিঙেৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয়সাব্যষ্ট কৰিলে টীম ইণ্ডিয়াই। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত খেলা টি২০ বিশ্বকাপৰ গ্ৰুপ ২ৰ মেচখনত ৫৬ ৰাণত জয়ী হয় ভাৰত।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৯ ৰাণ। নেদাৰলেণ্ডৰ দুৰ্বল বলিঙৰ বিৰুদ্ধে উজ্বলি উঠে ৰোহিত শৰ্মা (৫৩), বিৰাট কোহলী (৬২) আৰু সূৰ্যকুমাৰ যাদৱ (৫১)। সূৰ্যকুমাৰ যাদৱে মাত্ৰ ২৫ টা বলতে ৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

১৮০ ৰাণৰ লক্ষ্য আগত লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা নেদাৰলেণ্ডক আৰম্ভণিৰে পৰা শলঠেকত পেলায় টীম ইণ্ডিয়াৰ বলিং লাইন আপে। আটাইকেওজন বলাৰেই সুন্দৰ প্ৰদৰ্শন কৰে। ফলত ৯ উইকেটত ১২৩ ৰাণতে ইনিংছ সমাপ্ত হয় নেদাৰলেণ্ডৰ।

টীম ইণ্ডিয়াৰ হৈ ভূৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, অৰ্শদীপ সিং, ৰবীচন্দ্ৰন অশ্বিনে দুটাকৈ উইকেট লাভ কৰে। মহম্মদ ছামীয়ে এটা উইকেট লাভ কৰে।

টীম ইণ্ডিয়াৰ হৈ বেটিং বিক্ৰম প্ৰদৰ্শন কৰা সূৰ্যকুমাৰ যাদৱক মেন অৱ দ্যা মেচ প্ৰদান কৰা হয়। এই বিজয়ৰ দ্বাৰা টীম ইণ্ডিয়াই গ্ৰুপ২ৰ শীৰ্ষত উপনিত হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু