--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ ক্ৰিকেট বিশ্বকাপত পুনৰ অঘটন ঘটিল! শক্তিশালী  পাকিস্তানক পৰাজীত কৰিলে জিম্বাবুৱে’ই। বৃহস্পতিবাৰে খেলা গ্ৰুপ২ৰ মেচখনত মাত্ৰ ১ ৰাণত বিজয়সাব্যস্ত কৰে জিম্বাবুৱে’ই।

টছত জিকাৰ পাছত প্ৰথমে বেটিং কৰি জিম্বাবুৱে’ই আঠ উইকেটত সংগ্ৰহ কৰে ১৩১ ৰাণ। পাকিস্তানী বলিং লাইন আপৰ সমুখত জিম্বাবৱে’ৰ আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয় হয়।

জিম্বাবৱে’ৰ হৈ সৰ্বোচ্চ ৩১ ৰাণ সংগ্ৰহ কৰে ছীন উইলিয়ামছে। আনহাতে পাকিস্তানৰ মহম্মদ ৱাছিমে ৪টা আৰু ছাদাৱ খানে ৩টাকৈ উইকেট লাভ কৰে।

১৩১ ৰাণৰ সহজ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰা পাকিস্তানেও বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ব্যৰ্থ হয় দলটোৰ মূল অস্ত্ৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান। কেৱল ছান মাছুদৰ ৪৪ আৰু মহম্দ নাৱাজৰ ২২ ৰাণৰ বাহিৰে সকলো পাকিস্তানী বেটাৰ ব্যৰ্থ হয়।

শেহৰ অভাৰত শ্বাহৰুদ্ধকৰ হৈ পৰে মেচখনত। ফলত ১২৯ ৰাণতে স্তব্ধ হয় বাবৰ বাহিনীয়ে। জিম্বাবৱে’ৰ হৈ ছিকন্দৰ ৰাজাই ৩টা আৰু ব্ৰেডলী নীল এভান্সে দুটাকৈ উইকেট সংগ্ৰহ কৰে।

উল্লেখ্য যে চলিত বিশ্বকাপত ইয়াৰ পূৰ্বেও দূৰ্বল দল আয়াৰলেণ্ডৰ হাতত পৰাজীত হৈছিল ইংলেণ্ড। আয়াৰলেণ্ডৰ পাছত চমক সৃষ্টি কৰা দল হিচাপে পৰিগণিত হ’ল জিম্বাবৱে’।

আনহাতে, বিশ্বকাপত দুখনকৈ মেচ খেলি বৰ্তমানলৈকে এখনতো বিজয়ৰ মুখ দেখা নাই পাকিস্তানে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছাইয়াৰাৰ নায়িকাৰ নতুন যাত্ৰা ; ৰূপালী পৰ্দাৰ পাছত এইবাৰ OTT-ত অনীত পাদ্দা!
৭০০০ কোটি টকা ব্যয়েৰে ভূপালত অত্যাধুনিক মেট্ৰ’ ৰে’ল ; ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগ
বাংগালোৰত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অসমৰ ছাত্ৰ এলড্ৰিন নাথৰ পুনৰ চমক
ব'ল ব'মৰ নামত ডুমডুমাত উচ্চ প্ৰাবল্য শব্দত ক্ষুণ্ণ বীৰ লাচিত সেনা
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন