--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ ক্ৰিকেট বিশ্বকাপত পুনৰ অঘটন ঘটিল! শক্তিশালী  পাকিস্তানক পৰাজীত কৰিলে জিম্বাবুৱে’ই। বৃহস্পতিবাৰে খেলা গ্ৰুপ২ৰ মেচখনত মাত্ৰ ১ ৰাণত বিজয়সাব্যস্ত কৰে জিম্বাবুৱে’ই।

টছত জিকাৰ পাছত প্ৰথমে বেটিং কৰি জিম্বাবুৱে’ই আঠ উইকেটত সংগ্ৰহ কৰে ১৩১ ৰাণ। পাকিস্তানী বলিং লাইন আপৰ সমুখত জিম্বাবৱে’ৰ আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয় হয়।

জিম্বাবৱে’ৰ হৈ সৰ্বোচ্চ ৩১ ৰাণ সংগ্ৰহ কৰে ছীন উইলিয়ামছে। আনহাতে পাকিস্তানৰ মহম্মদ ৱাছিমে ৪টা আৰু ছাদাৱ খানে ৩টাকৈ উইকেট লাভ কৰে।

১৩১ ৰাণৰ সহজ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰা পাকিস্তানেও বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ব্যৰ্থ হয় দলটোৰ মূল অস্ত্ৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান। কেৱল ছান মাছুদৰ ৪৪ আৰু মহম্দ নাৱাজৰ ২২ ৰাণৰ বাহিৰে সকলো পাকিস্তানী বেটাৰ ব্যৰ্থ হয়।

শেহৰ অভাৰত শ্বাহৰুদ্ধকৰ হৈ পৰে মেচখনত। ফলত ১২৯ ৰাণতে স্তব্ধ হয় বাবৰ বাহিনীয়ে। জিম্বাবৱে’ৰ হৈ ছিকন্দৰ ৰাজাই ৩টা আৰু ব্ৰেডলী নীল এভান্সে দুটাকৈ উইকেট সংগ্ৰহ কৰে।

উল্লেখ্য যে চলিত বিশ্বকাপত ইয়াৰ পূৰ্বেও দূৰ্বল দল আয়াৰলেণ্ডৰ হাতত পৰাজীত হৈছিল ইংলেণ্ড। আয়াৰলেণ্ডৰ পাছত চমক সৃষ্টি কৰা দল হিচাপে পৰিগণিত হ’ল জিম্বাবৱে’।

আনহাতে, বিশ্বকাপত দুখনকৈ মেচ খেলি বৰ্তমানলৈকে এখনতো বিজয়ৰ মুখ দেখা নাই পাকিস্তানে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement